ম্যানমাৰৰ সামৰিক অভ্যুত্থানঃ ৰাষ্ট্ৰসংঘত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ…

ম্যানমাৰৰ সামৰিক অভ্যুত্থানঃ ৰাষ্ট্ৰসংঘত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ…

ম্যানমাৰৰ সামৰিক অভ্যুত্থানঃ ৰাষ্ট্ৰসংঘত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ….

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত উত্থাপন হ'ল ম্যানমাৰৰ নেত্ৰী আং চাং চ্যুকীৰ মুক্তিৰ দাবী । শুক্ৰবাৰে অনু্ষ্ঠিত হোৱা সাধাৰণ পৰিষদৰ বৈঠকত আং চান চ্যুকীৰ মুক্তীৰ দাবী উত্থাপন হোৱাৰ লগতে দেশখনত পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰিও দেশখনত শেহতীয়াকৈ সৃষ্টি হোৱা পৰিবেশকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে। পৰিষদৰ এই বৈঠকতে ভাৰতৰ চুবুৰীয়া দেশখনৰ সামৰিক নেতা জুণ্টালৈ বিশ্ব সমুদায়ক অস্ত্ৰৰ যোগান বন্ধকিৰবলৈ আহ্বান জনোৱা হয়। সংঘৰ এই প্ৰস্তাবলৈ সমৰ্থন আগবঢ়াই ১১৯ খন সদস্য ৰাষ্ট্ৰই। ইয়াৰ বিপৰীতে ৩৬ খন সদস্য ৰাষ্ট্ৰই এই প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত থাকে।

ম্যানমাৰৰ গণতান্ত্ৰীক নেত্ৰী আং চান চ্যুকীৰ হাতৰ পৰা ক্ষমতা কাঢ়ি আনি বিগত ১ ফেব্ৰুৱাৰীত গণতান্ত্ৰীক নেত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰে ৰাষ্ট্ৰখনৰ সামৰিক নেতা জুণ্টাই। মুঠ ৭ টা গোচৰত অভিযুক্ত কৰি চ্যুকীক আটক কৰি সামৰিক নেতা জুণ্টাই চ্যুকীৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কোৰোনা মহামাৰীৰ সংক্ৰমণৰ সময়তে নিয়ম উলংঘন কৰি চ্যুকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা, নিজৰ লগত নীতি বৰ্হিভূতভাৱে ৱাকি টকী ৰখা, দুৰ্নীতিত লিপ্ত হোৱা আদিৰ দৰে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে চ্যুকীৰ বিৰুদ্ধে। গনতান্ত্ৰীক প্ৰক্ৰিয়াৰে ম্যানমাৰৰ ক্ষমতা দখল কৰা চ্যুকীক অগনতান্ত্ৰীক প্ৰক্ৰিয়াৰে ক্ষমতাচ্যুত কৰি বিগত ১৪ জুনৰ পৰা তেওঁৰ বিৰুদ্ধে বিচাৰ আৰম্ভ কৰিছ সামৰিক আদালতত। চ্যুকীৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ সত্য প্ৰমানিত হ'লে পুনৰ নেত্ৰীগৰাকী ১৫ বছৰৰ বাবে বন্দী হোৱাটো নিশ্চিত। ২০১০ চনত জুণ্টাই আৰোপ কৰা গৃহবন্দীত্বৰ পৰা মুক্তি পোৱা চ্যুকীয়ে পুনৰ ১৫ বছৰৰ বাবে বন্দীত্বৰ জীৱন কটাবলগীয়া হ'লে জীৱনৰ শেষ সময়ছোৱা যে বন্দীত্বৰ মাজতেই পাৰ কিৰব লাগিব সেয়া নিশ্চিত। কিয়নো চ্যুকীয়ে ইতিমধ্যে জীৱনৰ ৭৫ টা বসন্ত পাৰ কৰিছে।

উল্লেখ্য যে বিগত ১ ফেব্ৰুৱাৰীত সামৰিক নেতা জুণ্টাই আং চান চ্যুকীক আটক কৰি ২৮ মে'ত ন্যায়ালয়ত হাজিৰ কৰায়। এইসময়ছোৱাত তেওঁ চ্যুকীৰ দল নেছনেল লীগ ফৰ ডেম'ক্ৰেচিক ভংগ কৰিবলৈও চেষ্টা অব্যাহত ৰাখিছে।জুণ্টাই চ্যুকীৰ উপৰিও তেওঁৰ দলৰ আন আন নেতাকো আটক কৰিছে। ইয়াৰ মাজতে দেশখনৰ পৰা ভাৰতলৈ পলাই আহিছে কেইবাজনো নেতা।

গণতান্ত্ৰীক নেত্ৰীগৰাকীক আক্ৰোষমূলকভাৱে বন্দী কৰি পুনৰ ১৫ বছৰৰ বাবে গৃহবন্দী কৰাৰ কৌশল ৰচনা কৰা সামৰিক জুণ্টাৰ বিৰুদ্ধে ৰাষ্ট্ৰখনত প্ৰতিবাদৰ জুৱাৰ উঠিছে। এই প্ৰতিবাদ মষিমূৰ কৰিবলৈ সামৰিকবাহিনীয়ে ৮০০ৰো অধিক লোকক হ্ত্যা কৰিছে। গ্ৰেপ্তাৰ কৰিছে ৰাষ্ট্ৰখনৰ বহু হাইপ্ৰফাইল তথা জনপ্ৰিয় ব্যক্তিক। তথাপিও শান্ত হোৱা নাই ম্যানমাৰ। জুণ্টাৰ বিৰুদ্ধে আজিও প্ৰতিবাদত উত্তাল ম্যানমাৰ।

জানিব পৰা মতে ইতিমধ্যে জুণ্টাই গ্ৰেপ্তাৰৰ বাবে নিৰ্দেশ দিয়া ম্যানমাৰৰ কেইবাজনো ৰাজনৈতিক নেতা ভাৰতলৈ পলাই আহিছে। এই নেতাসকলৰ মাজত আছে ৰাষ্ট্ৰখনৰ মন্ত্ৰী আৰু সাংসদ। ইয়াৰ উপৰিও ভাৰতলৈ পলাই আহিছে বহু সাধাৰণ জনতা। এইসকল লোকে মিজোৰামত আশ্ৰয় গ্ৰহণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in