দক্ষিণ শালমাৰা মানকাচৰত অভিভাৱক সচিবৰ পৰ্যালোচনা বৈঠক…

দক্ষিণ শালমাৰা মানকাচৰত অভিভাৱক সচিবৰ পৰ্যালোচনা বৈঠক…

দক্ষিণ শালমাৰা মানকাচৰত অভিভাৱক সচিবৰ পৰ্যালোচনা বৈঠক…

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্য্যালয় সভা কক্ষত বৃহস্পতিবাৰে দিনৰ ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ বিভিন্ন বিভাগৰ বিষয়া সকলৰ সৈতে জিলা প্ৰশাসন আৰু অভিভাৱক সচিবৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। এই সভাখনত অভিভাৱক সচিবগৰাকী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জিলা উপায়ুক্ত এইচ এন গৌতম, জিলা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱ জ্যোতি দাস আৰু লক্ষ্মী কূটুম , জিলা আৰক্ষী অধীক্ষক সুবোধ সোনোৱাল উপস্থিত থাকে।

আনহাতে জিলা খনৰ অধীনত থকা প্ৰতিটো বিভাগৰ বিষয়া সকল এই পৰ্যালোচনা সভাত উপস্থিত থাকি জিলা খনৰ উন্নয়ন কিদৰে আগুৱাই নিব পাৰি তাকলৈ আলোচনা কৰা হয়। প্ৰায় ৩ ঘণ্টা জোৰা চলা এই পৰ্যালোচনা সভাৰ অন্তত অভিভাৱক সচিব জন দিনৰ প্ৰায় ৩ বজাত গুৱাহাটীলৈ ৰাওনা হয়।

উল্লেখযোগ্য যে বুধবাৰে দুপৰীয়া প্ৰায় ১ বজাত জিলা খনৰ দায়িত্ব লাভ কৰা অভিভাৱক সচিব, আই এ এছ বিষয়া মুকেশ সাহু জিলা খনত উপস্থিত হৈ কোভিড ভেকচিন চেণ্টাৰৰ লগতে বিভিন্ন ঠাই পৰিদৰ্শন কৰে। প্ৰথম বাৰৰ বাবে এইদৰে অভিভাৱক সচিব জনে জিলা খনত উপস্থিত হৈ সকলো সমস্যাৰ পৰ্যালোচনা কৰাৰ অন্তত বৃহস্পতিবাৰে এই বৈঠকত অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in