/asomiyapratidin/media/media_files/2025/08/03/dsdsda-2025-08-03-18-36-30.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ বিজেপি চৰকাৰে আহোম জনগোষ্ঠীক কৰা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি সদৌ তাই আহোম ছাত্ৰ সন্থাই ১২ ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰিছে। সোমবাৰে পুৱা ৫ বজাৰ পৰা সন্ধ্যা ৫ বজালৈ শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰে সংগঠনটোৱে। অৱশ্য়ে, এই বন্ধৰ সময়ত জৰুৰী সেৱাকে ধৰি পৰীক্ষাৰ্থীক ৰেহাই দিয়াৰ কথাও উল্লেখ কৰে।
ইফালে, শিৱসাগৰ জিলা পৰিষদ গঠনত আহোম জনপ্ৰতিনিধিক সভাপতি পদৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। শিৱসাগৰ জিলাৰ তিনিটাকৈ বিধানসভা সমষ্টিৰ ১২ খন জিলা পৰিষদৰ ভিতৰত ৭ খন জিলা পৰিষদতেই আহোম জনগোষ্ঠীয় লোক জয়ী হৈছিল। কিন্তু জিলা পৰিষদ গঠনৰ সময়ত ৰাতিটোৰ ভিতৰতে সভাপতি পদৰ ক্ষেত্ৰত সংৰক্ষণ কৰি জনজাতীয় লোকক সভাপতি পদৰ বাবে মনোনীত কৰা হ’ল । সংগঠনটোৱে পূৰ্বৰ দৰেই সভাপতি মনোনীত কৰাৰ বিষয়টো মুক্ত ৰাখিবলৈ অনুৰোধ জনাইছিল। পিছে এই ক্ষেত্ৰত চৰকাৰে সঁহাৰি প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ আহ্বান সদৌ তাই আহোম ছাত্ৰ সন্থাৰ।