/asomiyapratidin/media/media_files/2024/12/10/uqjKdw1T1qR2FteOYqQx.jpg)
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ নৱেম্বৰত দেশৰ ফাৰ্মা উদ্যোগৰ বৃহত উত্থান দেখা পোৱা গৈছে। বজাৰ গৱেষণা সংস্থা ফাৰ্মাৰেকে প্ৰকাশ কৰা তথ্য অনুসৰি নৱেম্বৰ মাহত ভাৰতীয় ঔষধ বজাৰৰ ৯.৯% আৰু পৰিমাণৰ হিচাপত ৩.১% বৃদ্ধি পাইছে ।
যোৱা চাৰি মাহত দুৰ্বল প্ৰদৰ্শনৰ পিছত নৱেম্বৰ মাহটো এই খণ্ডৰ বাবে ইতিবাচক মাহ হিচাপে পৰিগণিত হয়, যিয়ে তীব্ৰ আৰু দীৰ্ঘদিনীয়া ক্ষেত্ৰসমূহৰ মূল চিকিৎসা ক্ষেত্ৰসমূহত চাহিদা বৃদ্ধিৰ ইংগিত দিয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, দেশৰ টেলিকম, কম্পিউটাৰ সেৱা তথা ফাৰ্মা খণ্ডত বিনিয়োগৰ পৰিমাণ ব্যাপকভাৱে বৃদ্ধি পাইছে।এই বছৰত এই তিনিওটা খণ্ডত বিনিয়োগৰ পৰিমাণ প্ৰায় ৪৫শতাংশ বৃদ্ধি পাইছে। যাৰ মূল্য হৈছে ২৯.৭৯বিলিয়ন মাৰ্কিন ডলাৰ।
এইখিনিতে উল্লেখ কৰিব লাগিব যে, ২০২৩-২৪বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহত এই খণ্ডটোত বিদেশী বিনিয়োগৰ পৰিমাণ আছিল ২০.৫বিলিয়ন মাৰ্কিন ডলাৰ। চলিত বছৰত এই বিনিয়োগৰ পৰিমাণ বৃদ্ধি পাই হৈছেগৈ ২৯.৭৯বিলিয়ন ডলাৰ।
এই বছৰত জুলাই-ছেপ্টেম্বৰ ত্ৰিমাসিকত এই বিনিয়োগৰ পৰিমাণ ৪৩শতাংশ বৃদ্ধি হৈ হৈছেহৈ ১৩.৬বিলিয়ন ডলাৰ। ২০২৩ত এই পৰিমাণ আছিল ৯.৫২বিলিয়ন ডলাৰ। কেন্দ্ৰীয় চৰকাৰৰ তথ্যত পোহৰলৈ অহা প্ৰতিবেদনৰ পাছতে এতিয়া এই খণ্ড কেইটাত আশাৰ সঞ্চাৰ কৰিছে।