শেহতীয়া খবৰ
কবিতা/১৯ "হৰ ঘৰ ত্ৰিৰংগা"  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...

GMCH ৰ পৰা সন্ধানহীন ৰোগী, চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ পৰিয়ালৰ

ডিজিটেল ডেস্ক: জি এম চি এইচৰ পৰা সন্ধানহীন এজন ৰোগী। ১ আগষ্টৰ পৰা ৰোগীজন ভৰ্তি হৈ আছিল চিকিৎসালয় খনত। সন্ধানহীন ৰোগীজনৰ নাম দিলীপ দাস বুলি জানিব পৰা গৈছে।

চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ দিলীপ দাসৰ পৰিয়ালৰ । ৩ আগষ্টত ৰোগীজন সন্ধানহীন হৈছিল জি এম চি এইচৰ পৰা । এই সন্দৰ্ভত ৰোগীৰ পৰিয়ালে ভঙাগড় থানাত ৰুজু কৰিছিল গোচৰ। কিন্তু এতিয়ালৈকে ৰোগী জনৰ কোনো তথ্য লাভ কৰা হোৱা নাই।

এই সমগ্র ঘটনাক লৈ জি এম চি এইচৰ অধ্যক্ষ ডাঃ অভিজিৎ শৰ্মাই কয় যে ১ আগষ্টত দেৰগাঁৱৰ ৰোগীজন ভৰ্তি হৈছিল। ‘৩ আগষ্টত তেওঁক ঘৰলৈ যাবলৈ দিয়াৰ কথা আছিল কিন্তু তাৰ পূৰ্বেই ৰোগীজন নিজেই ওলাই যায়।

উল্লেখ্য যে, ৰোগীজন সাধাৰণ ৰোগীৰ দৰেই চিকিৎসালয়ৰ পৰা ওলাই যায়। এই সমগ্ৰ ঘটনা বন্দী হৈছে চিচিটিভি কেমেৰাত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।


আৰু পঢ়ক: উৎকোচ লৈ গ্ৰেপ্তাৰ গুৰুপ্রসাদ খাটনিয়াৰ