বোকাজানত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পিযুষ হাজৰিকাৰ…

বোকাজানত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পিযুষ হাজৰিকাৰ…

ডিজিটেল সংবাদ, বোকাজান: বোকাজানৰ বিজেপি প্ৰাৰ্থী মাধুৰ্য ঢেকিয়াল ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী পিযুষ হাজৰিকাই। অহা ৩০ মে'ত কাৰ্বি আংলংলৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযানত বোকাজানত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে বোকাজানৰ সৰিয়হজানত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে।

খেলপথাৰ পৰিদৰ্শন কৰি বোকাজানৰ বিজেপি প্ৰাৰ্থী মাধুৰ্য ঢেকিয়াল ফুকনৰ হৈ প্ৰচাৰ চলায় মন্ত্ৰী পিযুষ হাজৰিকাই। ২৬ টা সমষ্টিয়েই বিজেপিয়ে দখল কৰিব আৰু বিৰোধী শূন্য হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in