পুৱাই অগ্নিকাণ্ডৰ ঘটনাঃ জুইত জাহ গল কেইবালাখ টকাৰ সম্পত্তি…

পুৱাই অগ্নিকাণ্ডৰ ঘটনাঃ জুইত জাহ গল কেইবালাখ টকাৰ সম্পত্তি…

পুৱাই অগ্নিকাণ্ডৰ ঘটনাঃ জুইত জাহ গল কেইবালাখ টকাৰ সম্পত্তি…

ডিজিটেল ডেস্কঃ দিল্লীত সংঘটিত হৈছে এক অগ্নিকাণ্ডৰ ঘটনা। ৰাজধানী চহৰখনৰ লাজপট নগৰ অঞ্চলৰ চেণ্ট্ৰেল মাৰ্কেটৰ এটা কাপোৰৰ শ্ব'ৰুমত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ পিছতে অঞ্চলটোত ১৬ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনগৈ উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা কৰে।

জানিব পৰা মতে শনিবাৰে পুৱা প্ৰায় ১০ঃ৩০ বজাত চেণ্ট্ৰেল মাৰ্কেটৰ কে এফ চিৰ কাষত থকা এটা কাপোৰৰ শ্ব'ৰুমতঅগ্নিকাণ্ডটো সংঘটিত হয়। স্থানীয় লোকে পুৱা শ্ব'ৰুমটোত জুই প্ৰত্যক্ষ কৰি অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে ততাতৈয়াকৈ সেই স্থানত উপনীত হৈ অগ্নি নিৰ্বাপিত কৰি পৰিস্থিতি চম্ভালিবলৈ সক্ষম হয়।

দিল্লীৰ অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰমুখ অতুল গাৰ্গে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি চেণ্ট্ৰেল মাৰ্কেটত অগ্নি সংযোগৰ ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ১৬ খনকৈ অগ্নি নিৰ্বাপনৰ বাহন সেই স্থানলৈ প্ৰেৰণ কৰা হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়। অগ্নি সংযোগৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

এই অগ্নি কাণ্ডৰ ফলত কেইবালাখ টকাৰ সম্পত্তি নষ্ট হোৱাৰ আশংকা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in