বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ  বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

ডিজিটেল সংবাদ ,বকো : কামৰূপ জিলাৰ বকোৰ ছাটাবাৰী ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ মাৰুতী ফুডচ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোত চাউলৰ ক'লা বজাৰৰ উচিত তদন্তৰ দাবীত ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাই শুকুৰবাৰে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে ৷ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ দলটোৱে জিলা উপায়ুক্ত কাৰ্তিক কৈলাশ এনক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীলৈ দিয়া স্মাৰকপত্ৰ খনত উল্লেখ কৰামতে উক্ত ঘটনাৰ তদন্তৰ নামত বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয় আৰু ছয়গাঁৱৰ চক্ৰ বিষয়া জয়ন্ত বৰাই ভেকোভাওনা কৰা বুলিও অভিযোগ কৰে দলটোৱে ৷

আনহাতে ৩ জুনৰ দিনা ১৪ খনকৈ ভাৰতীয় খাদ্য নিগমৰ পৰা অবৈধভাৱে চাউল কঢ়িয়াই অনা চাউলৰ গাড়ী জব্দ কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ প্ৰবন্ধক আৰু গাণনিকৰ লগতে সাতজন লোকক আটক কৰি নিশাই মুকলি কৰি দিয়াৰ কাৰ্যৰো ছাত্ৰ সংগঠনটোৱে তীব্ৰ সমালোচনা কৰে। উদ্যোগ প্ৰতিষ্ঠানটোত থকা এক লাখৰো অধিক ভাৰতীয় খাদ্য নিগমৰ চাউল জব্দ কৰাৰ পিছতো ঘটনাৰ সবিশেষ তদন্ত নকৰাত আশ্চাৰ্যপ্ৰকাশ কৰি ছাত্ৰ সংগঠনটোৱে অনতিপলমে সকলোধৰণৰ  তথ্য ৰাজহুৱা কৰিবলৈ দাবী জনায় । খাদ্য নিগমৰ চাউলৰ ক'লা বজাৰৰ সৈতে জড়িত হৈ পৰা উদ্যোগ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী দীপক আগৰৱালাৰ লগতে গটনাৰ সৈতে জড়িত আন লোক সকলকো গ্ৰেপ্তাৰ কৰাৰ বাবেও দাবী জনায় ৷

উদ্যোগ প্ৰতিষ্ঠানটোলৈ কেনেকৈ ভাৰতীয় খাদ্য নিগমৰ চাউল আহিল তাক লৈ স্থানীয় প্ৰশাসনে কোনো তদন্ত নকৰাত প্ৰশাসনৰ ওপৰত ৰাইজ সন্দেহ উপজা বুলিও তেওঁলোকে মন্তব্য কৰে ৷এই ক্ষেত্ৰত এক উচিত তদন্তৰ লগতে ইয়াৰ লগত জড়িত ভাৰতীয় খাদ্য নিগমৰ বিষয়া কৰ্মচাৰী সকলক চিনাক্ত কৰি উচিত শাস্তি বিহিবলৈও দাবী জনায় ৷  আনহাতে স্থানীয় প্ৰশাসনে এই বৃহৎ কেলেংকাৰীৰ ক্ষেত্ৰত অতি কৌশলৰে মৌন ভূমিকা গ্ৰহণ কৰাৰ বাবে আছুৱে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি স্থানীয় প্ৰশাসন তথা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰী গৰাকীক আহ্বান জনাই ।

উল্লেখযোগ্য যে যোৱা ১ জুনৰ নিশা বকোৰ নধিপাৰাগাঁৱত ৰাইজে এখন ট্ৰাকসহ চাউল জব্দ কৰি বকো আৰক্ষীক গটাই দিয়াৰ পিছত আৰক্ষীয়ে ৩জুনৰ নিশা ছাটাবাৰী ঔদ্যোগিক কেন্দ্ৰৰ দীপক আগৰৱাল নামৰ অসাধু বণিয়াৰ মাৰুতী ফুড ইউনিটচ – ২ নামৰ কোম্পানীৰ গুডামলৈ অহা ভাৰতীয়া খাদ্য নিগমৰ ১৩ খন ক'লা বজাৰ চাউল সহ ট্ৰাক জব্দ কৰাৰ লগতে ৭ গৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়। কিন্তু আটক কৰা লোক কেইগৰাকীক ৰহস্যজনক ভাৱে আৰক্ষীয়ে মুকলি কৰি দিয়াক লৈ ৰহস্যৰ সৃষ্টি হয়। ম্পেনীটোৰ গুডামত ৫০ হেজাৰ কুইণ্টল ক'লা চাউল মজুত থকাৰ তথ্যও পোহৰলৈ আহিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in