কোভিড মহামাৰীৰ সজাগতা সৃষ্টিৰ প্ৰয়াস পুৰণিগুদামৰ চিত্ৰ শিল্পী মহেন্দ্ৰ বৰাৰ …

কোভিড মহামাৰীৰ সজাগতা সৃষ্টিৰ প্ৰয়াস পুৰণিগুদামৰ চিত্ৰ শিল্পী মহেন্দ্ৰ বৰাৰ …

ডিজিটেল সংবাদ, পুৰণিগুদাম: কোৰোনা মহামাৰীৰ ভয়াৱহতাৰ সময়তে নগাঁৱৰ কাষৰি গাঁৱৰ এজন ৭০ উৰ্ধ্বৰ চিত্ৰ শিল্পীয়ে দেখুৱাইছে এক উল্লেখনীয় নিদৰ্শন। চাৰিওফালে কোভিডৰ ভয়াৱহতা ইয়াৰ মাজতেই মহেন্দ্ৰ বৰা নামৰ বৃদ্ধ শিল্পী জনে হাতত ৰং-তুলিকা লৈ ৰাজহুৱা স্থানত অংকন কৰিছে কোভিড-১৯ৰ সন্দৰ্ভত সজাগতামূলক বহুবোৰ বাণী। সম্পূৰ্ণ খৰচ নিজাববীয়াকৈ বহন কৰি চিত্ৰ শিল্পী গৰাকীয়ে প্ৰথম অৱস্থাত কাষৰিগাওঁ মজলীয়া বিদ্যালয় প্ৰাংগনৰ দেৱালত অংকন কৰাৰ পাছতেই এইবাৰ পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ দেৱালত কোভিড মহামাৰীৰ ভয়াৱহতাৰ বাণী অংকন কৰিছে।

ইয়াৰ জৰিয়তে শিল্পী গৰাকীয়ে এই জটিল সন্ধিক্ষণত ৰাইজে চৰকাৰ তথা স্বাস্থ্য বিভাগে জাৰি কৰা কোভিড সংক্ৰান্তীয় সকলো নীতি-নিৰ্দেশনা আখৰে-আখৰে পালন কৰি মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব প্ৰতি মুহূৰ্ততে বজাই ৰাখিবলৈ আহ্বান জনাইছে। বয়সীয়াল শিল্পী জনে আগবঢ়োৱা এনে ইতিবাচক পদক্ষেপে এতিয়া বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ সকলোৰে দৃষ্টি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে দেশত প্ৰতিদিনাই ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে নতুনকৈ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ লগতে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰো সংখ্যা কমিছে পূৰ্বৰ তুলনাত। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৪ ঘন্টাত ভাৰতত নতুনকৈ ১১৪৪৬০জন লোক কোৰোনাত আক্ৰান্ত হৈছে। এই সংখ্যা যোৱা দুমাহত সৰ্বনিম্ন।

ইফালে, এই সময়চোৱাত দেশত কোৰোনাত আক্ৰান্ত ২৬৭৭জন ৰোগীৰ মৃত্যু হৈছে। উল্লেখ্য যে, দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱা লোক কেইজনৰ পাছত এই ভাইৰাছত বৰ্তমানলৈ আক্ৰান্ত লোকৰ সংখ্যা ২৮৮০৯৩৩৯জনলৈ বৃদ্ধি পালে আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৩৪৬৭৫৯জনলৈ।

লক্ষণীয় যে, ভাৰতত আৰোগ্য লোকৰ সংখ্যাও বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত দেশত সুস্থ হৈছে ১৮৯২৩২জন লোক। আৰু ইয়াৰ পাছতে বৰ্তমানলৈ দেশত আৰোগ্য লোকৰ সংখ্যা ২৬৯৮৪৭৮১জনলৈ বৃদ্ধি পালে। আনহাতে, বৰ্তমানেও চিকিৎসাধীন হৈ আছে ১৪৭৭৭৯৯জন কোৰোনাত আক্ৰান্ত ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in