ক’ত আছে তেল চুৰিত অভিযুক্ত ভাস্কৰ কালিন্দী…

ক’ত আছে তেল চুৰিত অভিযুক্ত ভাস্কৰ কালিন্দী…

ডিজিটেল ডেস্ক বোকাখাতৰ : ১৩ জুনত বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত ৰজাবাৰীত উৎখাত কৰা হৈছিল এক তেল চুৰি কাণ্ড। লগে লগেই বোকাখাতত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ কিয়নো বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ অতিকে ঘনিষ্ঠ বুলি পৰিচিত তথা অগপ নেতা পৰমানন্দ দাসে নিজৰ বাসগৃহতে এই তেল চুৰিৰ অবৈধ ব্যৱসায় দীৰ্ঘদিনৰ পৰা অব্যাহত ৰখাৰ তথ্য পোহৰলৈ আহিছিল। গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধিক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত আৰু বোকাখাত মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাৰ সহযোগত চলোৱা এই তেল চুৰি উৎখাত অভিযানত আৰক্ষীয়ে  হাতে লুটে আটক কৰিছিল অগপ নেতা পৰমানন্দ দাস আৰু দুজন সহযোগী ৰজাবাৰীৰ জগত দাস আৰু বাগৰিৰ নুৰজামান আলিক।

পৰবৰ্তী সময়ত আটকাধীন পৰমানন্দ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল তেল চুৰি কাণ্ডত ব্যৱহৃত টেংকাৰ খন । লগতে আটক কৰিছিল গাড়ীৰ মালিক সুৰজ সাহা, মুক্তাব আহমেদ, আৰু চোৰাং তেল ক্ৰয় কৰি মোবাইল টাৱাৰত যোগান ধৰা  প্ৰানজিত বৰুৱা ওৰফে সোনমনিক।

এইখিনিতে এই সমগ্ৰ তেল চুৰি কাণ্ডটোয়ে লৈছিল এক বিশেষ মোৰ।সমগ্ৰ তেল চুৰি কাণ্ডটো মুখ্যতঃ অগপ নেতা পৰমানন্দ দাসৰ তদাৰকত চলি থকাৰ তথ্য পোহৰলৈ অহাৰ তাৎক্ষণিক ভাৱেই বোকাখাতত তীব্ৰ ভাৱে চৰ্চিত হৈছিল এই সমগ্ৰ বিষয়টো। মুখ্য পৃষ্ঠপোষক তথা মাষ্টাৰ মাইণ্ড, বোকাখাতৰ বিধায়ক,কৃষি মন্ত্ৰী অতুল বৰাৰ সোঁহাত স্বৰূপ অগপ নেতা ভাস্কৰ কালিন্দীৰ নাম। ইফালে এই ভাস্কৰ কালিন্দীয়েই আকৌ বিধায়ক অতুল বৰাৰ বোকাখাত বিধান সভা সমষ্টিত বিগত নিৰ্বাচন চাহ জনগোষ্ঠীয় ভোট বেংকৰো মুল চাবিকাঠি হিচাপে কাম কৰাৰ অভিযোগ উঠিছে ।

আৰক্ষীৰ সুত্ৰ মতে, এই চৰ্চাৰ সমান্তৰাল ভাৱে ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা পৰমানন্দৰো স্বীকাৰোক্তিত প্ৰকাশ পাইছিল অগপ নেতা ভাস্কৰ কালিন্দীৰ নাম। কিন্তু সমগ্ৰ ঘটনাটো  সম্প্ৰতি দহ দিন অতিক্ৰম কৰাৰ পাছতো তদন্তৰ দায়িত্বত থকা বোকাখাত আৰক্ষীয়ে ৰহস্যজনক ভাৱে আটক কৰিবলৈ সক্ষম হোৱা নাই ভাস্কৰ কালিন্দীক। তীব্ৰ ৰাজনৈতিক হেঁচাতেই আৰক্ষীয়ে মাষ্টাৰ মাইণ্ড ভাস্কৰ কালিন্দীক আটক কৰা নাই বুলিও সন্দেহ প্ৰকাশ কৰিছে সাধাৰণ নাগৰিকে। কিয়নো বিধায়ক অতুল বৰাৰ বোকাখাতৰ গাদীৰ সুৰক্ষাৰ স্বাৰ্থতেই ভাস্কৰ কালিন্দীৰ নিৰাপত্তা দিয়াৰ অভিযোগ উঠিছে মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে।

ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত নগৰ সমিতিয়ে সমগ্ৰ বিষয়টোৰ নিৰপেক্ষ তদন্তৰ দাবীত ইতিমধ্যেই মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিছে স্মাৰক পত্ৰ। এই ক্ষেত্ৰত সংগঠণটোৰ কৰ্মকৰ্তা কিশোৰ ছেত্ৰীয়ে সংবাদ মাধ্যমক কয় যে " সমগ্ৰ বিষয়টোৰ আমি নিৰপেক্ষ তদন্ত দাবী কৰিছোঁ লগতে দুয়োজন অগপ নেতা পৰমান্দ দাস আৰু ভাস্কৰ কালিন্দীৰ সম্পৰ্কত বিধায়ক অতুল বৰাই সংবাদ মেল যোগে অগপৰ স্থিতি স্পষ্ট কৰক"।শেহতীয়াকৈ সৰৱ হৈ উঠিছে বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘ। অগপ নেতা ভাস্কৰ কালিন্দীৰ তৎকালীল গ্ৰেপ্তাৰৰ দাবী কৰিছে সংগঠণটোয়ে।উল্লেখযোগ্য যে, শেহতীয়াকৈ এক নিৰ্ভৰযোগ্য সুত্ৰই জানিবলৈ দিয়া মতে, ইতিমধ্যে অগ্ৰিম জামিনৰ বাবে গুৱাহাটীত বাহৰ পাতিছে ভাস্কৰ কালিন্দীয়ে।

যি সময়ত অসম আৰক্ষীয়ে বিভিন্ন অপৰাধমুলক কামকাজৰ বিপৰীতে এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰাৰ সৰ্বত্ৰে চৰ্চা চলিছে । মুখ্যমন্ত্ৰীৰ আহ্বানত কাজিৰঙাত হৈ যোৱা অসম আৰক্ষীৰ বিশাল বৈঠকে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেনে সময়ত কিন্তু বোকাখাত ৰজাবাৰীৰ তেল চুৰি কাণ্ডৰ উৎখাত অভিযান চলোৱা গোলাঘাট অতিৰিক্ত আৰক্ষী অধিক্ষক অঞ্জন পণ্ডিত, বোকাখাত আৰক্ষী তথা বোকাখাত মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাৰ ভূমিকাক লৈ মুঠেও আশ্বস্ত হ'ব পৰা নাই জনসাধাৰণ। ৰাজনৈতিক হস্তক্ষেপতেই সম্ভৱ হ'ব নেকি বোকাখাত ৰজাবাৰীৰ তেল চুৰি কাণ্ডৰ মাষ্টাৰ মাইণ্ড ভাস্কৰ কালিন্দীৰ মুক্ত বিচৰণ তাক লৈও চৰ্চা অব্যাহত আছে  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in