প্ৰধানমন্ত্ৰীৰ কৃষি সিচাই যোঁজনাই জলসিঞ্চনৰ কাৰ কাৰ পকেটলৈ সিচিছে ধন…

প্ৰধানমন্ত্ৰীৰ কৃষি সিচাই যোঁজনাই জলসিঞ্চনৰ কাৰ কাৰ পকেটলৈ সিচিছে ধন…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল ঈশানকোণত থকা অষ্টলক্ষী যিমানে সমৃদ্ধিশালী হ'ব, সিমানেই শক্তিশালী হ'ব ভাৰতবৰ্ষ। এই লক্ষ্য সন্মুখত ৰাখিয়েই অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ আৰু সমৃদ্ধি শালী কৃষি ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ পৰিকল্পনাৰ কথাও তেওঁ কৈছিল। ক্ষমতালৈ অহাৰ পাছত ইয়াক ৰূপায়ন কৰাৰ স্বাৰ্থতে গ্ৰহণ কৰা বহুবোৰ কৃষি সম্পৰ্কীয় আঁচনিৰ ভিতৰত এখন অভিলাসী আঁচনি আছিল প্ৰধানমন্ত্ৰী কৃষি খিচাই যোঁজনা। যাৰ মাধ্যমত অসমৰ শস্যৰ পথাৰত ৬ লক্ষাধিক অগভীৰ নলী নাদৰ জলসিঞ্চন আঁচনিৰ প্ৰতিষ্ঠাৰে বছৰৰ ১২ মাহেই শস্যভূমিক সেউজীয়া কৰি ৰখাৰ স্বপ্ন দেখিছিল প্রধানমন্ত্ৰীগৰাকীয়ে। কিন্তু সেই কৃষি খিচাই যোঁজনা একাংশ লুটপাত কাৰী বিষয়া-অভিযন্তাৰ কৱলত পৰি অসমত এতিয়া পকেটলৈ ধন খিচা যোঁজনাত পৰিণত হৈছে। যাৰ ওপৰত ভিত্তি কৰিয়েই এক বিশেষ প্ৰতিবেদন।

২০১৪চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী সভাত ভাগ হৈছিল প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বাৰে বাৰে তেওঁ কৈছিল- অষ্টলক্ষী ঈশানকোণ অৰ্থাৎ উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধিৰ কথা। অধিক স্পষ্ট কৰি অসম তথা উত্তৰ পূবক জৈৱ কৃষি উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ আৰু সমৃদ্ধিশালী ৰূপে গঢ়ি তোলাৰ উপৰি এই অঞ্চলৰ মানুহৰ স্বাস্থ্য, শিক্ষা, অনাময় বিশুদ্ধ খোৱাপানী আৰু যোগাযোগ ব্যৱস্থাৰ অভূতপূৰ্ব কল্যাণ  সাধনাৰে বিশেষকৈ অসমৰ চেহেৰা সলনি কৰি দিয়াৰ প্ৰতিশ্ৰুতিও দিছিল।

সেই মতে, ক্ষমতালৈ অহাৰ পাছত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ কৃষি, শিক্ষা, স্বাস্থ্য, জনস্বাস্থ্য আৰু দৰিদ্ৰ কৃষকৰ বাবে বিশেষ বিশেষ কিছু অভিলাসী যোঁজনাও ঘোষণা কৰিছিল। তাৰে এখন যোঁজনাৰ নাম আছিল প্রধানমন্ত্ৰী কৃষি খিচাই যোঁজনা চমুকৈ পিএমকেএছৱাই। এই যোঁজনাৰ অধীনত অসমৰ শস্যৰ পথাৰত সৌৰশক্তি চালিত বৈদ্যুতিক চেল'টিউবেল স্থাপনেৰে জলসিঞ্চনৰ সমস্যা দূৰ কৰি বছৰৰ ১২ মাহেই কৃষকৰ পথাৰ সেউজীয়া কৰি ৰখাৰ পৰিকল্পনা কৰা হৈছিল। এই প্ৰসংগতে উল্লেখ কৰা ভাল যে, স্বাধীনতাৰ ৭০ বছৰ উকলি যোৱাৰ পাছতো অসমত জলসিঞ্চন বিভাগে মুঠ কৃষি ভূমিৰ ৫ শতাংশ এলেকাতো জলসিঞ্চনৰ ব্যৱস্থা কৰিব নোৱাৰিলে। অথচ বিগত সময়ত লক্ষাধিক জলসিঞ্চন আঁচনিৰ নামত ১ লাখ কোটিৰো অধিক টকা ইয়াৰ নামত ব্যয় কৰা হ'ল। এনে পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীৰ নামত ঘোষিত পিএমকেএছৱাই আঁচনিখনৰ জৰিয়তে নতুনকৈ পথাৰত সংস্থাপনৰ সপোন দেখা উঠি অহা প্ৰজন্মৰ কৃষকসকলে এক পোহৰৰ বাট দেখিছিল।

ৰাজ্য চৰকাৰে প্রথম পৰ্যায়ত ১৪খন জিলাৰ ২৫টা কৃষি সংমণ্ডলৰ অধীনত সৰ্বমুঠ ৪৭৭৯টা অগভীৰ নলী-নাদযোগে পানী যোগান প্ৰকল্প স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে ৰূপায়ন কৰিব লগা এই আঁচনিৰ প্ৰথম কীস্তি হিচাপে যোৱা বছৰ সমূহত দিয়া টকাৰ কথাতো বাদেই বিগত বৰ্ষতো ২০০ কোটি টকা জলসিঞ্চন বিভাগক প্ৰদান কৰা হয়। কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে, গোটেই যোঁজনাখনৰ অধীনত ৬লাখ বৈদ্যুতিক অগভীৰ নলী-নাদ স্থাপনেৰে ক্ষুদ্ৰ জলসিঞ্চন আঁচনি ৰূপায়নৰ বাবে প্ৰতিখন আঁচনিৰ বিপৰীতে ধাৰ্য কৰা ৪ লাখ ৫০ হাজাৰ টকাকৈ মুঠ আঁচনিৰ এক বৃহৎ অংশৰ  অনুমোদনো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিভাগটোৱে লাভ কৰিছিল।

ইফালে, এই বৃহৎ পুঁজিৰ সিংহভাগ ভগাই খোৱাৰ স্বাৰ্থতে জলসিঞ্চন বিভাগৰ শীৰ্ষ আমোলা, অভিযন্তাৰ সন্মিলিত চক্ৰ এটাই কীস্তিৰ ভিত্তিত কাম নোহোৱাকৈয়ে কাম কৰা দেখুৱাই কেন্দ্ৰীয় চৰকাৰৰ পৰা ধন সংগ্ৰহ কৰিবলৈ লয়। এই ক্ষেত্ৰত বিভাগীয় সচিবগৰাকীয়ে সেনাপতি ৰূপে সমস্ত পৰিকল্পনা ৰূপায়নৰ দায়িত্ব প্ৰদান কৰে মনেশ্বৰ ডেকা নামৰ এগৰাকী কনিষ্ঠ পৰ্যায়ৰ অভিযন্তাক। তেওঁলোকৰ মন্ত্ৰণা মতেই বিভাগীয় মুখ্য অভিযন্তাক আঁতৰত থৈ প্ৰথম কীস্তিৰ ২০০ কোটি টকাৰ কাম নকৰাকৈয়ে পুনৰ ১৮৭ কোটি টকা মোকলাই আনে। বিভাগীয় এক তথ্য অনুসৰি, ৬লাখ অগভীৰ নদী-নাদ স্থাপনৰ আঁচনিখনৰ মাত্ৰ ৪০৫টা বৈদ্যুতিক আৰু ১৪৪৫টা সৌৰচালিত অগভীৰ নলী-নাদ পুতিবলৈ সক্ষম হৈছে বিভাগটো। ইফালে, এনেদৰেই ২০০ কোটি টকাৰ সিংহভাগ সৰকাই লোৱাৰ লগতে দ্বিতীয় কীস্তিৰ নামত কেন্দ্ৰৰ পৰা মোকলাই অনা ১৮৭ কোটি টকাৰো অধিক পৰিমানৰ ধন বিশেষ কেইজন মান ঠিকাদাৰৰ মাধ্যমত কিদৰে সৰকাই নিব পাৰি তাৰ পৰিকল্পনা চানমাৰীস্থিত কাৰ্যালয়টোৱে ইতিমধ্যে চূড়ান্ত কৰি তুলিছে।

জানিব পৰা মতে, এই ক্ষেত্ৰত বিভাগটোৰ দায়িত্বত থকা পূৰ্বৰ মন্ত্ৰী এগৰাকীয়েই বিভিন্ন পৰামৰ্শ আৰু পৰিকল্পনাৰ নক্সা তৈয়াৰ কৰি দি এই চক্ৰটোক প্ৰয়োজনীয় সহায় আগবঢ়াইছে। নৱগঠিত চৰকাৰৰ জলসিঞ্চন বিভাগৰ দায়িত্ব লাভ কৰা অশোক সিংঘলে এই লুটপাত কিদৰে প্ৰতিৰোধ কৰে বা ইয়াত জড়িত চক্ৰটোৰ ওপৰত কেনে ব্যৱস্থা লয় সেয়া অৱশ্যে লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in