Advertisment

গুজৰাটত হঠাতে মৃত্যু চিলাপথাৰৰ আদৰ্শ কৃষক আৰু বিশিষ্ট উদ্ভাৱক বুদ্ধেশ্বৰ পামে...

চিলাপথাৰৰ অঞ্চলৰ ডিমৌ শান্তিবৰগৰা নিবাসী আদৰ্শ কৃষক,কৃষি সজুঁলি উদ্ভাৱক,ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বুদ্ধেশ্বৰ পামে আৰু নাই। অলপতে গুজৰাটত প্ৰশিক্ষণ ল'বলৈ গৈ অকাল মৃত্যুক সাবতিলে লোকজনে। 

author-image
Asomiya Pratidin
New Update
কৃষক

কৃষক. Photograph: (কৃষক.)

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰৰ অঞ্চলৰ ডিমৌ শান্তিবৰগৰা নিবাসী আদৰ্শ কৃষক,কৃষি সজুঁলি উদ্ভাৱক,ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বুদ্ধেশ্বৰ পামে আৰু নাই। অলপতে গুজৰাটত প্ৰশিক্ষণ ল'বলৈ গৈ অকাল মৃত্যুক সাবতিলে লোকজনে। 

Advertisment

যোৱা ৮ ফেব্ৰুৱাৰীত গুজৰাটৰ গান্ধী জিলাত NIF'ৰ উদ্যোগত অনুষ্ঠিত ১২ দিনীয়া প্ৰশিক্ষণত অংশগ্ৰহণ কৰি থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰে। লগে লগে উন্নত চিকিৎসাৰ বাবে GMERS চিকিৎসালয়ৰ ICU কক্ষত ভৰ্ত্তি কৰোৱা হৈছিল। পিছে পুনৰ সুস্থ হৈ নুঠিল লোকজন। যোৱা শুকুৰবাৰে চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে। 

গুজৰাটৰ পৰা আনি কালি ডিব্ৰুগড় বিমান বন্দৰ আহি পোৱা আদৰ্শ কৃষক জনৰ নশ্বৰ দেহ নিজা বাসভৱনলৈ ৰাইজে সমদল কৰি আনে।  নশ্বৰ দেহ ঘৰ আহি পোৱাৰ পিছত সমগ্ৰ গাঁওখনতে এক শোকাকুল পৰিবেশ বিৰাজ কৰে। বিয়লি অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত শেষ বিদায় জনালে গুণমুগ্ধ ৰাইজে। 

লক্ষণীয় যে এজন কৃষকৰ সন্তান  হিচাপে বুদ্ধেশ্বৰ পামে কৃষি কাৰ্য্যৰ জৰিত থকাৰ লগতে কৃষক ৰাইজৰ সহয়ক হুৱাকে উদ্ভাৱন কৰিছিল থৈ গ'ল বহু কৃষি সজুলি।  উদ্ভাৱনৰ স্বাক্ষৰ বিচাপে  চৰকাৰৰ পৰা লাভ কৰিছিল কেইবাটাও ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা।  তেওঁৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। 

চিলাপথাৰ