মৰিয়নিত আই পি এলৰ নামত কোটি টকাৰ জুৱা…

মৰিয়নিত আই পি এলৰ নামত কোটি টকাৰ জুৱা…

ডিজিটেল সংবাদ ,মৰিয়নি : ক্ৰিকেটৰ আই পি এল সংস্কৰণৰ খেল আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন প্ৰান্তৰ লগতে মৰিয়নিৰ চুকে-কোণে সক্ৰিয় হৈ উঠিছে এটা শক্তিশালী জুৱাৰী চক্ৰ। এই দুষ্ট চক্ৰটোৱে সহজলভ্য ধন ঘটাৰ লালসাত আই পি এলক কেন্দ্ৰ কৰি অন্য এখন জুৱা সদৃশ খেল সমান্তৰালকৈ আৰম্ভ কৰি বহু লোকক সৰ্বশ্ৰান্ত কৰি আহিছে।

বৰ্তমান আই পি এল খেল আৰম্ভ হোৱাৰ লগে লগে মৰিয়নি চহৰৰ লগতে ইয়াৰ আশে-পাশে থকা থকা চাহ বাগিছা সমূহত এটা দুষ্ট চক্ৰই আই পি এল জুৱাৰ খেলখন মুকলিকৈ চলাই অহাৰ পিছতো প্ৰশাসনে দুষ্টচক্ৰটোৰ লগত জড়িত সকলক নাকী লগাবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

ফলশ্ৰুতিত বৃহস্পতিবাৰে আটছা'ৰ মৰিয়নি আঞ্চলিক সমিতিয়ে বৃহস্পতিবাৰে মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক এখন ষ্মাৰক পত্ৰ প্ৰদান কৰিছে। সংগঠনটোৰ মৰিয়নি আঞ্চলিকৰ সভাপতি বন্ধন গোৱালা আৰু সম্পাদক দিনেশ চাহুৱে স্বাক্ষৰ কৰা ষ্মাৰক পত্ৰখনত ৰাকেশ, বুলু, ভাই, মাণিক ( দাৱা), সুজিত ( বুৰা ), সুৰেণ নামৰ জুৱাৰী কেইজনৰ নাম স্পষ্টকৈ উল্লেখ কৰি এইসকলৰ বিৰুদ্ধে অনতিপলমে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in