৩৭ বছৰে জৰাজীৰ্ণ ভাড়া ঘৰত চলিছে চৰকাৰী কাৰ্যালয়

৩৭ বছৰে জৰাজীৰ্ণ ভাড়া ঘৰত চলিছে চৰকাৰী কাৰ্যালয়

ডিজিটেল সংবাদ, জোনাই : ধেমাজি জিলাৰ বান বিধ্বস্ত জোনাই মহকুমাৰ জলসম্পদ বিভাগৰ উপ-সংমণ্ডলৰ স্থায়ী কার্যালয় গৃহ নোহোৱাত বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে ৰাইজে ভীষণ সমস্যা তথা হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। উল্লেখযোগ্য যে ১৯৮৫ চনতে স্থাপন কৰা জলসম্পদ বিভাগৰ জোনাই উপ-সংমণ্ডল কার্যালয়খন বিগত ৩৭ বছৰে জোনাই মহকুমা সদৰৰ নেপালী বস্তিত এখন জৰাজীৰ্ণ ভাড়া ঘৰত চৰম দুৰাৱস্থাৰ মাজেৰে চলি আছে।

বিগত পাঁচ বছৰে ঘৰ ভাড়া দিব নোৱৰাত জলসম্পদ বিভাগৰ জোনাই উপ-সংমণ্ডল কাৰ্যালয়ৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ লগতে মেৰামতিৰ অভাৱত জৰাজীৰ্ণ তথা ভগা-ছিগা ভাৰা ঘৰত বহু অসুবিধা তথা সমস্যাৰ মাজেৰে কাৰ্যালয়খন চলিব লগা হৈছে। ভাড়াত চলা কাৰ্যালয়ৰ ভাৰা আদায় নিদিয়াত বিদ্যুৎ সংযোগ কাটি দিয়াত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে ভীষণ সমস্যাৰ সন্মুখীন হ'বলগা হৈছে।

তদুপৰি জৰাজীৰ্ণ ভাড়া ঘৰটোত চৰকাৰী কাৰ্যালয়ৰ কোনো পৰিবেশ নাই। ভগা-ছিগা তথা জৰাজীৰ্ণ কাৰ্যালয় ঘৰটোত কোনো নিৰাপত্তা নোহোৱাৰ লগতে বিষয়া-কৰ্মচাৰীসকলে বহি কাৰ্যালয় চলাই নিবলৈ কোঠাৰ অভাৱ। জোনাই উপ-সংমণ্ডল জলসম্পদ বিভাগে ভাড়াত চলি থকা কাৰ্যালয়ৰ ঘৰ ভাড়া বিচাৰি চৰকাৰলৈ বিগত পাঁচ বছৰে বাৰম্বাৰ পত্ৰ প্ৰেৰণ কৰাৰ পিচতো কোনো ফল ধৰা নাই।

বান বিধ্বস্ত জোনাই মহকুমাৰ সীমান্তৱৰ্তী ঐৰামঘাটৰ পৰা চিচিবৰ গাঁৱৰ গাই নদীলৈকে সামৰি গঠন কৰা জোনাই উপ-সংমণ্ডল জনসম্পদ বিভাগৰ কাৰ্যালয়ত এগৰাকী সহকাৰী কাৰ্যবাহী অভিযন্তাৰ লগতে কাৰ্যালয়ৰ কৰ্মচাৰী আৰু বিভিন্ন ছেক্টৰৰ কনিষ্ট অভিযন্তা, কৰ্মচাৰী আদিক লৈ মুঠ ৩১ গৰাকী বিষয়া-কর্মচাৰী আছে। উল্লেখযোগ্য যে জলসম্পদ বিভাগৰ জোনাই উপ-সংমণ্ডলৰ নামত জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত জোনাই সদৰত দাগ নং ২৬১ ত ৪ কঠা ১৫ লেচা ভূমি আবণ্টন আছে।

উক্ত ভূমিত স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে ১ কোটি ৭২ লাখ টকাৰ প্ৰাককলন প্ৰস্তুত কৰি ইতিমধ্যে মুখ্য অভিযন্তা কাৰ্যালয়ত জমা দিছে। কিন্তু কাৰ্যালয় নিৰ্মাণৰ প্ৰাককলন দীৰ্ঘ দিন ধৰি মুখ্য অভিযন্তাৰ কাৰ্যালয়ত ফাইলৰ ধমৰ মাজত পৰি আছে।

ফলত উক্ত ভূমিত শীঘ্ৰে কাৰ্যালয় নিৰ্মাণ কৰিবলৈ ৰাইজে বাৰম্বাৰ দাবী জনাও ফল ধৰা নাই। ইপিনে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই কেইবামাহ আগতে জোনাইলৈ আহি জোনাই জলসম্পদ বিভাগৰ স্থায়ী কাৰ্যালয়খন শীঘ্ৰে নিৰ্মাণ কৰাৰ আস্থা প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে জলসম্পদ বিভাগৰ অধীনত জোনাইত লালী -চিয়াং নদীৰ বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ঐৰামঘাটৰ পৰা আনু মিচিং গাঁৱলৈ নবাৰ্ড, ৬ কোটি ৫০ লাখ টকাৰে ৩,২০০ মিটাৰ দৈৰ্ঘ্যৰ পাৰ্কিউপাইন, মালভোগ তিনি আলিৰ পৰা তাৰিমাজ গাঁৱলৈ এছ অ' পি ডি -জি শিতানৰ ৪ কোটি ৫০ লাখ টকাৰে ২,৭০৫ মিটাৰ মথাউৰি, বেৰা নগাঁও পৰা ভোলুকাগুৰিলৈ এছ অ' পি ডি -জি শিতানৰ ৭ কোটি টকাৰে ৩,১৩৫ মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি, বেৰা চাপৰিৰ পৰা বদলপুৰলৈ ব্ৰহ্মপুত্ৰৰ পাৰত এছ অ' পি ডি -এফ ডি আৰ শিতানৰ ১৪ কোটি ৭৫ লাখ পুঁজিৰে ৮,৮০০ মিটাৰ দৈৰ্ঘ্যৰ পাৰ্কিউপাইন আৰু গাইনদীৰ দুয়োপাৰে মথাউৰি সবলিকৰণ আৰু সুৰক্ষাৰ ১৮ কোটি ২২ লাখ টকাৰ আচঁনি চলি আছে।

ফলত উক্ত আচঁনি কেইটা সফল ৰূপায়ণ আৰু বিভাগটো অধিক সক্ৰিয়ভাৱে বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কাম কৰাৰ সুবিধা বাবে জোনাইত শীঘ্ৰে জলসম্পদ বিভাগৰ স্থায়ী কাৰ্যালয় গৃহ নিৰ্মাণ কৰিবলৈ ৰাইজে বাৰম্বাৰ দাবী জনাইছে। উল্লেখযোগ্য যে চিয়াং-নানী নদীৰ লগতে বিভিন্ন নদী, উপ-নদীৰ বানপানী আৰু গৰাখহনীয়াই প্ৰতি বছৰে জোনাই মহকুমাৰ দুই শতাধিক গাঁৱৰ লক্ষ্যাধিক লোক আক্রান্ত হৈ আহিছে।

কিন্তু জোনাই উপ-সংমণ্ডল জলসম্পদ বিভাগৰ এনে দুৰৱস্থাৰ বিপৰীতে জোনাইৰ ৰাইজে ইয়াৰ বিভিন্ন নদীৰ ভয়াবহ বান-খহনীয়াৰ কৱলত পৰি দুর্বিষহ জীৱন সংগ্রাম চলাব লগা হৈছে। চিয়াং-লালী নদীৰ লগতে চিলে, লেকু, ৰাজাখান, ডেপি, ডেতাক, দিখাৰী, চেৰেং, ডেকানদী, চিমেন নদী, গাইনদী আদি বিভিন্ন নদীৰ বান-খহনীয়াত প্ৰতি বছৰে জোনাই সমষ্টিৰ বহু গাঁৱৰ শ শ পৰিয়ালৰ ঘৰ-বাৰী নদীৰ বুকুত জাহ যোৱাৰ লগতে শ শ বিঘা শস্যভূমি ক্ষয় ক্ষতি কৰি আহিছে। ফলত বানপানী আৰু খহনীয়া নিয়ন্ত্ৰণৰ দৰে গুৰুত্বপূৰ্ণ জলসম্পদ বিভাগৰ জোনাই উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ এনে দুৰাৱস্থাই ৰাইজক চিন্তিত কৰিছে। ফলত জোনাই উপ-সংমণ্ডল জলসম্পদ বিভাগৰ নিজা স্থায়ী কার্যালয় গৃহ নিৰ্মাণ কৰিবলৈ চৰকাৰৰ ওচৰত ৰাইজে দাবী জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in