/asomiyapratidin/media/media_files/2025/07/30/new-ap-web-5-5-2025-07-30-12-05-08.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। মঙলবাৰে নিশা প্ৰায় ডেৰ বজাত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেত্ৰীগৰাকীক। অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ৬৩০/২৫ আধাৰত ৰুজু কৰা হৈছে গোচৰ।
শেহতীয়াকৈ মহানগৰ যান-বাহন আৰক্ষীৰ উপ আয়ুক্তই সম্বোধন কৰা এক সংবাদমেলত সদৰি কৰে যে, নন্দিনীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে জামিনবিহীন গোচৰ। পৰ্যায়ক্ৰমে তেওঁৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে।
ইফালে এই সংবাদমেলত আৰক্ষী বিষয়াগৰাকীয়ে নন্দিনীৰ মিথ্যাচাৰ ফাদিল কৰে। দুৰ্ঘটনা সংঘটিত কৰাৰ কিছু মূৰ্হুতৰ পাছতে নন্দিনীয়ে ফোনযোগে আৰক্ষীক অৱগত কৰা বুলি সদৰি কৰিছিল। কিন্তু শেহতীয়াকৈ অসম আৰক্ষী তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে, দুৰ্ঘটনাক লৈ নন্দিনীয়ে আৰক্ষীৰ সৈতে ফোনযোগে কোনো যোগাযোগ কৰা নাছিল।
আৰক্ষীয়ে উক্ত ঘটনাৰ সন্দৰ্ভত শনিবাৰে দিনৰ ভাগত অৱগত হোৱা বুলিহে সদৰি কৰিছে সংবাদ মাধ্যমত।যান-বাহন আৰক্ষীয়ে খবৰ পোৱাৰ পাছতে নন্দিনীক মাতি পঠাইছিল আৰু বাহনখন যাৱতীয় পৰীক্ষা কৰি যাবলৈ দিয়া হৈছিল বুলি কয় মহানগৰ যান-বাহন আৰক্ষীৰ উপ আয়ুক্তগৰাকীয়ে।