শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

নদীবান্ধৰ বিৰুদ্ধে তৎপৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই

ডিজিটেল সংবাদ, নগাঁও: এইবাৰ নদীবান্ধৰ বিৰুদ্ধে তৎপৰ হ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই। নদীবান্ধৰ বাবেই নগাঁৱত জলপ্ৰলয়ৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়, “নদীবান্ধে উপকাৰতকৈ বেছি অপকাৰহে কৰিছে। নদীবান্ধ সমূহে জোখ-মাখ নোহোৱাকৈ পানী এৰি দিয়াৰ ফলতে মধ্য অসমত জলপ্ৰলয়ৰ সৃষ্টি কৰিছে। চৰকাৰে এইক্ষেত্ৰত নদীবান্ধ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”

আনহাতে বানপানীত এইবাৰ মধ্যঅসমত ৰাইজৰ ব্যাপক ক্ষয়-ক্ষতি কৰাৰ কথা উল্লেখ কৰি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে কয়, “মই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছো তেঁও কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি অসমৰ বাবে অন্তত ৪-৫ হাজাৰ কোটি টকাৰ সাহাৰ্য প্ৰদান কৰিবলৈ চেষ্টা কৰক।”

 কলং-কপিলীৰ বানে নগাঁৱৰ মীনপালকৰ ব্যাপক ক্ষয়-ক্ষতি কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়, “নগাঁৱৰ মীন পালকৰ বিলাই নাইকীয়া হৈছে। সকলো মীন পালকৰ লোকচান হৈছে। মোৰ নিজৰ কৃষিপাম খনো বানত বুৰ গ’ল। মাছ-খেতি চব শেষ হ’ল। জীৱনত এনেকুৱা জলপ্ৰলয় দেখা নাছিলো।”

আৰু পঢ়ক: এইবাৰ গৰম বন্ধ কেতিয়া? জনালে শিক্ষামন্ত্ৰীয়ে…