পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য…

পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য…

ডিজিটেল ডেস্কঃ পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। দেওবাৰে দেশত জাৰি কৰা হয় নতুন ইন্ধনৰ মূল্য। ইণ্ডিয়ান অইল ক'ৰ্পৰেশ্যনৰ মতে, ৰাজধানী চহৰ দিল্লীত ৬ জুনৰ দিনটোত পেট্ৰ'লতক ২৭ পুইচা বৃদ্ধি পোৱাৰ পাছত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৯৫.০৩ টকালৈ বৃদ্ধি পালে। ইফালে, ৰাজ্যখনত ডিজেলৰ মূল্য ২৯ পইচা বৃদ্ধি পোৱাৰ পাছত প্ৰতি লিটাৰ ডিজেলৰ মূল্য বৰ্তমান ৮৫.৯৫ টকা হৈছে।

ইফালে, মু্ম্বাইত ১০০টকাৰো অধিক মূল্যত বিক্ৰী হৈছে প্ৰতি লিটাৰ পেট্ৰ'ল। মহানগৰীখনত দেওবাৰে ২৭ পইচা বৃদ্ধি পোৱাৰ পাছত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য বৰ্তমান সময়ত ১০১.২৫ টকা হৈছে। ইফালে, ডিজেলত ৩১ পইচা বৃদ্ধি পোৱাৰ পাছত ইয়াৰ মূল্য ৯৩.৩০ টকা হৈছেগৈ।

একেদৰেই দেশৰ আনবোৰ ৰাজ্যতো বৃদ্ধি পাইছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। চেন্নাইত দেওবাৰৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৯৬.৪৭ টকা আৰু ডিজেলত ৯০.৬৬ টকালৈ বৃদ্ধি পাইছে। আনহাতে, কলকাতাত ৯৫.০২ টকা প্ৰতিলিটাৰ পেট্ৰ'লত আৰু ৮৮.৮০ টকা ডিজেলত হৈছেগৈ।

বাংগালুৰুতো পেট্ৰ'লৰ মূল্য বৃদ্ধি পাইছে। প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য বাংগালুৰুত ৯৮.২০ টকা হোৱাৰ লগতে ডিজেলৰ মূল্য ৯১.১২ টকা হৈছেগৈ। যদি কোনো লোকে নিজৰ নিজৰ চহত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য কিমান হৈছে জানিবলৈ বিচাৰে তেন্তে তাৰ বাবে ইণ্ডিয়ান অইল এছ এম এছ সেৱা ব্যৱহাৰ কৰিব পাৰে।

মোবাইল নম্বৰ 9224992249ত RSP<স্পেচ>পেট্ৰ'ল পাম্প ডিলাৰ ক'ড লিখিলেই জানিব পাৰিব পেট্ৰ'লৰ মূল্য। আপোনালোকৰ এলেকাৰ আৰএছপি ক'ড ৱেবচাইটলৈ গৈও চাব পাৰিব। এই মেছেজটো দিয়াৰ পাছতে দিনটোৰ ইন্ধনৰ মূল্য জানিব পৰা যাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in