নগাঁৱৰ বেলতলিৰ ইটা ভাটাসমূহ হৈ পৰিছে যৌন নিৰ্যাতনৰ স্থলী, গৰ্ভৱতী কিশোৰী

নগাঁৱৰ বেলতলিৰ ইটা ভাটাসমূহ হৈ পৰিছে যৌন নিৰ্যাতনৰ স্থলী, গৰ্ভৱতী কিশোৰী

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ বেলতলিত গঢ়ি উঠা ইটাভাটা সমূহ এতিয়া যৌন নিৰ্যাতনৰ স্থলী হৈ পৰিছে ৷ পেটৰ তাৰনাত ইটা ভাটা সমূহত কাম কৰিবলৈ অহা মহিলা সকল যৌন নিৰ্যাতনৰ বলি হৈ আহিব লগা হৈছে ৷ বেলতলিত থকা কেবাটাও ইটা ভাটাত যৌন নিৰ্যাতনা ঘটনা সংঘটিত হৈছে যদিও নিৰ্যাতিতাই ন্যায় নোপোৱাৰ অভিযোগ উঠিছে ৷

শেহতীয়াকৈ জি ডি নামৰ ইটা ভাটাত সংঘটিত হৈছে নিৰ্যাতনৰ ঘটনা ৷ এগৰাকী ১৪ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলাই গৰ্ভৱতী কৰাৰ অভিযোগ উঠিছে ৷ এই সন্দৰ্ভত গৰ্ভৱতী মাতৃগৰাকীৰ মাতৃয়ে নগাঁও সদৰ থানাত দাখিল কৰিছে এক এজাহাৰ ৷

জি ডি ইটা ভাটাত কিশোৰী গৰাকীৰ লগতে মাক আহিছিল কাম কৰিবলৈ ৷ ঢেকীয়াজুলিৰ কিশোৰী গৰাকী আৰু মাতৃয়ে প্ৰায় সাত মাহৰ ধৰি ইটা ভাটাটোত কাম কৰি আহিছিল ৷ ইয়াৰ মাজতে ভাটাটোৰ মহৰি জনৈক চাবিৰউদ্দিনে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

এই ঘটনাৰ পিছত ইটা ভাটাৰ স্বতাধিকাৰীক বিষয়টো অবগত কৰে ৷ বিগতে পাঁচ মাহে ইটা ভাটাৰ মালিকপক্ষৰ পৰা কোনো ন্যায় নোপোৱাত আৰক্ষীৰ কাষ চাপে গৰ্ভৱতী কিশোৰীৰ মাতৃ ৷ আৰক্ষীয়ে সোমবাৰে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱায় ৷

উল্লেখ্য এই যে বেলতলিত থকা ইটা ভাটা সমূহত এনে ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ পুৰনি ৷ কিন্তু ভয়ংকৰ এই যৌন নিৰ্যাতনৰ ঘটনাৰ উপশমৰ কোনো ব্যৱস্থা চৰকাৰী অথবা বেচৰকাৰী পক্ষই লোৱা পৰিলক্ষিত হোৱা নাই ৷ ইটা ভাটাত মালিকপক্ষই কম হাজিৰাৰ বিনিময়ত শিশু, কিশোৰ-কিশোৰীক আইনবিৰুদ্ধ ভাবে শ্ৰমিক হিচাপে নিয়োগ কৰিও আহিছে ৷ সিমানে নহয় এই ভাটা সমূহে স্থানীয় বৃহত্বৰ অঞ্চলটোত ব্যাপক প্ৰদূষনৰো সৃষ্টি কৰি আহিছে ৷ শ্ৰম বিভাগ , প্ৰদূষন নিয়ন্ত্ৰন পৰিষদ আদিয়ে এই আইনবিৰোধ কামৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

ইফালে যৌন নিৰ্যাতনৰ বাবে জি ডি ইটা ভাটাত গৰ্ভৱতী হোৱা কিশোৰী গৰাকীৰ লগতে পৰিয়ালৰ লোকক আৰক্ষীয়ে সোধপোচ কৰিছে যদিও অভিযোগৰ আঙুলি উঠা অভিযুক্তক আৰক্ষীয়ে বাতৰি সংগ্ৰহৰ সময়লৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in