ম্যানমাৰত সামৰিক বাহিনী বিমান দুৰ্ঘটনাঃ দেশখনৰ সৰ্বোচ্চ ধৰ্মীয় নেতা ভদন্ত কাৱিচাৰা আৰু ৬ সেনা বিষয়াসহ ১৩ জন নিহত…

ম্যানমাৰত সামৰিক বাহিনী বিমান দুৰ্ঘটনাঃ দেশখনৰ সৰ্বোচ্চ ধৰ্মীয় নেতা ভদন্ত কাৱিচাৰা আৰু ৬ সেনা বিষয়াসহ ১৩ জন নিহত…

ডিজিটেল সংবাদ, ৱাখাঃ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত বৃহস্পতিবাৰে পুৱা সংঘটিত সামৰিক বাহিনীৰ এক বিমান দুৰ্ঘটনাত দেশৰ বৌদ্ধধৰ্মৰ সৰ্বোচ্চ ধৰ্মীয় নেতা ভদন্ত কাৱিচাৰা আৰু ছয় গৰাকী শীৰ্ষ সেনা বিষয়াসহ মুঠ ১৩ গৰাকী লোক নিহত হৈছে । প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতিবাৰে পুৱা ৭ বজাত ন্যইপেডৰ বিমানবন্দৰ পৰা মান্দায়লৰ পিন অ' লৱিন বিমানবন্দৰলৈ জুণ্টা সামৰিক বিমানখনে শীৰ্ষ সেনা বিষয়াক লৈ উৰা মাৰিছিল । কিন্তু বৃহস্পতিবাৰে পুৱাৰে পৰা দি থকা বৰষুণ তথা প্ৰতিকূল বতৰৰ বাবে বিমানখনে ৮ বজাত অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে সংযোগ হেৰুৱাই বিমানবন্দৰৰ বিদ্যুতৰ খুঁটা প্ৰচণ্ড খুন্দা মাৰি তিনি টুকুৰা হৈ ভাগি পৰে ।

জানিব পৰা মতে, বিমানখনত ম্যানমাৰ জুণ্টা সামৰিক বাহিনীৰ চৰকাৰৰ ছয় গৰাকী শীৰ্ষ সেনা বিষয়া ক্ৰমে মেজৰ ময় হাটেট , কিয়াও ঝাও হটু, কেপ্তেইন মিনট ছয়ে , হেইন হাটেট , কাউঙ শ্বান উন আৰু লা মিন উন থিন আৰু দেশখন মহা উথিটাৰামা বৌদ্ধ বিহাৰৰ সৰ্বোচ্চ ধৰ্মীয় নেতা ভদ্দন্ত কাৱিচাৰা আছিল । একাংশ লোকে ম্যানমাৰ সেনা প্ৰধান মিন আঙ হ্লাঙো বিমানখনত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে । এই বিমান দুৰ্ঘটনাত দেশখন এগৰাকী শীৰ্ষ উদ্যোগপতি ৱিন ক'ক নিহত হয় ।

উল্লেখযোগ্য যে, দুগৰাকী ধৰ্মীয় গুৰু আৰু সেনা বিষয়াৰ দলটোৱে বৃহস্পতিবাৰে ম্যানমাৰ উদ্যোগপতি ৱিন ক'কৰ পত্নী লেয়ে লেয়ে ৱিনে পিন অ ৱলিনৰ কিউক হপয়াৰত দান দিয়া এটা নতুন বৌদ্ধ মন্দিৰ উদ্বোধন কৰিবলৈ গৈছিল । ম্যানমাৰৰ সামৰিক বাহিনীৰ চৰকাৰৰ দ্বাৰা পৰিচালিত টেলিভিছন চেনেল মায়াৱৰ্ডীয়ে এই খবৰ নিশ্চিত কৰিছে । অৱশ্যে সেনা প্ৰধান গৰাকী মৃত্যু হৈছেনে নাই সেয়া জানিব পৰা হোৱা নাই। উল্লেখযোগ্য দেশৰ সেনা প্ৰধান জেনেৰেল মিন আঙ হ্লাঙে কিছুদিন পূৰ্বে অভিধাজ মহা ৰাথে গুৰু নামেৰে পৰিচিত ম্যানমাৰ সৰ্বোচ্চ ধৰ্মীয় নেতা ভদন্ত কাৱিচাৰা গল্ডেন পেগুদা গৈ আশীৰ্বাদ গ্ৰহণ কৰি সমৰ্থন আদায় কৰিছিল । কিন্তু বৃহস্পতিবাৰে হঠাতে এনেদৰে জুণ্টা সামৰিক বাহিনীৰ চৰকাৰৰ ছয় গৰাকী সেনা বিষয়া সহ সৰ্বোচ্চ ধৰ্মীয় নেতাৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱাত চাঞ্চল্য সৃষ্টি হৈছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in