মানকাচৰ নামঘৰ ৰূপালী জয়ন্তী অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দাস…

মানকাচৰ নামঘৰ ৰূপালী জয়ন্তী অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দাস…

ডিজিটেল সংবাদ, মানকাছৰঃ ২৭ মেৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা মানকাচৰ নামঘৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ আজি অন্তিম দিনা মন্ত্ৰী ৰঞ্জিত দাস মুখ্য অতিথি হিচাপে উপস্থিত থাকি মানকাচৰ নামঘৰ ৰূপালী জয়ন্তীৰ স্মাৰক গ্রন্থ শংকৰজ্যোতি শুভ উন্মোচন কৰে।

উল্লেখযোগ্য যে পশ্চিম অসমৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী মানকাচৰত থকা জগত গুৰু শংকৰদেৱ নামঘৰ আৰু শংকৰী কলা সংস্কৃতি বিকাশ কেন্দ্ৰ নিৰ্মাণৰ ইতিমধ্যে ২৫ বছৰ সম্পন্ন হৈছে। ২৫ বছৰ উপলক্ষে ২৭ মেৰ পৰা ২৯ মেলৈ উদযাপন কৰিবলৈ লোৱা হৈছে ৰুপালী জয়ন্তী। ইতিমধ্যে বিভিন্ন কাৰ্য্যসূচীৰে দুদিনীয়া কাৰ্য্যসূচী শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত হোৱাৰ পাছত আজি অন্তিম দিনাৰ কাৰ্য্যসূচীত মন্ত্ৰী ৰঞ্জিত দাস অংশগ্ৰহণ কৰে।

মন্ত্ৰী গৰাকী দিনৰ প্ৰায় ১.৩০ বজাত হেলিকপ্টাৰ যোগে মানকাচৰৰ কামাখ্যাবাৰী হেলিপেডত উপস্থিত হৈ নামঘৰত উপস্থিত হয়। নামঘৰত মন্ত্ৰী গৰাকী সেৱা লৈ নামঘৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ মুকলি সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰী গৰাকীৰ সৈতে মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক জাবেদ ইছলাম, জিলা উপায়ুক্ত পল্লৱী সৰকাৰ, জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল, নামঘৰৰ স্থায়ী সভাপতি ভৱানী প্ৰসাদ অধিকাৰী, নামঘৰৰ নিৰ্মান কৰা প্রতিষ্ঠাপক সম্পাদক অক্ষয় কুমাৰ ডেকাৰ লগতে জিলা প্ৰশাসনৰ বহু কেইগৰাকী বিষয়া, বিজেপিৰ নেতা কৰ্মী উপস্থিত থাকে।

এই মুকলি সভাত মন্ত্ৰী গৰাকী মানকাচৰ নামঘৰ ৰূপালী জয়ন্তীৰ স্মাৰক গ্রন্থ শংকৰজ্যোতি শুভ উন্মোচন কৰে। আনহাতে মন্ত্ৰী গৰাকী ৰূপালী জয়ন্তী অনুষ্ঠানৰ সামৰণি কৰি সাংবাদিকৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় মানকাচৰত ইতিমধ্যে পাঁচখন নামঘৰ আছে।

অনাগত দিনত ভক্ত সকলে আৰু অধিক নামঘৰ নিৰ্মান কৰিবলৈ তেওঁ আহ্বান জনায় কয় যে নামঘৰ নিৰ্মাণৰ ক্ষেত্ৰত মন্ত্ৰী গৰাকীৰ লগতে মুখ্যমন্ত্ৰীয়ে সকলো প্ৰকাৰৰ সহায় সহযোগিতা কৰিব। লগতে তেওঁ কয় যে মানকাচৰত থকা আন চাৰি খন নামঘৰতো তেওঁ অনাগত দিনত সেৱা জনাব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in