/asomiyapratidin/media/media_files/2025/03/25/kxuh168m6JNbdGNt5iH2.jpg)
ddddddd Photograph: (ddddddd)
ডিজিটেল ডেস্কঃ বিগত দুবছৰত জম্মু-কাশ্মীৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ লাখৰো অধিক পকী ঘৰ নিৰ্মাণ কৰা হৈছে বুলি সোমবাৰে প্ৰকাশ কৰে গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ মন্ত্ৰী জাবিদ আহমদ দাৰে।
বিধানসভাত বিজেপিৰ বলৱন্ত সিং মানকোটিয়াই কৰা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, এই আঁচনিৰ অধীনত সকলো যোগ্য বাকী থকা পৰিয়ালক সামৰি লোৱাৰ বাবে এক নতুন সমীক্ষা চলি আছে।
কেন্দ্ৰীয় পৃষ্ঠপোষকতাত পিএমএৱাই-জি আঁচনিৰ অধীনত ২০২৫ চনৰ ১৮ মাৰ্চলৈকে মুঠ ৩,০৪,৫৪৪টা ঘৰৰ ভিতৰত ২,৬০,১২৪টা জম্মুত আৰু কাশ্মীৰত ৪৪,৪২০টা ঘৰ সম্পূৰ্ণ হৈছে।
লগতে ৰাজৌৰী জিলাত সৰ্বোচ্চ ঘৰ ৫৫,৮২৯, পুঞ্চত ৪৬,৭৫২, ৰামবনচ ৩১,৭১৪, দোডাত ২৮,০৯৭ , ৰিয়াছিত ২৬,৪৪৯ ,উধমপুৰত ২১,১৪৩, কাঠুৱাত ২১,০৬১ ,কিশ্বৰত ১৪,৪৪২, আৰু ছাম্বাত ২,৩৫২ টা ঘৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে।
কাশ্মীৰত অনন্তনাগ জিলাত সৰ্বাধিক ঘৰ ৯,৯৯৯,তাৰ পিছতে কুপৱাৰাত ৯,৭৭৫, বাৰামুল্লাত ৫,৫৩৪, কুলগামত ৫,২৩৮, বন্দীপাৰাত ৩,৮৫২,গণ্ডাৰবালত ২,৯১৮, পুলৱামাত ২,৪৭৯, শ্বপিয়ান ২,৩৯৮, বদগাম ২,১৬৪ আৰু শ্ৰীনগৰত ৬৩ টা ঘৰ সম্পূৰ্ণ হৈছে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয়, বিগত দুবছৰত সমগ্ৰ জম্মু কাশ্মীৰত পৃথক পৃথক অগ্নিকাণ্ডৰ ফলত ১২৮৮টা ঘৰ জ্বলি গৈছে। এছডিআৰএফৰ নীতি-নিয়মৰ অধীনত এই ঘৰ সমূহৰ ক্ষতিপূৰণ হিচাপে ১.৩০ লাখ টকাৰ ধন দিয়া হৈছিল।