তথ্য নুলুকোৱাবঃ কোভিডোত্তৰ পৰিস্থিতি কিয় বিপদজনক, সজাগ হওঁক…

তথ্য নুলুকোৱাবঃ  কোভিডোত্তৰ পৰিস্থিতি কিয় বিপদজনক, সজাগ হওঁক…

কোভিড ভাইৰাছৰ ১৭বছৰীয়া ত্ৰাসত এতিয়াও কম্পমান বিশ্ব। আমাৰ দেশত আৰম্ভণি পৰ্বতেই ব্যৱহাৰ হোৱা সামাজিক দুৰত্ব, লকডাউন কন্টেইনমেন্ট আৰু সান্ধ্য আইনতে এতিয়াও সীমাৱদ্ধ কিয় কোভিড প্ৰতিৰোধী অভিযান। ভয়ংকৰ ভাইৰাছৰ ইতিহাসে কি কয়? ভৱিষ্যত সন্দৰ্ভত কেনেকৈ আহিব গণ সজাগতা? তাৰ ওপৰতে যুগুটোৱা এক বিশেষ প্ৰতিবেদনৰ প্ৰথম খণ্ড

তথ্য নুলুকোৱাবঃ কোভিডোত্তৰ পৰিস্থিতি কিয় বিপদজনক, সজাগ হওঁক…

বিশ্বত্ৰাস কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হোৱা ভাৰতৰ মুঠ ২কোটি ৯১লাখ ৮৩হাজাৰ ১২১গৰাকী লোক। ইয়াৰে বৰ্তমানলৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ৩লাখ ৫৯হাজাৰ ৬৭৬গৰাকী। শতকৰা হিচাপত কোভিড আক্ৰান্তৰ মৃত্যুৰ হাৰ আমাৰ দেশত এতিয়াও অত্যাধিক হৈ উঠা নাই যদিও কেইখনমান প্ৰদেশত এই হাৰ এতিয়াও উদ্বেগজনক।

কোভিডৰ ইতিহাস, ২০১৪চনত মৃত্যু হৈছিল ৪০শতাংশ আক্ৰান্ত-

বিশ্বৰ ২২০খন দেশত সংক্ৰমিত হোৱা কোভিড-১৯ৰ উৎপত্তি স্থল চীনৰ য়ুহানৰ এক গৱেষণা কেন্দ্ৰ বুলি চৰ্চিত হৈ আহিলেও বিগত দুবছৰত এই চৰ্চাক প্ৰমাণিক তথ্যৰে চূড়ান্ত কৰিব পৰা হোৱা নাই। যি নহওক, কোভিডত আক্ৰান্ত হোৱা ২২০খন দেশৰ ১৭৫,১৭১,০৩৮লোকৰ ভিতৰৰে বৰ্তমানলৈকে মৃত্যু হোৱা লোক সংখ্যা ৩, ৭৭৬,৯৮৮।

চাবলৈ গলে এই হাৰো কোভিডৰ পূৰ্বৰ ইতিহাসৰ তুলনাত কম যদিও বহু উন্নত দেশে নিজৰ ব্যৰ্থতা ঢাকিবলৈ মৃত লোকৰ প্ৰকৃত তথ্য গাপ দিয়া বুলি আৰম্ভণিৰ পৰাই অভিযোগ উত্থাপিত হৈ আহিছে। চীনত ট্ৰান্স খান্দি হাজাৰ হাজাৰ লোকৰ পুঁতি পেলোৱা আমাৰ দেশৰো প্ৰয়াগৰ দৰে পৱিত্ৰ তীৰ্থক্ষেত্ৰত কেইবাহাজাৰ লোৰৰ অৰ্ধগলিত লোকৰ মৃতদেহ ওলোৱা আদি ঘটনাক লৈ এনে চৰ্চা চলি আহিছে।

দুভাৰ্গ্যৰ কথাটো হ'ল, ২০০৩চনতে বিশ্বত ভুমুকি মৰা কোভিডৰ সংক্ৰমণৰ পৰা মানৱক অথবা অন্যান্য প্ৰাণীক ৰক্ষা কৰাৰ ক্ষেত্ৰত অতি উন্নত দেশসমূহৰ গৱেষণা এতিয়ালৈকে ১০০শতাংশ সফল হব পৰা নাই। যিটোক বিশেষকৈ স্বাস্থ্য বিজ্ঞানৰ এক ডাঙৰ ট্ৰেজেডি বুলি কব পাৰি। ইয়াৰ এক প্ৰধান কাৰন হ'ল, ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে উৎপত্তিস্থলৰ কৰ্তৃপক্ষৰ উপৰি বিশ্বৰ স্বাস্থ্য সংস্থা অথবা গৱেষণা কেন্দ্ৰ সমূহে বহুবোৰ গুৰুত্বপূৰ্ণ বিষয় মুকলি কৰি দি সৰ্বসাধাৰণক ইয়াৰ বাবে সজাগ কৰাৰ বিজ্ঞান সন্মত প্ৰচেষ্টা চলোৱাৰ পৰিৱৰ্তে বহুসময়ত উপৰুৱা কিছু বিষয়ক লৈ অতি তৰলভাৱে ৰাইজক ব্যস্ত কৰিব পাৰে।

আনকি, উৎপত্তি স্থল সন্দৰ্ভতো চলি থকা চৰ্চা সন্দৰ্ভত তেওঁলোকে নীৰৱতা অৱলম্বন কৰাই নহয়। ২০০৩চনৰ পৰা আৰম্ভ হোৱা কোভিডৰ কেইবাটাও পৰ্যায়ক লক্ষণৰ ওপৰত ভিত্তি কৰি অংকশাস্ত্ৰত ব্যৱহাৰ হোৱা গ্ৰীক বৰ্ণমালাৰে নামাংকণ কৰি আহিছে। সেইদৰেই কোভিড আক্ৰান্ত আৰু কোভিডত্তোৰ কালত ৰোগী সমূহৰ লক্ষণ, পাৰ্শ্বক্ৰিয়া আৰু ভয়াৱহতাৰ সন্দৰ্ভতো ৰাইজক প্ৰত্যক্ষভাৱে সজাগ কৰাৰ পদক্ষেপৰ পৰিৱৰ্তে আমাৰ দেশত তাল-খোল, দবা-শংখ বজোৱা, সামূহিক ক'লা সন্ধ্যা পালনৰ দৰে কাৰ্যসূচীৰে মানুহক সজাগ-সংগবদ্ধ কৰাৰ চেষ্টা কৰিলেও এয়া বাস্তৱত ফলপ্ৰসূ নহয় বুলিয়ে ক'ব পাৰি।

এনেবোৰ কাৰ্যসূচী আৰু গৱেষণাৰ নামত আমাৰ দেশত যিমানবোৰ টকা কোভিডৰ প্ৰথমটো ঢৌঁতে প্ৰতিৰোধ, প্ৰশমন আৰু গৱেষণাৰ নামত খৰছ কৰা হ'ল, তাৰ সুফলক লৈ এতিয়াও সকলো সন্ধীহান। এইখিনিতে কোভিডৰ ইতিহাসলৈ যদি আমি লক্ষ্য কৰো, তেতিয়া দেখিম ২০০৩চনতে ইয়াৰ সংক্ৰমণ আৰম্ভ হৈছিল আৰু ২৯খন দেশলৈ সংক্ৰমিত হোৱা এই ভাইৰাছৰ খুন্দাত আক্ৰান্ত লোকৰ ১০শতাংশ লোকৰ মৃত্যু হৈছিল।

সাধাৰণভাৱে ইয়াৰ কোভিড-থ্ৰী বুলি কোৱা হলেও পৰৱৰ্তী সময়ত ইয়াৰ আলফা নামেৰে নামাকৰণ কৰা হয়। একেদৰে ২০১৪চনতো দৌদি আৰৱৰ পৰা আৰম্ভ হোৱা বিটা নামেৰে পৰৱৰ্তীসময়ত নামাংকৃত এই কোভিড ভাইৰাছৰ সংক্ৰমণো ২৯খন দেশলৈকে প্ৰসাৰিত হৈছিল। আৰু অতি ভয়ানকভাৱে মৃত্যুৰ হাৰ ৪০শতাংশলৈ বৃদ্ধি পাইছিল।

দক্ষিণ আফ্ৰিকাত কিদৰে এবছৰতে নিৰ্বাপিত হল কোভিডৰ খুন্দাঃ


২০১৫-১৬ত যেতিয়া দক্ষিণ আফ্ৰিকাত কোভিডৰ সংক্ৰমণ আৰম্ভ হয়। প্ৰথম অৱস্থাত দক্ষিণ আফ্ৰিকাৰ পশ্চিম প্ৰান্তত আৰম্ভ হোৱা ইবলা নামেৰে তেতিয়া নামাংকিত এই ভাইৰাছক লৈ সমগ্ৰ পৃথিৱীত আতংকৰ সৃষ্টি হৈছিল। কিন্তু বিশ্ব সমগ্ৰ দেশৰ উমৈহতীয়া প্ৰচেষ্টা আৰু আফ্ৰিকান ইউনিয়নৰ বাস্তৱসন্মত কঠোৰ পদক্ষেপৰ বাবে ই পৃথিৱীৰ আন্ত প্ৰান্তলৈ বিয়পিবলৈ সুবিধা নাপালে।

ৰাইজৰ নিশ্চয় মনত আছে, ইবলা প্ৰতিৰোধ অভিযানত ভাগ লোৱা ভাৰতত ৩০গৰাকী চিকিতসকৰ দলটোত অসমৰ ২গৰাকী চিকিতসক অন্তভূক্ত হৈছিল। তেওঁলোক ছমহীয়া কাৰ্যকালৰ বাবে দুবাৰকৈ দেশখনত থাকি সেৱা আগবঢ়াইছিল। তেতিয়া ইয়াক নামাংকণ কৰা হৈছিল গ্ৰামা নামেৰে । শেহতীয়াকৈ বিশ্বত্ৰাস চলোৱা কোভিড-১৯ ভাইৰাছ হিচাপে সকলোৱে জনা এই ভাইৰাছৰ আন্তজাৰ্তিকভাৱে স্বীকৃত নাম-কেলকা হিচাপেহে ৰখা হৈছে।

লক্ষ্যণীয় কথাতো হল, ২০০৩চনৰ পৰা বিগত ১৭বছৰত ৪বাৰকৈ সন্ত্ৰাস চলোৱা কেলকা(কোভিড)ৰ সংক্ৰমণে বিশ্বৰ ২২০খন দেশত তাণ্ডৱ চলাইছে। এইক্ষেত্ৰত বিশেষজ্ঞসকলৰ বাবে এটা লক্ষ্যণীয় দিশ হল, প্ৰতিবাৰে কোভিড ভাইৰাছৰ আকাৰ,সংক্ৰমণৰ লক্ষণ আৰু আক্ৰমণৰ চৰিত্ৰ সময়ে সময়ে সলনি হৈছে।

২২০খন আক্ৰান্ত দেশত ২শতাংশ লোকৰ মৃত্যুৰ তথ্য কিমান সঠিক-

২০১৯ৰ পৰাই আৰম্ভ হোৱা এইবাৰৰ কোভিড আক্ৰান্ত হোৱা দেশ আৰু ৰোগীৰ পৰিমাণ সৰ্বাধিক যদিও মৃত্যুৰ হাৰ বিগত ১৭বছৰত দেখাৰ দৰে গুৰুতৰ নহয়। কিয়নো ১৭৫কোটিৰো অধিক লোক আক্ৰান্ত হোৱাৰ পিছত সমগ্ৰ বিশ্বত এতিয়ালৈকে ৩৭লাখ ৰোগীৰহে চৰকাৰী তথ্যমতে মৃত্যু হৈছে। অথাৎ মৃত্যুৰ হাৰ ৩শতাংশৰো তলত।

বিশেষজ্ঞসকলৰ মতে পিছে কোভিডত আক্ৰান্ত যিবোৰ লোক হাওফাওৰ অসুস্থতা, পাকস্থলী-কিডনী আদিৰ সমস্যা, পাচন তন্ত্ৰ, হৃদৰোগ, স্নায়ু, বৃক্ক আদি সমস্যাত ভুগি চিকিৎসালয়ত গুৰুতৰ অৱস্থাত ভৰ্তি হয়, তেনেলোকৰ ৫খনৰ ভিতৰত ২জনৰে মৃত্যু হয়।কিন্তু সামগ্ৰিকভাৱে চালে তেনে পৰিস্থিতিত অহা লোকৰ সংখ্যা মাত্ৰ ৫শতাংশ।

কোভিড কেন্দ্ৰলৈ অহা ৮১শতাংশ লোকৰ ক্ষেত্ৰতেই নাথাকে কোনো বিশেষ লক্ষণ। আৰু ১৪শতাংশৰ কাহঁ-জ্বৰ, চৰ্দি অথবা শ্বাস-প্ৰশ্বাসৰ কষ্টৰ দৰে কিছু সমস্যাত ভুগে। এইসকল লোক কোভিডৰ সংক্ৰমণ মুক্ত হোৱাৰ সম্ভাৱনা অতিকে বেছি। সেয়েহে শেহতীয়াকৈ ভাৰতৰ স্বাস্থ্য বিভাগৰ লগতে ভাৰতীয়া স্বাস্থ্য বিজ্ঞান আৰু গৱেষণা সংস্থাই জাৰি কৰা এক নিৰ্দেশনামতে কোভিড পজিটিভ ধৰা পৰা লোকৰ ।যিদৰে ITPCR টেষ্ট কৰাৰ প্ৰয়োজন নাই তেনেদৰে পজিটিভ ৰোগী এজন ১০দিনৰ চিকিৎসালয়ত থকাৰ পিছত যদিহে তেওঁৰ কোনো জ্বৰ, কাঁহ, শ্বাস-প্ৰশ্বাসৰ সমস্যা নাথাকে তেনেহলে তেওঁক মুকলি কৰাৰ ক্ষেত্ৰতো পুনৰ কোভিড টেষ্ট কৰাৰ প্ৰয়োজন নাই।

পিছে কোভিড আক্ৰান্তৰ সময়চোৱাতকৈ ভাইৰাছবিধৰ চৰিত্ৰ সময়ে সময়ে সলনি হোৱা আৰু কোভিডত্তোৰ সময়চোৱাত সাম্ভাৱ্য বিপদৰ সন্দৰ্ভত যিবোৰ বিষয় এতিয়ালৈকে সৰ্বসাধাৰণ ৰাইজৰ মাজত চৰ্চালৈ হোৱা নাই, সেইবোৰ অতিকে ভয়ানক। এই ক্ষেত্ৰত সামান্য এটা উদাহৰণেই যথেষ্ট। যোৱা ৮জুনত ভাৰতৰ কোভিড আক্ৰান্তৰ সংখ্যা আৰু মৃত্যুৰ সংখ্যা হ্ৰাস পোৱাৰ ওপৰত ভিত্তি কৰি সকলোৱে এনে এক ধাৰণা কৰিছিল যে কোভিডৰ আঘাতৰ পৰা লাহে লাহে ৰাইজ ৰক্ষ পৰিব। কিন্তু দেখা হল পিছদিনাই আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছিল যদিও মৃত্যুৰ সংখ্যা ২হাজাৰ বৃদ্ধি পাইছে। যিটো সংখ্যা গোটেই সময়চোৱাত ভাৰতবৰ্ষৰ এদিনৰ মৃত্যুৰ সংখ্যাৰ ক্ষেত্ৰত সৰ্বাধিক। সেয়েহে কোভিডে কেতিয়া কি ৰূপ লয় সেয়া এতিয়ালৈকে যদিও নিশ্চিত কৰিব পৰা হোৱা নাই, সেইদৰে ইয়াৰ দায়িত্ব কেৱল সজাগতাহীন ৰাইজৰ বুলি কৈয়ে এৰাই চলিব নোৱৰি।

বহু চিকিৎসা বিজ্ঞানৰ গৱেষকে কোভিডক চাইক্লন বা ভূমিকম্পৰ লগত তুলনা কৰিছে। তেওঁলোকৰ মতে, ঘূৰ্ণী বতাহ অথবা ভূমিকম্প আহিলে তাৎক্ষণিকভাৱে হোৱা বিপৰ্যয় ইয়াৰ তীব্ৰতা বা প্ৰাৱল্য। ক্ষয়-ক্ষতিৰ পৰিমাণ আদি সন্দৰ্ভত আলোচনা হয় যদিও ঘূৰ্ণী বতাহ অথবা ভূমিকম্প পাৰ হৈ যোৱাৰ পিছত তাৎক্ষণিকভাৱে হোৱা ক্ষতিতকৈ কিমান বেছি পৰিমাণৰ ক্ষতি হয়, তাৰ হিচাপ কোনেও নাৰাখে।

কোভিডত্তোৰ ৰোগী আৰু উত্তৰ পূবৰ সমাগত ভৱিষ্যত অতিকে বিপদজনক-

কোভিডৰ ক্ষেত্ৰতো কোভিডত্তোৰ কালত ৰোগী এজন অত্যাধিকভাৱে সাৱধান হব লগা বিষয়ে অৱগত নহলে কেনে বিপৰ্যয় হব পাৰে সেই বিষয়টো গুৰুত্বসহকাৰে এতিয়াও চৰ্চা হোৱা নাই। চৰকাৰেও যেন কোভিড ৰোগী এজনক নিগেটিভ ৰিৰ্পটসহ পঠাই দিব পাৰিলেই ৰক্ষা পৰে। ইয়াৰ পৰিণতি কিমান ভয়ানক হব পাৰে তাৰ উদাহৰণ অসমতে বহুত আছে।তথ্য

এনে পৰিপ্ৰেক্ষিততে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে প্ৰতিখন ৰাজ্য চৰকাৰক কোবিডত্তোৰ ৰোগীৰ বাবে সুকীয়া চিকিৎসাকেন্দ্ৰ স্থাপনৰ বাবেও কৈ আহিছে যদিও চৰকাৰে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া পিছত ৰোগীসকলক ৰিলিজ দিয়া বুলি কৈ বিষয়টো এতিয়ালৈকে এৰাই চলিছে। তথ্য

ইয়াতেতকৈ ভয়ংকৰ ৰূপত আহিছে এক ভয়ংকৰ খবৰ। সেয়া হল এইবাৰ মানুহৰ পৰা বন্যজীৱ বিশেষকৈ হাতী, সিংহ আদিলৈ বিয়পিছে সংক্ৰমণ। এই বন্যপ্ৰাণীৰ বসতি অৰণ্যভূমি যদিও অসমৰ দৰে ৰাজ্যত ইয়াৰ চৰিত্ৰ কিছু সুকীয়া। ইয়াত অৰ্ধ ঘৰচীয়া- অৰ্ধ বনৰীয়া মহৰ দৰে বন্য প্ৰাণীৰ লগতে বৃহৎ সংখ্যক হাতী, গড়, বাঘ আদি বৃহৎকাৰ বন্যপ্ৰাণীৰ বসতিস্থল পাহাৰ আৰু অৰণ্যভূমিৰ লগতে থকা বনগাঁও আৰু গাখীৰৰ খুঁটিবোৰো আছে।তথ্য

কিবাকৈ যদি বন্যপ্ৰাণীৰ পৰা অৰণ্যত ঘাঁহব বিচাৰি ফুৰা পোহনীয় জন্তুলৈ এয়া বিয়পে তেনে পৰিস্থিতিত গ্ৰামাঞ্চলত ১৯শতিকাৰ কলা জ্বৰ, কলেৰা সদৃশ অতিমাৰীৰ দৰে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হব।কিয়নো গ্ৰামাঞ্চলত এতিয়াও স্বাস্থ্য বিভাগৰ আন্তঃগাথনি ২০শতাংশৰো তলত। ICMR আৰু ভাৰতৰ স্বাস্থ্য বিশেষজ্ঞৰ এটা চামে যোৱা কিছুদিনত কৈ আহিছে যে, তৃতীয়টো ঢৌঁত দেশৰ পূৰ্বাঞ্চলত সৰ্বাধিক ক্ষতি হব আৰু শিশুসকল বেছিকৈ আক্ৰান্ত হব। এই কথা গৱেষণালদ্ধ তথ্যনিৰ্ভৰ নহয়। অনুমানৰ ওপৰত ভিত্তি কৰি কোৱা কথাহে। কিন্তু শিশু আক্ৰান্তৰ বিষয়টো বাদ দিলে বাকীখিনি আশংকা পিছে অতিকৈ ভয়ানক। যাৰ বিস্তৃত আলোচনা নিতান্তই প্ৰয়োজন আৰু সেয়া আমি অব্যাহত ৰাখিম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in