Advertisment

গাঁওবাসী ভীষণ ব্যস্ত...

গাঁৱত এতিয়া উখল-মাখল পৰিৱেশ। ৰাতিপুৱাৰে পৰা ৰাতিলৈ এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে অসমৰ গ্ৰামাঞ্চলত। বিহু নাইবা অন্য কোনো জাতীয় উৎসৱৰ সময়ত যেনে পৰিস্থিতিৰ

author-image
Asomiya Pratidin
New Update
তকত

কৰক

ডিম্পুল বৰগোহাঁই

Advertisment

গাঁৱত এতিয়া উখল-মাখল পৰিৱেশ। ৰাতিপুৱাৰে পৰা ৰাতিলৈ এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে অসমৰ গ্ৰামাঞ্চলত। বিহু নাইবা অন্য কোনো জাতীয় উৎসৱৰ সময়ত যেনে পৰিস্থিতিৰ সৃষ্টি হয়, ঠিক একেই পৰিৱেশ এতিয়া গাঁওবোৰত। অসমীয়াৰ হেপাঁহৰ ভোগালী বিহু পদুলি মুখত যদিও গ্ৰামাঞ্চলত কিন্তু বিহুতকৈ অন্য এক কাৰনতহে এই পৰিৱেশৰ সূচনা হৈছে।

অসমীয়া প্ৰতিদিন ডিজিটেলৰ প্ৰতিনিধিয়ে শেহতীয়াকৈ কেইবাখনো গাঁৱত এক ক্ষেত্ৰভিত্তিক অধ্যয়ন চলাইছিল। এই অধ্যয়নত দেখা গ’ল, অসমৰ প্ৰায়বোৰ গ্ৰামাঞ্চলত এতিয়া চৰকাৰী আঁচনিক লৈ সৃষ্টি হৈছে উদুলি-মুদুলি পৰিৱেশৰ। নামনিৰ তুলনাত উজনি অসমত এই ব্যস্ততা তুলনামূলকভাৱে বেছি। আনফালে এই পৰিৱেশত পুৰুষতকৈ মহিলাসকলৰ অংশীদাৰিত্ব অধিক। 

চৰকাৰী বিভিন্ন আঁচনিৰ কেনেকৈ হিতাধিকাৰী হব পাৰি তাক লৈ গাঁৱে গাঁৱে এতিয়া সঘনাই বহিছে মেল-মিটিং। চৰকাৰীভাৱে এই মিটিং আয়োজন কৰাৰ বিপৰীতে শাসকীয় দল আৰু বিৰোধী দলসমূহেও আঁচনিৰ পোৱা-নোপোৱা আৰু সুবিধা-অসুবিধাক লৈ চোতালে চোতালে মেল বহাইছে। সকলো কথা পুংখানুপুংখভাৱে বুজিবলৈ কাম-বন একাষৰীয়া কৰি মেলত ভাগ লৈছে গাওঁবাসীয়ে। অৱশ্যে এই মেলসমূহত মহিলাৰ অংশগ্ৰহণ বেছি। 

কোনোবাই পাছপৰ্ট চাইজত ফটো তুলিছে, কোনোবাই মাটিমাহৰ খেতিত গৈ ফটো তুলিছে।  আধাৰ কাৰ্ডৰ সৈতে বেংক একাউন্টৰ লিংক, চিলিণ্ডাৰ পোৱা কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক ইত্যাদি ইত্যাদি কামক লৈ ভীষণ ব্যস্ত এতিয়া সকলো। গাঁৱত এতিয়া মুঠতে কেওফালে ব্যস্ততাৰ শেষ নাই। 

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ তথা বিজেপি দলেও বিচাৰিছিল যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ আগত এনে এক উদুলি-মুদুলি পৰিৱেশ ৰাজ্যত গঢ় লৈ উঠক। অৱশ্যে ৰাজনৈতিক দৃষ্টিকোণৰ পৰা নাচাই সাধাৰণভাৱে চালে চৰকাৰী আঁচনিক লৈ গ্ৰামাঞ্চলৰ এই সক্ৰিয়তাক ইতিবাচক বুলিয়ে গণ্য কৰিব পাৰি। কিন্তু ইয়াৰ মাজতো ৰাজনীতি থাকিবই। 

হিমন্ত বিশ্ব শৰ্মাই নিজে বিচাৰিছিল যে পঞ্চায়ত নিৰ্বাচনৰ আগত ৰাজ্যত চৰকাৰী আঁচনিসমূহক লৈ এনে এক পৰিস্থিতিৰ সৃষ্টি হওঁক। সেয়েহে ২০২৪ৰ ছেপ্তেম্বৰ মাহতে ৰাজ্যৰ সকলো বিভাগক  মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিছিল যে, যিকোনো প্ৰকাৰে ২০২৪ৰ শেষৰফালে সকলো আঁচনি ৰূপায়ন হব লাগে। জনতাই সেই আঁচনিসমূহ লাভ কৰাৰ পাছতহে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত নামিব বুলিও সকলোকে স্পষ্টভাৱে জনাই দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীৰ সেই নিৰ্দেশক সৰোগত কৰিয়েই আগবাঢ়িছে সকলো। তেওঁ বিচৰা ধৰণেই ৰাজ্যত চৰকাৰী আঁচনিসমূহক লৈ এক উতসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমি নিজে উজনিৰ কেইবাখনো গাঁৱত সেই দৃশ্য স্বচক্ষুৰে প্ৰত্যক্ষ কৰিলো। আনহাতে এই পৰিৱেশত অধিক ইন্ধন যোগালে মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ গ্ৰহণ কৰা বিকাশৰ ১২দিন শীৰ্ষক কাৰ্যসূচীয়ে।

নকলেও সকলোৱে বুজি পাব যে, আগন্তুক পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই বিজেপি চৰকাৰে এই পৰিৱেশৰ সূচনা কৰিব বিচাৰিছে আৰু বহুদূৰ সফলো হৈছে। মুঠৰ ওপৰত,  গ্ৰামাঞ্চলৰ প্ৰত্যোককে সন্তুষ্ট কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বদ্ধপৰিকৰ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কোনো এগৰাকী হিতাধিকাৰীয়ে পাপ্য আঁচনিৰ পৰা বঞ্চিত নহয় তাৰ বাবে সৰ্তকতাৰে আয়ুক্তসকলক কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কেৱল এয়াই নহয়, ডিচেম্বৰৰ পৰা ২৫ৰ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত বাজেট ঘোষণ অনুসৰি হিতাধিকাৰীয়ে আঁচনি অনুসৰি নগদ ধন আৰু সামগ্ৰী পোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে অসম চৰকাৰে। প্ৰাপ্ত খবৰ অনুসৰি, প্ৰতিগৰাকী হিতাধিকাৰীৰ সৈতে সম্পৰ্ক স্থাপন কৰি আঁচনি অনুসৰি নগদ ধন আৰু সামগ্ৰী পোৱাৰ পাছতহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাব।

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ মহিলা আত্মসহায়ক গোটৰ ৩২লাখ সদস্যক ১০হাজাৰ টকাকৈ প্ৰদান কৰা হব। এই ধনৰাশি প্ৰতিগৰাকী মহিলাই যাতে ডিচেম্বৰ মাহৰ ভিতৰতে পায়, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। ২৫ৰ ফ্ৰেব্ৰুৱাৰী মাহৰ ভিতৰত বাণীকান্ত কাকতি মেধা বঁটাপ্ৰাপকসকলৰ ৪৮হাজাৰ ৬৭৩গৰাকী গৰাকীয়ে লাভ কৰিব স্কুটাৰ। আনন্দৰাম বঁটাপ্ৰাপকসকলৰ ২৬,৯৬৯গৰাকী যোগ্য বিবেচিত শিক্ষাৰ্থীসকলৰ মাজত ৩৪.৩৮কোটি টকাৰ সামগ্ৰী বিতৰণ কৰা হব পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে।

আনফালে মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ বাবে যোগ্য বিবেচিত ৩,২৪,৬৪০গৰাকী শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰা হব। লগতে প্ৰজ্ঞান ভাৰতীৰ মাচুল ৰেহাই হিচাপে ৯৪,৮৩৮গৰাকী শিক্ষাৰ্থীৰ মাজত ৬৮.৪৪কোটি টকা বিতৰণ কৰা হব। মুঠৰ ওপৰত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বাজেটত ঘোষণা কৰা সকলো হিতাধিকাৰীকেন্দ্ৰিক আঁচনিৰে মুখ্যমন্ত্ৰীয়ে গ্ৰামাঞ্চলৰ প্ৰতিজন ভোটাৰৰ ওচৰ চাপিবলৈ বিচাৰিছে।

গ্ৰামাঞ্চলৰ মহিলাসকলৰ ওচৰ চাপিবলৈ চৰকাৰে শেহতীয়াকৈ মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে ৫০০কোটি টকাৰ প্ৰস্তাৱ লৈছিল। উক্ত পুঁজি ঋণ ৰেহাইৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই বিতৰণ কৰাৰ পৰিকল্পনা কৰিছে বিজেপি চৰকাৰে। ২০২৩আৰু ২০২৪চনৰ জুন-জুলাই মাহত বানাক্ৰান্ত কেইবাহাজাৰ পৰিয়ালে চৰকাৰী নিয়ম অনুসৰি  ক্ষতিপূৰণৰ বাবে আবেদন কৰিছিল। সেই প্ৰায় ৬লাখ আবেদনকাৰীক শেহতীয়াকৈ সাহায্য প্ৰদান কৰিছে বিজেপি চৰকাৰে। 

যোৱা বহুকেইটা নিৰ্বাচনত বিজেপিয়ে অৰুণোদয় আঁচনিক প্ৰচাৰৰ সময়ত বিশেষ ভাৱে উল্লেখ কৰি আহিছে। আগন্তুক পঞ্চায়ত নিৰ্বাচনতো বিজেপিয়ে অৰুণোদয় আঁচনিক পাশুপাত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব। ৰাজ্যৰ ২৭লাখ হিতাধিকাৰীয়ে যাতে সময়মতে ধন লাভ কৰে সেয়া নিশ্চিত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে বিত্ত বিভাগক নিৰ্দেশ দিছে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৪০লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে চৰকাৰে।

শেহতীয়াকৈ সুলভ-মূল্যৰ দোকানত  ৰেচন কাৰ্ড থকা পৰিয়ালক চেনি আৰু দাইল বিতৰণৰো প্ৰস্তাৱ লৈছে চৰকাৰে। বিগত ১২দিনত হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ২০লাখ লোকক নতুন ৰেচন কাৰ্ড প্ৰদানৰ কাৰ্যসূচীও সমাপ্ত কৰিলে। মুঠৰ ওপৰত চৰকাৰে নিৰ্বাচনৰ প্ৰাকমূৰ্হূতত হিতাধিকাৰী আঁচনিৰ প্ৰসাৰ ঘটাই বিৰোধীক প্ৰতিহত কৰাৰ জোৰদাৰ অভিযান আৰম্ভ কৰিছে। 

আঁচনি তথা হিতাধিকাৰী সৃষ্টিৰ এই প্ৰক্ৰিয়াৰ আঁৰে আঁৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো প্ৰকাৰে সাজু হবলৈ কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাসহ ১৪কেবিনেট মন্ত্ৰীক সাংগাঠনিক জিলাসমূহৰ দায়িত্ব ভগাই দিয়া হৈছে। অশোক সিংহলক বজালী, মৰিগাওঁ, পৱিত্ৰ মাৰ্ঘেৰিটাক ধুবুৰী, জয়ন্ত মল্লক বঙাইগাওঁ-দক্ষিণ কামৰূপ- উত্তৰ কামৰূপ, চন্দ্ৰমোহন পাটোৱাৰীক বৰপেটা-গোৱালপাৰা- দক্ষিণ শালমৰা-মানকাছৰৰ দৰে সাংগাঠনিক জিলাৰ দায়িত্ব অৰ্পন কৰা হৈছে।

ঠিক তেনেদৰে উজনিত প্ৰশান্ত ফুকনক চৰাইদেউ- শিৱসাগৰ,  যোগেন মহনক মাজুলী-তিনিচুকীয়া,  ডাঃ ৰণোজ পেগুক ডিব্ৰুগড়, লখিমপুৰ, বিমল বৰাক যোৰহাট-গোলাঘাটৰ দায়িত্ব অৰ্পন কৰা হৈছে। ঠিক তেনেদৰে ন মন্ত্ৰী ৰূপেশ গোৱালাক ঢকুৱাখনা আৰু ধেমাজিৰ দায়িত্ব দিয়া হৈছে।

এনেদৰেই এতিয়া গ্ৰামাঞ্চলত আঁচনিক লৈ বিজেপি চৰকাৰে এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি কৰিছে। ৰাইজে যদিও এই আঁচনিসমূহ লাভ কৰিছে তাৰ সমান্তৰালভাৱে পঞ্চায়ত নিৰ্বাচনক লৈ খেলিব লগা খেলখন বিৰোধীতকৈ আগতীয়াকৈ খেলি দিছে বিজেপিয়ে। বিৰোধীৰো মুখ বন্ধ, কিয়নো চৰকাৰী এই আঁচনি সমূহৰ বিৰোধিতা কৰিলে তেওঁলোকৰ ভোটবেংকতো আহিব পাৰে খহনীয়া! এয়াই এতিয়া গাঁৱৰ পৰিৱেশ, চাৰিওফালে কেৱল উদুলি-মুদুলি, যেন বিহুহে আহিল...

 

বিজেপি