কাৰাবাসৰ পৰা উভতি তামিলনাডুৰ ৰাজনীতিত পুণৰ চৰ্চাত ভি কে শশীকলা …..

কাৰাবাসৰ পৰা উভতি তামিলনাডুৰ ৰাজনীতিত পুণৰ চৰ্চাত  ভি কে শশীকলা …..

কাৰাবাসৰ পৰা উভতি তামিলনাডুৰ ৰাজনীতিত পুণৰ চৰ্চাত ভি কে শশীকলা

ডিজিটেল ডেস্ক : কোৰোনাৰ সংকটৰ সময়তে দেশৰ পাঁচ খন ৰাজ্যত নিৰ্বাচন ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। নিৰ্বাচনৰ কেইদিনমান পাছতেই তামিলনাডুৰ ৰাজনীতিত খলকনি তোলা এক খবৰে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। তামিলনাডুৰ মহিলা ৰাজনিতীবিদ ভি কে শশীকলা পুনৰ ৰাজনীতিলৈ ঘূৰি আহিব নেকি? এই প্ৰশ্ন এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে।

উল্লেখ যোগ্য যে তামিলনাডুৰ  এআইএডিএমকে দলৰ এগৰাকী সক্ৰিয় নেত্ৰী আছিল শশীকলা। প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতাৰ সহায়ক শশীকলা অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ বাবে তেওঁক ২০১৭ চনত গ্ৰেপ্তাৰ কৰা হৈছিল । সম্পূৰ্ণ ৪টা বছৰ কাৰাবাস খাটি চলিত বৰ্ষৰ জানুৱাৰী মাহত মুক্তি লাভ  কৰা শশীকলাক লৈ তামিলনাডুৰ ৰাজনৈতিৰ মহলত বিশেষ চৰ্চা আৰম্ভ হৈছে । কোন দলত যোগদান কৰিব তাক লৈ না না প্ৰশ্নৰ সৃষ্টি হৈছে ।

সামাজিক মাধ্যমত চৰ্চা অনুসৰি তামিলনাডুত জনতাৰ পৰিচিত মুখ  শশীকলাই এআইএডিএমকে দলৰ কৰ্মীৰ সৈতে ফোন যোগে বাৰ্তালাপ কৰিছে আৰু দলৰ সকলো লোককে আশ্বাস প্ৰদান কৰি মহামাৰী কোৰোনাৰ প্ৰকোপ নাইকিয়া হলেই পুনৰ দলত যোগদান কৰাৰ কথা উল্লেখ কৰিছে। পৰৰ্ৱতী সময়ত  দলটোৰ কৰ্মী সকলে য়েই কণ্ঠস্বৰ শশীকলাৰ বুলি নিশ্চিত ঘোষণা কৰিছে। শশীকলাই এআইএডিএমকে দলত যোগদান কৰাৰ সংকেট পোৱাৰ পাছতেই এআইএডিএমকে ত দ্বিতীয় স্থানত থকা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে পালানিস্বামীয়ে ইয়াক প্ৰত্যাখ্যান কৰি কৰি শশীকলা দললৈ ঘূৰি অহা সন্দৰ্ভত কয় যে শশীকলাৰ  আলোচনা তামিলনাডুৰ অন্য দল  এএমএমকে কৰ্মীৰ সৈতে  হৈছে  আৰু  কিছু দিনৰ পাছত এএমএমকে দলত যোগদান কৰাৰ সম্ভাৱনা আছে, এআইএডিএমকে কৰ্মীৰ  সৈতে তেওঁৰ কোনো  ধৰণৰ সম্পৰ্ক নাই।

 অৱশ্যে সামাজিক মাধ্যমত প্ৰচাৰ হোৱা আন এক বাৰ্তালাপত, শশীকলাই  এআইএডিএমকেৰ  এজন  কৰ্মীৰ সৈতে কথা পাতি থকাৰ অৱস্থাত পালানিস্বামীক বহু বিষয়ত কটাক্ষ কৰা দেখা গৈছিল। সেয়ে বহুতে কব বিচাৰে যে শশীকলা পুনৰ দললৈ ঘূৰি অহাৰ পক্ষপাতি নহয় পালানিস্বামী। সামাজিক মাধ্যমত প্ৰকাশ হোৱা কণ্ঠস্বৰ অনুসৰি বিগত নিৰ্বাচনত তামিলনাডুত এআইএডিএমকে ৰ পৰাজয়ৰ পাছত দলটোৰ দূৰ্বল অৱস্থা দেখি দূঃখিত হৈ পৰিছে দলৰ প্ৰাক্তন নেত্ৰী গৰাকী। সেয়ে দলটোৰ পুণৰ উদ্ধাৰ কৰা স্বাৰ্থত দললৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। আগন্তক নিৰ্বাচললৈ যথেষ্ট সময় বাকী, এই সময় চোৱাত তেওঁ দলটোৰ প্ৰতি জনসাধাৰনৰ হেৰাই যোৱা বিশ্বাস পুণৰ ঘূৰাই অনাৰ চেষ্টা কৰাৰ লগতে  মুখ্য মন্ত্ৰী জয়াললিতাই যি দৰে দলটোক ৰাইজৰ মাজত জনপ্ৰিয় কৰি তুলিছিল সেই পৰ্যায়লৈ আনিবলৈ চেষ্টা কৰিব ।এই সকলো বিষয় চৰ্চা হৈ থকাৰ সময়তে এক সুত্ৰই কয় যে যিহেতু তেওঁ দূৰ্নীতিৰ অভিযোগত কাৰাগাৰত আছিল সেয়ে ন্যায়ালয়ৰ সিদ্ধান্ত অনুসৰী ৬ বছৰলৈকে নিৰ্বাচনত অৱৰ্তীণ হব নোৱাৰিব আৰু শশীকলাই কোনটো দলত যোগদান কৰিব সেয়া প্ৰকাশ পাবলৈ কিছু দিন অপেক্ষা কৰিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in