ভাৰতীয় সেনাৰ গোপন তথ্য পাকিস্তানক যোগান! পাঞ্জাৱত মহিলাসহ দুজনক গ্ৰেপ্তাৰ...

নতুন দিল্লীৰ পাকিস্তান উচ্চায়ুক্তত নিযুক্তি পোৱা এজন বিষয়াৰ সৈতে জড়িত চোৰাংচোৱা কৰ্মত জড়িত থকাৰ অভিযোগত পঞ্জাৱ আৰক্ষীয়ে দেওবাৰে এগৰাকী ৩১ বছৰীয়া মহিলাকে ধৰি দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

author-image
Asomiya Pratidin
New Update
 টছত জিকি নিৰ্বাচনত জয়ী দুই প্ৰাৰ্থী।

ডিজিটেল ডেস্ক: নতুন দিল্লীৰ পাকিস্তান উচ্চায়ুক্তত নিযুক্তি পোৱা এজন বিষয়াৰ সৈতে জড়িত চোৰাংচোৱা কৰ্মত জড়িত থকাৰ অভিযোগত পঞ্জাৱ আৰক্ষীয়ে দেওবাৰে এগৰাকী ৩১ বছৰীয়া মহিলাকে ধৰি দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

Advertisment

ঘটনা সন্দৰ্ভত পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে সদৰি কৰে যে, গ্ৰেপ্তাৰ হোৱা ২জন লোক গুজালা আৰু ইয়ামিন মহম্মদ বুলি চিনাক্ত কৰা হৈছে। ধৃত দুয়োজনেই মালেৰকোটলা জিলাৰ বাসিন্দা। আৰক্ষীয়ে দুয়োজন লোকৰ হাতৰ পৰা দুটা মোবাইল ফোনো উদ্ধাৰ কৰিছে। উল্লেখযোগ্য যে, অমৃতসৰ আৰক্ষীয়ে পাকিস্তানৰ চোৰাংচোৱা সংস্থাক সেনাৰ চাউনী অঞ্চল আৰু বিমান ঘাটিৰ স্পৰ্শকাতৰ তথ্য আৰু ফটো ফাদিল কৰাৰ অভিযোগত ফালক্ষেৰ মাছিহ আৰু সুৰজ মাছিহ নামৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই ঘটনা সংঘটিত হৈছে।

ধৃত ২ অভিযুক্তই গোপনীয় তথ্য ভাগ-বতৰা কৰাৰ বিনিময়ত অনলাইন লেনদেনৰ জৰিয়তে ধন লাভ কৰি আহিছিল। হেণ্ডলাৰৰ সৈতে সঘনাই সংস্পৰ্শত আছিল আৰু তেওঁৰ নিৰ্দেশনা অনুসৰি অন্যান্য স্থানীয় কৰ্মীসকললৈ ধন প্ৰেৰণৰ কামত জড়িত আছিল বুলিও পঞ্জাৱৰ ডিজিপিয়ে উল্লেখ কৰে।

ডিজিপি গৰাকীয়ে লগতে সদৰি কৰে যে, "এই অভিযানে সীমা অতিক্ৰম কৰি চোৰাংচোৱাগিৰিৰ নেটৱৰ্ক ভাঙি পেলোৱাৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে।  প্ৰতিষ্ঠিত প্ৰট’কল অনুসৰি অধিক তদন্ত কৰা হ’ব, য’ত বিত্তীয় ট্ৰেইলৰ সন্ধান কৰা আৰু নেটৱৰ্কৰ ভিতৰত অতিৰিক্ত অপাৰেটিভ আৰু সংযোগ চিনাক্ত কৰাত গুৰুত্ব দিয়া হ’ব।"

চোৰাংচোৱা সংস্থা পাকিস্তান পঞ্জাৱ