ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীৰ চমক! ২০২৪ চনৰ নিৰ্বাচনলৈ বিজেপিৰ পুনৰ এখোজ, এক নতুন কৌশল…

ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীৰ চমক! ২০২৪ চনৰ নিৰ্বাচনলৈ বিজেপিৰ পুনৰ এখোজ, এক নতুন কৌশল…

আজি দেশৰ ১৬ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচন। পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ আসন কোনো লাভ কৰিব সেয়া কিছু পৰিমাণে স্পষ্ট হৈ পৰিছে। এইবাৰ বিজেপিৰ লক্ষ্য হৈছে ২০২৪ চনৰ লোকসভা নিৰ্বাচন। ইতিমধ্যে বিজেপিয়ে ইয়াৰ বাবে আৰম্ভ কৰিছে অভিযান। এই সন্দৰ্ভত বৰষা শৰ্মাৰ এক বিশেষ প্ৰতিবেদন…

ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ নিৰ্বাচনে চৰকাৰ আৰু বিৰোধীৰ মাজত ৰাজনৈতিক যুঁজ খনৰ স্থিতিৰ এক আভাস দিয়ে। ৰাষ্ট্ৰপতি নিৰ্বাচনতেই কিছু পৰিমাণে ধাৰণা কৰিব পাৰি পৰৱৰ্তী নিৰ্বাচনৰ ফলাফলৰ কথা। তদুপৰি এই নিৰ্বাচনৰ পাছতেই কেইবাটাও আঞ্চলিক দলে শাসকীয় মিত্ৰজোঁটৰ সৈতে ঘূৰি অহাৰ সম্ভাৱনা টাকৰ হৈ পৰে। শেহতীয়াকৈ সমাপ্ত হোৱা ৰাজ্যসভা নিৰ্বাচনত এন ডি এৰ চতুৰ কৌশলৰ বাবে বা আন কাৰণেতেই হওক কাৰ্যকৰীভাৱে তিনিখন অতিৰিক্ত আসন কাঢ়ি লোৱাত সহায় কৰিছিল আৰু বিৰোধীয়ে পুনৰ এক মোক্ষম আঘাত পাইছিল।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে পুনৰ খুপনি পুতিবলৈ ইতিমধ্যে অনুশীলন আৰম্ভ কৰিছে। ইয়াৰ প্ৰায়কেইটা চমক হাইদৰাবাদত হোৱা বিজেপিৰ কাৰ্যবাহী সভা, ৰাজ্যসভা নিৰ্বাচন আৰু ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত দেখিবলৈ পাইছো।

প্ৰধানমন্ত্ৰীৰ নেতৃত্বত  মোডী কি তোলী (মোডীৰ এটা দলে) প্ৰচাৰ অভিযান চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰি Modi@20′  সমিতিও গঠন কৰিছে।  বিজেপিয়ে আজিলৈকে জয় লাভ নকৰা ৭০ খন লোকসভা আসন আৰু অতীতত দলটোৱে দুৰ্বল প্ৰদৰ্শন কৰা দেশৰ প্ৰায় ৭৬,০০০ নিৰ্বাচনী কেন্দ্ৰৰ ওপৰত গুৰুত্ব দিব।

২০২৪ চনৰ নিৰ্বাচনৰ বাবে গঠন হোৱা দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰচাৰ অভিযানত গুৰুত্ব প্ৰদান কৰিব আৰু ২০২৪ ত অভিযান কেনে হ'ব লাগিব তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব ।বিজেপিৰ একাংশ নেতাৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দলটোৰ এখন সবাতোকৈ জনপ্ৰিয় মুখ যাৰ বাবে ভোটাৰক ভোট ভিক্ষা কৰাত সেয়াই সহায় কৰে।মোডীয়ই সহায় কৰিছিল পূৰ্বৰ নিৰ্বাচনত জয়লাভ কৰাত।

modi@20 সমিতি খনে প্ৰধানমন্ত্ৰীৰ ২০ বছৰীয়া যাত্ৰাৰ ওপৰত চৰ্চা কৰিব। এই সময়চোৱাত তেওঁ গুজৰাট আৰু দেশত নেতৃত্ব দিছিল। এই চৰ্চা কিছুদিন পূৰ্বে প্ৰকাশিত  modi@20- dreams meet delivery  ৰ ওপৰত আধাৰিত হ'ব।

নিৰ্বাচনলৈ ২ বছৰতকৈও কম সময় আছে। যাৰ বাবে বিজেপিয়ে  ৭০ খন লোকসভা আসনৰ ওপৰত অধ্যয়ন কৰি আছে য'ত আজিলৈকে বিজেপিয়ে জয় লাভ কৰিবলৈ সক্ষম হোৱা নাই।আৰু এই আসন সমূহ দক্ষিণ আৰু পশ্চিম ভাৰতৰ। ইতিমধ্যে এই ৰাজ্য সমূহৰ ওপৰত বিজেপিয়ে কাম কৰা আৰম্ভ কৰি দিছে।

বিজেপিয়ে চলে বলে কৌশলে হওক ভাৰতত শাসন কৰিবলৈ প্ৰয়াস কৰি গৈছে। পশ্চিমবংগৰ নিৰ্বাচনৰ সময়তো বিজেপিয়ে যথেষ্ঠ কষ্ট কৰিছিল যদিও সফলতা লাভ কৰিবলৈ সক্ষম নহ'ল। বিজেপিৰ এই চেষ্টা দেখা গৈছে মহাৰাষ্ট্ৰ ক্ষেত্ৰত। মহাৰাষ্ট্ৰত চলে বলে কৌশলে বিজেপিয়ে নিজৰ স্থিতি মজবুট কৰিলে।

এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনতো বিজেপিয়ে এক কূটনৈতিক খেল খেলা পৰিলক্ষিত হয়।  এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মক একাংশ বিৰোধী দল, নেতাই ভোটদান কৰিব বুলি চৰ্চা হৈ আছিল। গতিকে বিজেপিক শাসনৰ পৰা আঁতৰাব খুজিলেও একাংশ বিৰোধীয়েই সমৰ্থন কৰি গৈছে এন ডি এক।

যি সময়ত বিৰোধিৰ স্থিতি মজবুত হ'ব বুলি আশা কৰা হৈছিল তেনে স্থলত বিৰোধিক হাতৰ মুঠিত ৰাখি বিজেপিয়ে খেলিলে নিৰ্বাচন। এন ডি এ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্ম জনগোষ্ঠীয় মহিলা হোৱাৰ বাবে তেওঁক একাংশই ভোট দিয়াৰ কথা ব্যক্ত কৰে।

এই ৰাষ্ট্ৰপতি নিৰ্বাচনে বহু পৰিমাণে স্থিতি স্পষ্ট কৰিব ২০২৪ চনৰ নিৰ্বাচনৰ ফলাফলত। বিৰোধী দুৰ্বল হ'লে অনাসয়ে বিজেপিয়ে গ্ৰাস কৰিব বিৰোধীক। এতিয়া একাংশ আঞ্চলিক দলকো লক্ষ্য কৰি লৈছে বিজেপিয়। অৱশ্যে ৰাষ্ট্ৰপতি নিৰ্বাচনত জনতাই প্ৰত্যক্ষভাৱে ভোটদান নকৰে।

২০০৪ চনৰ পুনৰাবৃত্তি কংগ্ৰেছৰ বাবেও সম্ভৱ নেকি? হয়তো এটা চৰ্তত এয়া সম্ভৱ হ'ব পাৰে- মোডী, শ্বাহ আৰু গান্ধী ভাই-ভনী সকলক ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আঁতৰাওক, আৰু হয়তো তেতিয়া কংগ্ৰেছে উভতি আহিবলৈ সক্ষম হ'ব পাৰে। শাসন আৰু ৰাজনীতিত মোডী-শ্বাহৰ বিশাল উপস্থিতিৰ বাবে কংগ্ৰেছ ক্ৰমে বিকলাঙ্গ, লগতে ভাই-ভনী যুটিৰ দ্বাৰাও।

কেৱল বিৰোধীৰ লগতে নহয়, বিজেপিয়ে, জনতাৰ লগতো খেলিছে খেল। জনতাক হাতৰ মুঠিত ল'বলৈ কৰি গৈছে এটাৰ পাছত আনটো চেষ্টা। বিভিন্ন সময়ত হিতাধিকাৰীৰ সৃষ্টি কৰি জনতাৰ মন জয় কৰাৰ চেষ্টা কৰিছে।

বিনামূলীয়া চাউল, বিনামূলীয়া ঘৰ, মাহিলী টকা আদি দি জনতাক হাতৰ মুঠিত সোমাই পৰিছে। জনতাক কেনেদৰে ক'ত ব্যস্ত ৰাখিব লাগে চৰকাৰে জানে। সেয়ে বহু সময়ত কিছুমান অতি স্পৰ্শকাতৰ ইচ্ছ্যু আৰম্ভ হোৱাৰ আগতেই সমাপ্ত হোৱাৰ দেখা যায়।

চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰি গৈছ, জনতাই আঁতৰি গৈছে মূল সমস্যা সমূহৰ পৰা। গতিকে চৰকাৰ এখনক আৰু লাগে কি। দেশত বৰ্ধিত হাৰত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা, দেশত টকাৰ মূল্য ডলাৰৰ বিপৰীতে কমি গৈছে, মুঠতে দেশত হাজাৰটা সমস্যা। কিন্তু এই ক্ষেত্ৰত সজাগ নহয় একাংশ জনতা। কিয়নো চৰকাৰে পতা জালখনত তেওঁলোকে আৱদ্ধ হৈ গৈছে।

বৰ্তমান দেশত মূল সমস্যা হৈ পৰিছে মূল্যবৃদ্ধি। নিত্য ব্যৱহৃত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক। এফালে বস্তুৰ দাম বৃদ্ধি কৰিছে আনফালে হিতাধিকাৰী সৃষ্টি কৰি অনুদান দিছে। যাৰ বাবে একাংশ জনতা হয়তো সুখীও আছে। যিটো সময়ত সামাজিক মাধ্যমত দিয়া মন্তব্যৰ বাবে জনতা বাহিৰলৈ ওলাই অহা দেখা যায় তেনে ক্ষেত্ৰত মূল্যবৃদ্ধিৰ দৰে সমস্যাত হাত সাৱটি বহি থকা দেখা যায়। এয়াই হৈছে দেশৰ জনতা, বিৰোধী আৰু শাসকপক্ষৰ স্থিতি। হয়ত এই ধাৰা চলি থাকিব। ২০২৪ বাবে আৰু বিজেপিয়ে আনিব নতুন কৌশল আৰু হয়তো শক্তিশালী বিৰোধী অৱিহনেই বিৰোধীয়ে এক চমক দেখুৱাব…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in