লামডিঙৰ ধৰ্ষণ ঘটনাৰ সন্দৰ্ভত চি.আই.ডিৰ অভিযান…

লামডিঙৰ ধৰ্ষণ ঘটনাৰ সন্দৰ্ভত চি.আই.ডিৰ অভিযান…

ডিজিটেল সংবাদ, লামডিং : লামডিঙৰ স্কুলীয়া ছাত্ৰীৰ ধৰ্ষণ কৰি হত্যা কৰা ঘটনাই এতিয়াও লামডিঙত ৰহস্য তথা চাঞ্চল্যৰ সৃষ্টি কৰি ৰাখিছে ৷ ইতিমধ্যে লামডিং আৰক্ষীয়ে অভিযুক্ত তিনিজন ক্ৰমে মিঠুন পাল, দিলীপ চাহু আৰু কনক ৰঞ্জন দাসক আটক কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে ৷ এই সমগ্ৰ ঘটনাটো অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই নিজে তদাৰক কৰাৰ লগতে সমগ্ৰ ঘটনাটো যাতে সঠিকভাৱে আৰু দোষী সাৰি যাব নোৱাৰে তাৰ বাবে CIDক নিৰ্দেশ প্ৰদান কৰিছে ৷

তাৰ পাছতে সোমবাৰে নিশা লামডিঙত এটি CIDৰ দল উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে পুনৰ তদন্ত আৰম্ভ কৰিছে ৷ তাৰোপৰি লামডিঙৰ সচেতন মহলত মূল অভিযুক্ত মিঠুন পালৰ ওপৰত গুৰুতৰ অভিযোগো উত্থাপন হৈছে ৷ ১ আগষ্টৰ সন্ধিয়া নৃশস ঘটনাটো সংঘটিত হোৱাৰ সময়ত অভিযুক্ত মিঠুন পালে সেই চেগুন বাগন খনত অবৈধ তথা চোৰাং ভাৱে গছ কটাৰো অভিযোগ উত্থাপন হৈছে ৷

মিঠুন পাল এগৰাকী কুখ্যাত বন মাফিয়া ৷ একাংশ বন বিভাগৰ লোকৰ আশীৰ্বাদত বিভিন্ন সময়ত চোৰাং কাঠৰ ব্যৱসায়ী কৰাৰো অভযোগ উত্থাপিত হৈছে ৷ জৈনক গুপ্তা নামৰ ব্যক্তি গৰাকীৰ নিজ বাগানত লামডিং বন বিভাগৰ কোনোধৰণৰ অনুমতি নোলোৱাকৈ কেইবাডালো চেগুণ গছ কাটি পেলোৱাৰ অভিযোগ উঠিছে ৷

এই সন্দৰ্ভত লামডিং ৰেঞ্জৰ বিষয়া গৰাকীয়ে কয় যে তেখেতে কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নাছিল কিন্তু কাৰ সাহসত মিঠুন পালে এনেধৰণৰ চোৰাং বেহা চলাবলৈ সাধ্য হৈছিল নে লামডিং বন বিভাগে সকলো দেখিও নেদেখাৰ ভাও ধৰিছে সেয়া ৰহস্যৰ আৱৰ্তত ৷ ইয়াৰ উপৰিও মিঠুন পালৰ বিৰুদ্ধে লামডিং আৰক্ষী চকীত তিনিটা গোচৰ ৰুজু হৈ আছে ৷

এতিয়া লামডিং আৰক্ষী আৰু CID য়ে কিদৰে দোষীৰ বিৰুদ্ধে আৰু অধিক তদন্ত কৰি অতি সোনকালে চাৰ্জচিট তৈয়াৰ কৰি ন্যায়ালত অভিযুক্তক কঠোৰত কৈ কঠোৰ শাস্তি প্ৰদান কৰিব সেয়া সময়তহে জনা যাব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in