কোভিড-বানৰ বাবে নহয় সমবায় সমিতিৰ নিৰ্বাচন, সোমবাৰে বিধান সভাত উত্থাপন হ’ব গুৰুত্বপূৰ্ণ বিধেয়ক…

কোভিড-বানৰ বাবে নহয় সমবায় সমিতিৰ নিৰ্বাচন, সোমবাৰে বিধান সভাত উত্থাপন হ’ব গুৰুত্বপূৰ্ণ বিধেয়ক…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ সুদৃঢ় কৰাৰ বাবে গঠন কৰা হৈছিল সমবায় সমিতি। এই সমবায় সমূহৰ বিষয়-ববীয়া নিৰ্বাচনৰ বাবে অনুষ্ঠিত হ'ব লাগে নিৰ্বাচন। অসম সমবায় সমিতি আইনৰ অধীনত পঞ্জীয়নভূক্ত সমবায় সমিতিসমূহৰ নিৰ্বাচনৰ সময় পাৰ হ'ল যদিও কোভিডসৃষ্ট পৰিৱেশ আৰু বানপানীৰ কথা দোহাই দি এইবাৰ চৰকাৰে ইয়াৰ নিৰ্বাচন অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

যিসময়ত স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন, বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ল, সেই সময়তে নিৰ্বাচনৰ পৰিৱৰ্তে তদৰ্থ কমিটি গঠেনেৰে এই সমিতিসমূহ পৰিচালনা কৰিবৰ বাবে সোমবাৰে বিধানসভাত এখন নতুন বিধেয়ক উত্থাপন কৰিব বিজেপি চৰকাৰে। এই বিধেয়কখনক লৈ হোৱা আলোচনাত ভাগ ল'বৰ বাবে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অনুমতি বিচাৰিছিল যদিও তেওঁক এই বিৰ্তকত ভাগ লোৱাৰ অনুমতি দিয়া হোৱা নাই।

ক্লিক কৰি পঢ়কঃ মিছাঃ India's PM Cried

উল্লেখযোগ্য যে, এই সমবায় সমিতিসমূহৰ নিৰ্বাচন নপতাক লৈ তীব্ৰ অসন্তুষ্টি আৰু ক্ষোভ ব্যক্ত কৰিছে সমবায় সমিতিসমূহৰ একাংশ বিষয়ববীয়াই। আনকি সমিতিসমূহৰ সাধাৰণ সভাও অনুষ্ঠিত কৰিব নোৱাৰাত এতিয়া সমবায় সমিতি সমূহৰ কৰ্তৃত্ব এচাম শাসকীয় দলৰ নেতা-কৰ্মীৰ হাতলৈ যোৱাৰ আশংকাই দেখা দিছে।

বৰ্তমানলৈকে ৰাজ্যখনত ২,১৭৭খন জি পি এছকে ধৰি ৯,৮৫৫খন পঞ্জীয়নকৃত সমবায় সমিতি আছে। ইয়াৰোপৰি আছে ৮০খন এল এ এম পি এছ আৰু ২,৩৪১খন মহিলা বহুমুখী সমবায় সমিতি। এই সমিতিসমূহে ৰাজ্যৰ কৃষি, গৃহ, মীন, দুগ্ধ, পাম প্ৰক্ৰিয়াকৰণ, কূটীৰ আৰু শ্ৰম তথা ক্ষুদ্ৰ উদ্যোগৰ কাম কৰি আছে।

ইয়াৰোপৰি কেইবাখনো হস্ততাঁত সমিতিও আছে ৰাজ্যখনত। ৰাজ্যত থকা সমবায় সমিতিসমূহৰ ভিতৰত জি পি এছ এছ ২১৭৭খন, এল এ এম পি এছ ৮০খন, গাওঁ পৰিষদ বহুমুখী সমবায় সমিতি ১৯৬, পাইকাৰী গ্ৰাহক সমবায় সমিতি ৩৫, মহিলা বহুমুখী সমবায় সমিতি ২৩৪১, প্ৰাথমিক বজাৰ সমবায় সমিতি ৩০, প্ৰাথমিক দুগ্ধ সমবায় সমিতি ৪৩৯, ধাৰ-ঋণ সমবায় সমিতি ৮০৩, গাহৰি পালন সমবায় সমিতি ৩৮৩, হাঁহ-কুকুৰা পালন সমবায় সমিতি ৩৭৩, কৃষিপাম সমবায় সমিতি ৩৭০, প্ৰাথমিক মীন সমবায় সমিতি ৮৫৫, প্ৰাথমিক গ্ৰাহক সমবায় সমিতি ২৮৫, প্ৰাথমিক গৃহ সমবায় সমিতি ১৪৬, উদ্যোগ সমবায় সমিতি ৪২১, পৰিবহন সমবায় সমিতি ২৭, জিলা সমবায় সমিতি ১৪, চেনিকল সমবায় সমিতি ১, প্ৰক্ৰিয়াকৰণ সমবায় সমিতি ১৫, সমবায় বেংক ৮, ৰাজ্যিক পৰ্যায়ৰ সমবায় সমিতি ২৫, আন সমবায় ৮১০খন আছে।

এই সমবায় সমূহৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱাৰ বাবে সমবায় সমূহ পৰিচালনা কৰা ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সৃষ্টি হব। তেনেক্ষেত্ৰত সমবায় সমূহৰ নিৰ্বাচন অনুষ্ঠিত নকৰি চৰকাৰে কোভিড পৰিস্থিতিৰ দোহাই দি সমবায়সমূহক অনিশ্চয়তাৰ ফালে ঠেলি দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in