১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ‘অসমীয়া প্ৰতিদিন’ৰ ‘সাহিত্য সন্ধান’ শীৰ্ষক চুটি গল্প প্ৰতিযোগিতা

১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ‘অসমীয়া প্ৰতিদিন’ৰ ‘সাহিত্য সন্ধান’ শীৰ্ষক চুটি গল্প প্ৰতিযোগিতা

ডিজিটেল ডেস্কঃ 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে আয়োজন কৰা চুটি গল্প প্ৰতিযোগিতাৰ প্ৰথমটো নিৰ্বাচিত চুটি গল্প প্ৰকাশ হ'ব ১৫ ছেপ্টেম্বৰ, ২০১৮, শনিবাৰে। এই সপ্তাহৰ নিৰ্বাচিত দ্বিতীয়টো চুটি গল্প প্ৰকাশ কৰা হ'ব দেওবাৰ অৰ্থাৎ ১৬ ছেপ্টেম্বৰ, ২০১৮ত। এইদৰে পৰ্যায়ক্ৰমে চুটি গল্পসমূুহ প্ৰতি সপ্তাহৰ শনি আৰু দেওবাৰে প্ৰকাশিত হ'ব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত।

মাহৰ শেষত প্ৰথম তিনিটা পুৰস্কাৰপ্ৰাপ্ত চুটি গল্প আৰু গল্পকাৰৰ  নাম www.asomiyapratidin.inত ঘোষণা কৰা হ'ব। এই পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলক পুৰস্কৃত কৰাৰ লগতে এবছৰ ধৰি চলিব লগা চুটি গল্প প্ৰতিযোগিতাৰ প্ৰতিমাহে পুৰস্কাৰপ্ৰাপ্ত ৩৬টা গল্পক লৈ প্ৰকাশ কৰা হ'ব গল্প সংকলন। ১৫ ছেপ্টেম্বৰ, ২০১৮ৰ পৰা প্ৰতি সপ্তাহে এই চুটি গল্প প্ৰতিযোগিতা এবছৰ ধৰি অব্যাহত থাকিব। ইতিমধ্যে চুটি গল্প প্ৰতিযোগিতালৈ যথেষ্ট সহাৰি আগবঢ়াইছে গল্পকাৰসকলে।

সেই গল্পসমূহৰ মাজৰ পৰা প্ৰতি সপ্তাহৰ মূৰত নিৰ্বাচিত দুটা চুটি গল্প সপ্তাহত প্ৰকাশৰ দিহা কৰা হৈছে। ৰাজ্যৰ বিশিষ্ট গল্পকাৰ তথা সমালোচকৰ জৰিয়তে আমালৈ প্ৰেৰণ কৰা চুটি গল্পসমূহৰ মাজৰ পৰা সপ্তাহত দুটাকৈ চুটি গল্প নিৰ্বাচিত কৰা হ'ব। মাহেকত প্ৰকাশিত হোৱা ৮টা চুটি গল্পৰ পৰা নিৰ্বাচিত হোৱা ৩ শ্ৰেষ্ঠ চুটি গল্পক পুৰস্কৃতি কৰা হ'ব মাহৰ শেষত।

পূৰ্বৰ ঘোষণাটোত বিতংভাৱে সকলো কথা প্ৰকাশ কৰাৰ পাছতো ইয়াৰ ধাৰাবাহিকতা সন্দৰ্ভত কোনো কোনোৱে স্পষ্ট ধাৰণা ল'ব নোৱাৰি এই সন্দৰ্ভত প্ৰশ্ন কৰি থকাৰ বাবে বিষয়টো আৰু অধিক স্পষ্ট হ'বলৈ জনোৱা হ'ল যে এই প্ৰতিযোগিতা প্ৰতি সপ্তাহৰ মূৰে মূৰে ধাৰাবাহিকভাৱে এবছৰ ধৰি চলিব। গতিকে, বছৰৰ শেষ সপ্তাহ পৰ্যন্ত এই প্ৰতিযোগিতালৈ চুটি গল্প প্ৰেৰণ কৰিব পাৰিব।

সেই পুৰস্কৃত চুটি গল্পসমূহ 'অসমীয়া প্ৰতিদিন'ৰ মূল কাকতৰ সম্ভাৰ বা সাহিত্যপৃষ্ঠাত পৰ্যায়ক্ৰমে প্ৰকাশৰো দিহা কৰা হৈছে। প্ৰতি সপ্তাহে এই চুটি গল্প প্ৰতিযোগিতাত গল্পকাৰসকলে অংশ ল'ব পাৰিব। ই এবছৰ ধৰি চলিব লগা এক ধাৰাবাহিক প্ৰতিযোগিতা হ'ব। 'সাহিত্য সন্ধান' শীৰ্ষক চুটি গল্প প্ৰতিযোগিতাৰ নিয়মীয়াৱলীসমূহ তলত উল্লেখ কৰা হৈছে-

১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ'ব লাগিব।

২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত।

৩. এবাৰ কোনো লিখকৰ চুটি গল্প নিৰ্বাচিত হ'লে, দ্বিতীয়বাৰ তেওঁৰ গল্প পুনৰ নিৰ্বাচন কৰা নহয়।

৪. ইউনিক'ডত চুটি গল্পসমূহ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব।

৫. চুটি গল্পসমূহৰ সৈতে লিখকৰ চমু পৰিচয়, ঠিকনা, ফটো, যোগাযোগ নম্বৰ থাকিব লাগিব।

৬. পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ অন্য কোনো কাকত-আলোচনীত প্ৰকাশ কৰিব নোৱাৰিব।

৭. পূৰ্বতে কতো প্ৰকাশ নোহোৱা চুটি গল্পহে প্ৰতিযোগিতাৰ বাবে বিবেচিত হ'ব। এই নিয়ম ভংগ কৰিলে পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব।

৮. পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।

৯. চুটি গল্পসমূহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱাটছএপ নম্বৰ কেইটা হ'ল- ৬০০১১-৪৭১১৬, ৮৮৭৬৬-৩৫৮৭২, ৯৯৫৪৫-৪৪৪৫০।

১০. চুটি গল্পসমূহ যিকোনো এটা হোৱাটছএপ নম্বৰত এবাৰে প্ৰেৰণ কৰিব।

১১. চুটি গল্প প্ৰতিযোগিতাৰ মাহেকৰ ফলাফল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই প্ৰকাশ কৰা হ'ব।

১২. সপ্তাহত নিৰ্বাচিত চুটি গল্প দুটা প্ৰথম প্ৰকাশ পাব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই।

১৩. ডাকযোগে প্ৰেৰণ কৰা চুটি গল্পসমূহ গ্ৰহণ কৰা নহ'ব।

১৪. চুটি গল্পসমূহ পূৰ্বতে ক'তো প্ৰকাশ নোহোৱা বুলি গল্পকাৰে নিশ্চিয়তা দিব লাগিব।

১৫. চুটি গল্পসমূহ প্ৰকাশ কৰা বা নকৰাৰ সন্দৰ্ভত ব্যক্তিগতভাৱে কোনো যোগাযোগ ৰক্ষা কৰা নহয়।

১৬. চুটি গল্প প্ৰতিযোগিতাৰ সবিশেষ পৰ্যায়ক্ৰমে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই জনাই থকা হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in