/asomiyapratidin/media/media_files/2026/02/01/1-2026-02-01-16-39-51.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ গুৱাহাটী মধুপুৰ ধোপৰতলস্থিত শ্ৰী শ্ৰী গোপাল থানত ধৰ্মীয় পৰম্পৰা অনুসৰি ৫৭ সংখ্যক বাৰ্ষিক পূজা অনুষ্ঠিত হয়। ১,২ আৰু ৩ ফেব্ৰুৱাৰী লৈকে অনুষ্ঠিত হ'ব এই পূজা। পূজা উপলক্ষে তিনিও দিনে বিভিন্ন ধৰ্মীয় অনুষ্ঠান আয়োজন কৰিছে আয়োজক সমিতিয়ে ।
/asomiyapratidin/media/post_attachments/577727df-960.png)
পকা কলেৰে উপচি পৰিছে মধুপুৰ গোপালথান।পূজাৰ বাবে ভকতে আগবঢ়াইছে থোকে থোকে পকা কল।এই উৎসৱত অংশ ল’বলৈ অহা ভক্তসকলে আগবঢ়াইছে শ শ পকা কলৰ থোক। এই গোপাল গোৱিন্দক মনোবাঞ্চা পূৰণ বাবে কলৰ থোক আগবঢ়োৱা হয়।
এই সময় চোৱাত ভক্তসকলে শ শ কলৰ ঠোক উচৰ্গা কৰি নিজৰ নিজৰ মনোবাঞ্চনা পূৰণৰ বাবে ঈশ্বৰক প্ৰাৰ্থনা কৰে।। লোকে লোকাৰণ্য হৈ পৰা মন্দিৰৰ চৌপাশে উলমি ৰৈছে পকা কল। ভক্তৰ নাম কীৰ্তন হৰি নামেৰে মুখৰিত হৈ পৰিছে উত্তৰ গুৱাহাটী। আয়োজক সমিতিয়ে সকলো ধৰ্মপ্ৰাণ ৰাইজক উপস্থিত থাকি পূজাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
/asomiyapratidin/media/post_attachments/8c07f6ce-9bf.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us