নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ দাবীত ডিমাপুৰত বিশাল ৰেলী

নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ দাবীত ডিমাপুৰত বিশাল ৰেলী

ডিজিটেল সংবাদ, ৱাখা: নগা ৰাজনৈতিক সমস্যাৰ আগতীয়া নিষ্পত্তিৰ দাবীত শুকুৰবাৰে নৱ গঠিত নাগালেণ্ড পিপলছ একচন কমিটী বা এন পি এ চিয়ে বিশাল সমদল উলিয়ায় । পুৱা দহ বজাত ডিমাপুৰৰ ছুপাৰ মাৰ্কেট এলেকাত উলিওৱা এই ৰেলীত হাজাৰ হাজাৰ লোকে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ বিগত সাত দশক জোৰা নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ দাবী জনায় ।

প্ৰতিবাদী ৰাইজে চাৰ্কিট হাউচ-ৱালফৰ্ড জংচনৰ পৰা ছুপাৰ মাৰ্কেট-কুডা গাঁৱৰ ৰোড জংচনলৈকে পথটোৰ দীঘলীয়া অংশটো হাজাৰ হাজাৰ লোকে ভৰি পৰে । সমদলকাৰী সকলে হাতত প্লেকাৰ্ডলৈ– "GoI should deliver what is promised"; "আমি সমাধান বিচাৰো, নিৰ্বাচন নহয়"; "২৫ বছৰৰ আলোচনা এটা প্ৰজন্ম"; " নগা ৰাজনৈতিক সমাধান কৰক"; "নাগৰিক সমাজৰ প্ৰকৃত অংশীদাৰ"; " শান্তি অবিহনে, কোনো প্ৰগতি নহয় "; No political will no solution , ইত্যাদি শ্লগানেৰে উত্তাল কৰি তোলে ।

উল্লেখযোগ্য যে ২০০৩ চনৰ পৰা নিৰ্বাচিত জনপ্ৰতিনিধি সকলে নগা সমস্যাৰ সমাধানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে চি এছ অ'ৰ সৈতে পৰামৰ্শমূলক বৈঠক অনুষ্ঠিত কৰাৰ লগতে কেন্দ্ৰীয় নেতাসকলৰ সৈতে সাক্ষাৎ কৰি আগতীয়া সমাধানৰ বাবে হেঁচা দিবলৈ দিল্লী ভ্ৰমণ কৰাৰ পিছতো নগা জনসাধাৰণে শেহতীয়াকৈ সমাধানৰ অনিশ্চয়তাত ক্ষোভিত হৈ পৰিছে।

এনপিএচিৰ আহবায়ক থেজা থিৰিৰে , ছুখাটো জালিপু , ইনছুমনবা পনগেন আৰু খোদাও নগুলীৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ নাগালেণ্ডৰ ৰাজ্যপাল জগদীশ মুখীৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈও পত্ৰ প্ৰেৰণ কৰিছে । য'ত তেওঁলোকে কয় যে নাগালেণ্ড পিপলছ একচন কমিটিয়ে যিকোনো পৰিস্থিতিত নগা ৰাজনৈতিক সমস্যাৰ সমাধানক আদৰণি জনাব আৰু তাক ৰক্ষা কৰিব।

তদুপৰি এনপিএচিয়ে কয় যে যদিও নগা সমস্যাৰ ৰাজনৈতিক আলোচনা আৰম্ভ হোৱাৰ ২৫ বছৰ হ'ল কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সমাধানত উপনিত নোহোৱাত অন্তহীন আলোচনাই নগাসকলৰ জীৱনত বিৰূপ প্ৰভাৱ পেলাইছে। সমগ্ৰ শাসন ব্যৱস্থাৰ ওপৰত এক বৃহৎ ক্ষতিসাধন কৰিছে। বিশেষকৈ ২০১৯ চনৰ ৩১ অক্টোবৰত নগা শান্তি আলোচনা সমাপ্ত হোৱা বুলি ঘোষণা কৰাৰ পিছতো কিয় নগা সমস্যা সমাধান পলম হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে ।

নগা জনসাধাৰণে ৰাজনৈতিক সমস্যাটোৰ আশু সমাধান বিচাৰিছে । এনপিএচিয়ে লগতে দাবী কৰে যে অমীমাংসিত ৰাজনৈতিক সমস্যাটোৱে বাবেই সকলো স্তৰতে দুৰ্নীতিয়ে চৰকাৰী বিভাগসমূহক জুৰুলা কৰি পেলাইছে। সমতাপূৰ্ণ কল্যাণমূলক সূত্ৰৰ অভাৱৰ বাবে প্ৰতিটো নগা পৰিয়ালৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ভাঙি পৰিছে বুলি এনপিএচিৰ মন্তব্য কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in