মৰিশালী নিস্তব্ধতা জয়ন্তৰ বাসগৃহতঃ আইতাককলৈ জীয়াই থকা মুনমীৰ মুখ্যমন্ত্ৰীলৈ বিশেষ আহবান…

মৰিশালী নিস্তব্ধতা জয়ন্তৰ বাসগৃহতঃ  আইতাককলৈ জীয়াই থকা মুনমীৰ মুখ্যমন্ত্ৰীলৈ বিশেষ আহবান…

মৰিশালী নিস্তব্ধতা জয়ন্তৰ বাসগৃহঃ আইতাককলৈ জীয়াই থকা মুনমীৰ মুখ্যমন্ত্ৰীলৈ বিশেষ আহবান…


ডিজিটেল সংবাদ বেকাজানঃ এটা বছৰৰ ভিতৰত চকুৰ সন্মুখতে ঘটি যোৱা ঘটনাবোৰকলৈ খুবেই শোকাৰ্ত তথা মৰ্মাহত মুনমী বৰা । পিতৃ প্ৰয়াত হেম বৰাই ভাৰতীয় সেনা বাহিনীত যোগদান কৰি দেশ সেৱাকৰা বুলি কৰা গৌৰৱ এতিয়া থানবান হৈ গ'ল । কি ভুল কৰিছিল জয়ন্তই , সেয়া আজিও ৰহস্য হৈ ৰ'ল পৰিয়ালৰ বাবে । নিমিষতে ঘটা ঘটনাত শেষ হৈ গ'ল এটা পৰিয়াল । দুটাকৈ ঘটি যোৱা অতি হৃদয়বিদাৰক ঘটনাই বৰ্তমান দিশহাৰা কৰি তুলিছে সেনা-আৰক্ষী বৰ্বৰ নিৰ্যাতনত মৃত্যু হোৱা জয়ন্ত বৰাৰ ভগ্নী মুনমী বৰাক । এটা মাত্ৰ বছৰৰ ভিতৰতে চকুৰ সন্মুখতে ঘটা দুটাকৈ হৃদয়বিদাৰক ঘটনাৰ পাছত এতিয়া মাত্ৰ আইতাক লীলেশ্বৰী কছাৰী আৰু মুনমীহে বাছি আছে নিঠৰুৱা পৰিয়ালটিত ।

ককায়েক জয়ন্ত আৰু মাতৃ লীলা বৰাক হেৰুৱাই এতিয়া বাকৰুদ্ধ হৈ পৰিছে মুনমী । প্ৰয়াত পিতৃ হেম বৰাই ভাৰতীয় সেনাত যোগদান কৰি দেশ সেৱা কৰা সেই একেই ভাৰতীয় সেনাৰ নৃসশংসতাৰ বলি হ'বলগীয়া হ'ল তিতাবৰ মহকুমাৰ বৰহোলাৰ গাভৰু আলি গাঁৱৰ লীলা বৰাৰ পৰিয়াল । যি চৰকাৰ – প্ৰশাসনৰ প্ৰতি আস্থা ৰাখি পুত্ৰৰ ন্যায়ৰ অপেক্ষা কৰি পুত্ৰৰ মৃত্যুৰ বাৰ্ষিকৰ দিনাই মাতৃয়েও মৃত্যুক সাৱটি লোৱা ঘটনা চৰম দুৰ্ভাগ্যজনকজনক ।

সেনা -আৰক্ষীৰ বৰ্বৰতাত জয়ন্ত বৰাৰ মৃত্যুত জাতীয় দল-সংগঠনৰ প্ৰতিবাদৰ জুই নোমোৱাবলৈ চোতাল উপচি পৰি প্ৰতিশ্ৰুতিৰ বন্যা বোৱোৱা সেই ৰাজনৈতিক নেতাসকলৰ আজি খবৰ লবলৈ আহৰি নাই । তদন্তৰ নামত ভেকোভাওনা আৰু প্ৰতিশ্ৰুতিৰ নামত মিথ্যাচাৰ আশ্ৰয় লোৱা চৰকাৰৰ মন্ত্ৰী- বিষয়াৰ প্ৰতি চৰম ঘৃণা জন্মিছে বালিজান গাঁওবাসী ৰাইজৰ । ইফালে চৰকাৰে ন্যায়ৰ প্ৰতি কৰা অৱহেলাৰ বাবেই মাতৃ লীলা বৰাৰ মৃত্যু ঘটা বুলি অভিযোগ কৰিছে জয়ন্ত বৰাৰ ভগ্নী মুনমী বৰাই ।

শুক্ৰবাৰে সংবাদ মাধ্যমৰ আগতে জয়ন্তৰ একমাত্ৰ ভগ্নী মুনমীয়ে উচুপি কই – চৰকাৰে দাদাৰ হত্যাৰ তদন্তৰ প্ৰতিবেদন প্ৰকাশ নকৰাৰ বাবে আজিও গম নাপালো কোনে মাৰিলে তাক । ঘৰৰ পৰা কিন্তু সেনা-আৰক্ষীয়ে বলপূৰ্বক উঠাই লৈ গৈছিল । মৃত্যুৰ এদিনৰ পাছত মন্ত্ৰী অতুল বৰা , যোগেন মহন সাংসদ তপন গগৈ আৰু কামাখ্যা প্ৰসাদ তাছাই উপস্থিত হৈ সাতদিনৰ ভিতৰত তদন্তৰ কথা জনাম বুলি লিখিত প্ৰতিশ্ৰুতি দিছিল । কিন্তু সেই সাতদিন পাৰ হৈ এবছৰ অতিক্ৰম কৰিলে দাদাৰ হত্যাৰ তদন্ত প্ৰকাশ নাপালে । ন্যায়ৰ আশাত মায়ে দাদাৰ ফটোখন বুকুত সাৱটি লৈ অপেক্ষা কৰিছিল কিন্তু মায়ে ন্যায় নাপালে । মাও আজি মোক এৰি থৈ গুচি গল । মায়ে সদায় দাদাৰ কথাকে ভাৱি ভাৱি ভাতপানী এৰি দিছিল । মাৰ লগত অকল আইতা আছিল । দাদাৰ শোকত দুয়োজনী মানসিকভাৱে ভাগি পৰিছিল । অৱশেষত ন্যায়ৰ আশা বুকুত বান্ধি মা দাদাৰ ওচৰলৈ গলগৈ ।

ক্ষোভত ভাগি পৰা মুনমীয়ে কয়– ক্ষতিপূৰণৰ বাহিৰে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পালন নকৰিলে । চাকৰি নামত কাগজ-পত্ৰ বিচাৰি দুমাহমান ডি চি অফিচলৈ দৌৰালে । কিন্তু এবছৰ, হল চাকৰি নহ'ল । ইয়াৰ উপৰিও মুনমীয়ে জয়ন্তৰ হত্যাকাৰীক চৰকাৰে পুনৰ পদোন্নতি দিয়াত অসন্তুষ্টি প্ৰকাশ কৰে ।

ইফালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা অংকুৰ সোণোৱালে কয় যে কেৱল ক্ষমতাৰ বাবে বলিয়ান হোৱা মানুহখিনিয়ে ইয়ালৈ আহি জয়ন্ত হত্যাৰ ন্যায়ৰ বাবে ডাঙৰ ডাঙৰ কথা ক'লে । সেই সময়ত আমি জয়ন্ত বৰাৰ হত্যাৰ তদন্তৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাত কেবিনেট মন্ত্ৰী অতুল বৰাই কৈছিল – মই এলাপেছা মানুহ নহয় । মই চিধাচিধি মানুহ । আপোনালোকে মই দিয়া প্ৰতিশ্ৰুতি বিশ্বাস কৰক । অথচ সেই এলাপেছা মানুহ নোহোৱা বুলি জাহিৰ কৰা মন্ত্ৰী অতুল বৰাই আজি দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় আৰু চৰকাৰে প্ৰতিশ্ৰুতি দিয়া চাকৰিটো পালে নে নাই তাৰ খবৰ লবলৈ আহৰি নাই । হয়তো মন্ত্ৰী অতুল ,যোগেনহঁতে পাহৰিলে জয়ন্ত মাতৃ লীলা বৰাক দি থৈ যোৱা সেই লিখিত প্ৰতিশ্ৰুতি । চোতালত ভৰি থৈ লীলা বৰাক পুত্ৰ ন্যায়ৰ এমাহৰ ভিতৰত দিব বুলি প্ৰতিশ্ৰুতি দিয়া আয়ুক্ত ললিত গগৈয়ে প্ৰকাশ নকৰিলে তদন্তৰ প্ৰতিবেদন। ইপিনে পুত্ৰৰ ন্যায়ৰ অপেক্ষা কৰি কৰি অৱশেষত প্ৰথম মৃত্যু বাৰ্ষিকী দিনাই মৃত্যুক সাৱটি লয় । এতিয়া কেৱল আইতাক আৰু ভগ্নী বাছি থকা জয়ন্ত বৰাৰ ঘৰখনত এতিয়া কেৱল মৰিশালী নিস্তব্ধতা । শেষ হৈ গল এদিন দেউতাকে দেশৰ সেনা বাহিনী চাকৰি কৰা বুলি গৌৰৱ কৰা পৰিয়াল ‌।

কেৱল মাত্ৰ দুগৰাকী নাৰী বাছি থকা ঘৰখন এতিয়া দিশাহাৰা হৈ পৰিছে । জয়ন্ত বৰাৰ ভগ্নী মুনমী বৰাই মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাক এবাৰ তেওঁলোকক সাক্ষাত কৰি দুৰ্ভগীয়া পৰিয়ালটোৰ পৰিস্থিতি বুজ লোৱাৰ লগতে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰি মাতৃ লীলা বৰাৰ আত্মাক শান্তি দিবলৈ আহবান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in