শেহতীয়া খবৰ
মানকাচৰৰ কাকৰিপাৰাত ট্ৰেক্টৰৰ খুন্দাত নিহত কিশোৰ  •  ২০২১ত বিজেপিক পৰাভূত কৰিব লাগিব, গঢ়িব লাগিব বিকল্প শক্তিঃ পুনৰ ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণৰ পিছতে আৰু কি ক'লে অখিল গগৈয়ে, VIDEO  •  ৬০ কোটিৰ দেৱালেৰে ট্ৰাম্পৰ চকুৰ পৰা দৰিদ্ৰ ঢাকিছিল চৰকাৰে, পিছে দিল্লীত ঢাকিব নোৱাৰিলে ক্ষোভৰ জুই  •  শ্বিলঙৰ কিশোৰীৰ উদ্ভাৱনী সামৰ্থক লৈ স্তভিত দেশবাসীঃ কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মানিত কৰিলে মেইদাইবাহুন মাজাঅ'ক...  •  ভয় নেদেখুৱাব এমএলএ ছাৰ, ডিউটিহে কৰিছো...  •  দিল্লীত উত্তেজনা অব্যাহতঃ মেজপুৰত গুলীচালনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ডিচিপিৰ, পুনৰ আহত ৬ জন  •  দিল্লীৰ বিদ্যালয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প, VIDEO  •  দিল্লীত অসহায় কেজৰিৱাল...  •  মনত আছিল ভুল ধাৰণাঃ ড'নাল্ড টাম্পে ভাৱি আছিল তাজমহল নিৰ্মাণ কৰিছিল....  •  ৰাজঘাটৰ 'ভিজিটৰ বুক'ত কি লিখি থৈ গ'ল মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে...

ৰাণু মণ্ডলে গোৱা ‘আ…আ…আ…তেৰী মেৰি কাহিনী’ শীৰ্ষক গীতটি মুক্তি… VIDEO

806

ডিজিটেল ডেস্কঃ ‘তেৰী মেৰি কাহিনী’, এইটোৱে প্রথম গীত য’ত কণ্ঠদান কৰিছে পশ্চিমবংগৰ এটা ৰে’ল ষ্টেচনৰ পৰা বলিউডলৈ যাত্ৰা কৰা ৰাণু মণ্ডলে। এটি নিশাৰ ভিতৰতে সকলোৰে পৰিচিত হৈ পৰা ৰাণু মণ্ডলে কণ্ঠদান কৰা এই গীতটো প্ৰতিষ্ঠিত গায়ক তথা সংগীত পৰিচালক হিমেশ ৰেছমীয়াৰ নতুন ছবি ‘হেপ্পী হাৰ্ডী এণ্ড হীৰ’ৰ।

ৰাণু মণ্ডলৰ এই গীতটো ইউটিউবত মুক্তি পোৱাৰ পাছতেই এতিয়া ভাইৰেল হৈ পৰিছে। মাত্ৰ ৮ ঘণ্টা পূৰ্বে মুক্তি পোৱা এই গীতটো ইউটিউবত চাইছেল ১৬ লাখৰো অধিক লোকে। বৰ্তমান ইয়াৰ পৰা বুজিব পৰা গৈছে যে, ৰাণু মণ্ডলৰ কণ্ঠক আদৰি লৈছে সকলোৱে।

উল্লেখ্য যে, তেৰী মেৰি কাহিনীৰ উপৰিও হিমেশ ৰেছমীয়াৰ এই ছবিখনত ৰাণু মণ্ডলে আৰু দুটা গীতত কৰিছে কণ্ঠদান। ‘আদত’ আৰু ‘আশ্বিকী মে তেৰী’ গীত দুটিও যে ছুপাৰহীট হ’ব সেয়া সকলোৱে আশা কৰিছে। হিমেশ ৰেছমীয়াই নিজে মুখ্য চৰিত্ৰত অভিনয় কৰা এই নতুন ছবিখন মুক্তি পোৱাৰ পূৰ্বেই এনেদৰে সকলোৱে আদৰি লৈছে গীত কেইটি।

ৰাণু মণ্ডলৰ এই যাত্ৰাৰ বিষয়ে সবিশেষ পঢ়কঃ

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি