কোভিডত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ৪ লাখ টকাৰ সাহায্য! উচ্চতম ন্যায়ালয়ত কি ক’লে কেন্দ্ৰই…

কোভিডত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ৪ লাখ টকাৰ সাহায্য! উচ্চতম ন্যায়ালয়ত কি ক’লে কেন্দ্ৰই…

কোভিডত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ৪ লাখ টকাৰ সাহায্য! উচ্চতম ন্যায়ালয়ত কি ক'লে কেন্দ্ৰই…

ডিজিটেল ডেস্কঃ কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ পৰিয়ালক ৪ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য পৰ্দান কৰাটো সম্ভৱ নহয়। দেশৰ উচ্চতম ন্যায়ালয়ক এই ক্ষেত্ৰত নিজিৰ স্থিতি স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে দেশৰ উচ্চতম ন্যায়ালয়ত জনাইছে যে কেৱল প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্প, বানপানী আদিত মৃত্যু ঘটা লোকৰ পৰিয়ালকহে চৰকাৰে সাহায্য প্ৰদান কৰাৰ নিয়ম আছে।

দেশত কোভিড আক্ৰান্ত হৈ মৃত্য হোৱা লোকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন হোৱাৰ মাজতে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰা এই স্থিতিয়ে এতিয়া চৰ্চা লাভ কৰিছে। উল্লেখ্য যে কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা পৰিয়ালৰ সদস্যক ৪ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন হৈছে।কিন্তু চৰাকাৰে কোভিডত আক্ৰান্ত লোকৰ পৰিয়ালক এইদৰে সাহায্য প্ৰদান কৰাটো সম্ভৱ নহয় বুলি স্পষ্ট কৰিছে।

মনকৰিবলগীয়া যে দেশত কোৰোনাতা আক্ৰান্ত হৈ বৰ্তমানলৈকে প্ৰায় ৪ লাখ লোকৰ লোকৰ মৃত্যু হৈছে। এই লোকসকলক কেন্দ্ৰীয় চৰাকাৰে সাহায্য প্ৰদান কৰিলে অন্য ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোককো সাহায্য প্ৰদান কৰিব লাগিব বুলি দাবী উত্থাপন হ'ব বুলি চৰকাৰে আশংকা কৰিছে। তাৰোপৰি ৪ লাখ লোকৰ পৰিয়ালক ৪ লাখকৈ টকা সাহায্য প্ৰদান কৰিবলৈ হ'লে প্ৰয়োজন হ'ব বৃহৎ পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in