মদনপুৰৰ টোলগেটৰ ১৩ গৰাকী কৰ্মচাৰী কোভিড আক্ৰান্ত…

মদনপুৰৰ টোলগেটৰ ১৩ গৰাকী কৰ্মচাৰী কোভিড আক্ৰান্ত…

ডিজিটেল সংবাদ, দুমুনিচকী: কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰস্থিত টোলগেটৰ পুৰুষ মহিলাকে ধৰি ১৮০ গৰাকী কৰ্মচাৰীৰ ভিতৰত ১৩ গৰাকী কৰ্মচাৰী কোভিড পজিটিভ বুলি চিনাক্ত কৰা হয়। দেওবাৰেও কমলপুৰৰ ৰাজহ চক্ৰ বিষয়া জেনিফাৰ ইয়াছমিনৰ উদ্যোগত কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ তৰফৰ পৰা যোৱা চিকিৎসকৰ দলটোৱে ১৮০ গৰাকী কৰ্মচাৰীৰ কোভিড পৰীক্ষা কৰে ।

পৰীক্ষাৰ প্ৰতিবেদন মৰ্মে টোলগেটৰ ৭ গৰাকী পুৰুষ আৰু ৬ গৰাকী মহিলা কৰ্মচাৰীৰ কোভিডত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয়। আক্ৰান্ত স্থানীয় যুৱক কেইজন ক্ৰমে- ৰাতুল ডেকা,  নিপেন ৰাজবংশী, বিৰাজ ডেকা, জোন ডেকা, নৱ ডেকা, কেশৱ নাথ আৰু ঋতু ডেকা বুলি জানিব পৰা গৈছে। আক্ৰান্ত আটাই কেইজনকে হোম আইচুলেছনৰ ব্যৱস্থা গ্ৰহণ কৰি বাকী ৬ গৰাকী মহিলা আৰু এজন যুৱকক কোভিড কেয়াৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হোৱা বুলি চিকিৎসকৰ পৰা জানিব পৰা গৈছে। ইফালে ১৩ গৰাকী কৰ্মচাৰী কোভিড আক্ৰান্ত বুলি জানিব পাৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মদনপুৰস্থিত টোলগেটতো ছেনিটাইজ কৰোৱা হোৱা বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in