সমীৰণ বৰুৱা আহি আছে

সমীৰণ বৰুৱা আহি আছে

ডাঃ গিৰিণ বৰা

তাই কিতাপখন পঢ়ি পঢ়ি ইমানেই মজা পাইছে যে স্কুলৰপৰা অহা কণমানিটোক লৰালৰিকৈ ভাতকেইটা দি আকৌ বিছনাত শেষৰ গল্পটো মেলি ল'লে। গল্পকাৰৰ ওপৰত খঙো উঠিল।

সমীৰণ বৰুৱা আহি আছে লিখি লিখিয়েই যেন কিতাপখন শেষ কৰি দিব। তাই পঢ়ি গৈ থাকিল।

ৰাতি গাড়ী চলাই ভাগৰুৱা হৈ পৰিছে সমীৰণ বৰুৱা। আচলতে তেওঁৰ ৰাতি গাড়ী চলোৱাৰ অভ্যাসো নাই। বহুত কুঁৱলী পৰিছে। টোপনিৰ ভাব এটাই মাজে মাজে বৰ দিগদাৰ দিছে। জখলাবন্ধাতে একাপ ফিকা চাহ খাবলৈ ধাবা এখনত সোমাল।

ইফালে ঘৰত তেওঁৰ কেঁচা যৌৱনৰ উজান ভাটি। বিয়াৰ দিনৰ হাতৰ জেতুকাৰ ৰঙেই যোৱা নাই ন-বোৱাৰীৰ। দুপৰ নিশাও টিভি খুলি চাই চাই ভাগৰুৱা। মনত এটাই প্ৰশ্ন- সমীৰণ বৰুৱা কেতিয়া আহিব?

সমীৰণে মুখখন ধুই দুকাপ চাহৰ অৰ্ডাৰ দিলে। চাহ কাপ খাই ওচৰৰ ভাটিতোৰ পৰা ৰঙা অাঙঠা এটাৰে চিগাৰেট এটা জ্বলাই ল'লে। লগত অহা ছোৱালীজনীয়ে বেগৰপৰা আইনাখন উলিয়াই চুলিকোচা ঠিক-ঠাক কৰি ওঁঠত অকণমান লিপষ্টিক লগাই ল'লে।

: ব'লা সমীৰণ।- ছোৱালীজনীয়ে ক'লে।

আকৌ আৰম্ভ হ'ল যাত্ৰা যোৰহাট অভিমুখে।

: সমীৰণ, তুমি মোক বাহিৰে বাহিৰে ঘৰত নমাই দিবা। নীহাৰিকাই তোমাৰ লগত ৰাতি একেলগে গাড়ীত আহিছো বুলি জানিলে খুব বেয়া পাব।

: হেই একো নহয় পল্লৱী। তুমি আৰু মই বুজাবুজিৰ মাজত এৰাএৰি হৈ নীহাৰিকাৰ লগত বিয়াত বহিছো…। তায়ো জানে। চাবা তোমাৰ বান্ধৱীয়ে গৈ পোৱাৰ লগে লগে ভিতৰলৈ কেনেকৈ তোমাক আদৰি নিব।

পুৱা প্ৰায় ৫ বজাত গাড়ীখন আহি গেটৰ সন্মুখত ৰ'লহি। সমীৰণে খুব জোৰেৰে স্ফূৰ্তিতে হৰ্ণতো বজাবলৈহে পালে, চাবিকোছা লৈ দৌৰি আহিল নীহাৰিকা।

: দেখিছা পল্লৱী, ৰাতিপুৱা ৮ বজালৈ শুই থকা মানুহজনী সাৰ পায়েই আছিল মই আহিম বুলি।- সমীৰণে ক'লে।

: ন-বোৱাৰীয়েহে জানে অকলে নিজম ৰাতি বিচনাত কটোৱা কিমান কঠিন।- পল্লৱীয়ে বেঁকা হাঁহি এটা মাৰি লাহেকৈ উচ্চাৰণ কৰিলে শব্দকেইটা।

সঁচাকৈয়ে, নীহাৰিকাৰ মন কেইবাদিনৰপৰা উগুল-থুগুল! কাৰণ এটাই। সমীৰণ বৰুৱা আহি আছে…।

: নীহা…।- গেটৰ ওচৰ চাপোতেই গ্লাছখন তললৈ নমাই বান্ধৱী পল্লৱীয়ে চিঞৰি দিলে।

চাবিকোছা জোৰেৰে নীহাৰিকাই গেটৰ বাহিৰলৈ দলিয়াই ধীৰে ধীৰে পিছলৈ নোচোৱাকৈ ভিতৰ সোমাই আহিল। যেন দেখুৱাই আহিল… সমীৰণ বৰুৱা তুমি নহা হ'লেই ভাল আছিল!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in