শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

বিষ্ণুৰাভা দিৱস উপলক্ষে অনলাইন চিত্ৰাংকন প্ৰতিযোগিতা…

বিষ্ণুৰাভা দিৱস উপলক্ষে অনলাইন চিত্ৰাংকন প্ৰতিযোগিতা…

ডিজিটেল সংবাদ মঙলদৈঃ আগন্তুক বিষ্ণু ৰাভা দিৱস উপলক্ষে দৰং জিলা সাহিত্য সভাই শিশু সকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে শিশু সকলৰ মাজত অনুষ্ঠিত কৰিছে এক অনলাইন চিত্ৰাংকন প্ৰতিযোগিতা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা’ শীৰ্ষক এই চিত্ৰাংকন প্ৰতিযোগিতাত অষ্টম শ্ৰেণী পৰ্যন্ত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব।

ক্লিক কৰি পঢ়কঃবকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

দেশত চলি থকা কোৰোনা মহামাৰীৰ আটংক আৰু লক ডাউনৰ পৰিপ্ৰেক্ষিতত এই চিত্ৰাংকন প্ৰতিযোগিতা অনলাইন মাধ্যমেৰে অনুষ্ঠিত হ’ব।প্ৰতিযোগিতাখনত দৰং জিলা সাহিত্য সভাৰ অন্তৰ্গত যিকোনো শাখাৰ, যিকোনো বিদ্যালয়ত পঢ়ি থকা শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব।অংশগ্ৰহণকাৰীসকলে ঘৰতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ চিত্ৰ অংকণ কৰি চিত্ৰৰ তলত নিজৰ নাম,পঢ়ি থকা শ্ৰেণী, পঢ়ি থকা স্কুলৰ নাম, শাখা সাহিত্য সভাৰ নাম লিখি শাখা সাহিত্য সভাৰ সম্পাদক বা কুঁহিৰ আহ্বায়কৰ জৰিয়তে ৭০৮৬৭৮৬৪৮১ ফোন নম্বৰত ১৮ জুন ২০২১ তাৰিখৰ ভিতৰত প্ৰেৰণ কৰিব পাৰিব।

প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক আগন্তুক ২০ জুনত জিলা সাহিত্য সভাই আয়োজন কৰিবলগীয়া ৰাভা দিৱসৰ মুকলি সভাত পুৰস্কাৰ প্ৰদান কৰা হ’ব বুলি জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামী আৰু জিলা সাহিত্য সভাৰ কুঁহি ৰ আহ্বায়ক প্ৰবীণ বৰুৱাই জনাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি