১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত পুনৰ ৩৭৫৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰ বিপৰীতে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৫১জনৰ মৃত্যু।

২. কেন্দ্ৰীয় মন্ত্ৰীত্ব হেৰুৱাব পাৰে ৰামেশ্বৰ তেলীয়ে! অহা ১২-১৩জুনত মোডী মন্ত্ৰীসভা সালসলনিৰ সম্ভাৱনা আছে। তাৰ পূৰ্বে যোৱা বুধবাৰে ৰামেশ্বৰ তেলীক মাতি নি তেওঁ কৰা কামৰ খতিয়ান লয় প্ৰধানমন্ত্ৰীয়ে।

৩. জনসংখ্যা নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বেদখল ৰোধ কৰা সম্ভৱ নহয়'- এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

১ মিনিটত ২৫ খবৰ…

৪. দক্ষিণ কামৰূপত সক্ৰিয় চোৰাং গৰুৰ সৰবৰাহকাৰী৷ চোৰাং গৰু সৰবৰাহৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ৷

৫. অলিম্পিকলৈ যোগ্যতা অৰ্জন অসমৰ বক্সাৰ লাভলিনা বৰগোঁহাইৰ৷ চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন লাভলিনাৰ৷

৬. মহাৰাষ্ট্ৰত মালাডত চাৰিমহলীয়া এটা অট্টালিকা খহিঁ পৰি ১১গৰাকী লোকৰ মৃত্যু। ইয়াৰে ৪টি শিশু।

১ মিনিটত ২৫ খবৰ…

৭. হাৰিয়ানাত পুৰন ৫৩৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৬৩৬৫জন ৰোগী।

৮. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত নতুনকৈ কোৰোনাত আক্ৰান্ত ৭৩০জন লোক।

৯. যোৱা ২৪ ঘন্টাত তেলেংগানাত নতুনকৈ ১৭৯৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১৪জনৰ মৃত্যু।

১ মিনিটত ২৫ খবৰ…

১০. মুম্বাইত পুনৰ ৬৬০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। মহানগৰীখনত বৰ্তমান সময়ত ৰিকভাৰী ৰেট ৯৫ শতাংশ।

১১. ঝাৰখণ্ড একাডেমিক কাউন্সিলৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত। এই কথা টুইটাৰ যোগে জনালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণে।

১২. মহাৰাষ্ট্ৰত পুনৰ ১২২০৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৬০৬৯৩জন ৰোগী।

১ মিনিটত ২৫ খবৰ…

১৩. মহাৰাষ্ট্ৰৰ লোখণ্ড চ'লত খহি পৰিল তিনিটাকৈ বাসগৃহত। এই ঘটনাৰ পাছতে প্ৰাণ হেৰুৱালে এজন লোকে।

১৪. কৰ্ণাটকত পুনৰ ১১০৪২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১৯৪জনৰ মৃত্যু।

১৫. বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে সাক্ষাৎ কৰে কুৱেইটৰ বিদেশ মন্ত্ৰী ড০ আহমেদ নাছাৰ আল মহম্মদ আল ছাহাবক।

১৬. তামিলনাডুত পুনৰ ১৬৮১৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৮৮৬৬৪জন ৰোগী।

১ মিনিটত ২৫ খবৰ…

১৭. হিমাচলপ্ৰদেশথ পুনৰ ৫৩৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১৫জনৰ মৃত্যু।

১৮. ৰাজস্থানত পুনৰ ৫৩৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১০০৭৯জন ৰোগী।

১৯. উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ বৃহস্পতিবাৰে উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত। শুকুৰবাৰে প্রধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব তেওঁ।

২০. উত্তৰাখণ্ডত পুনৰ ৩৮৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১৫জনৰ মৃত্যু।

১ মিনিটত ২৫ খবৰ…

২১. কেৰালাত পুনৰ ১৪৪২৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৩৫২৯৮জন ৰোগী।

২২. যোৱা ২৪ ঘন্টাত গোৱাত পুনৰ ৪১৩জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১৩জনৰ মৃত্যু।

২৩. দিল্লীত পুনৰ ৩০৫জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত এতিয়াও পজিটিভিটী ৰেট ০.৪১ শতাংশ।

১ মিনিটত ২৫ খবৰ…

২৪. যোৱা ২৪ ঘন্টাত অন্ধ্ৰপ্ৰদেশত পুনৰ ৮১১০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১২৯৮১জন লোক সুস্থ হয়।

২৫. অহা ১৪ জুনলৈ কৰ্ণাটকত বৃদ্ধি ল'কডাউনৰ সময়সীমা। এই কথা সদৰী কৰে ৰাজ্য চৰকাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in