অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ উদ্যােগত বিশেষ কৰ্মশালা

অসম ৰাজ্যিক চলচ্চিত্ৰ  নিগমৰ উদ্যােগত বিশেষ কৰ্মশালা

ডিজিটেল ডেস্ক: অসম ৰাজ্যিক চলচ্চিত্ৰ( বিত্ত আৰু উন্নয়ন) নিগমৰ উদ্যােগত শনিবাৰৰ পৰা আৰম্ভ হোৱা চলচ্চিত্ৰ সম্পৰ্কীয় বিশেষ কৰ্মশালাৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত হয় মন্ত্ৰী পিযুষ হাজৰিকা । এই কৰ্মশালাত ভাৰতীয় ছবি জগতৰ (বলিউড) প্ৰসিদ্ধ পৰিচালক, চিত্ৰ নিৰ্মাতা মধুৰ ভাণ্ডাকাৰ ডাঙৰীয়াই "বিশেষ চিত্ৰ নিৰ্মাণৰ আধুনিক পদ্ধতি"ৰ ওপৰত "মাষ্টাৰ ক্লাছ" প্ৰদান কৰে।

উল্লেখ্য যে, কেইবাগৰাকী ছবি নিৰ্মাতা, পৰিচালকে প্ৰশিক্ষণ প্ৰদান কৰিব এই অনুষ্ঠানত। মন্ত্ৰী গৰাকীয়ে কয় যে এই কৰ্মশালাই নিশ্চিত ভাৱে অসমীয়া ছবিৰ সৈতে জড়িত আৰু আগ্ৰহী কলা-কুশলী সকলক উপকৃত কৰিব।লগতে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে অসমীয়া ছবিৰ সকলো দিশ উন্নয়নৰ বাবে যথাসম্ভৱ সকলোখিনি কৰিবলৈ বদ্ধপৰিকৰ।

আজিৰ এই অনুষ্ঠানত মন্ত্ৰী হাজৰিকাৰ সৈতে উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচ্চিত্ৰ পৰিচালিকা মঞ্জু বৰা , অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ ,অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ উপাধ্যক্ষ ডা° আলেখ্য বৰুৱা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in