১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১) ভাৰতত মাংকিপক্সত আক্ৰান্ত হোৱা প্ৰথমগৰাকী ব্যক্তিৰ মৃত্যু হৈছে। কেৰালাৰ এই ব্যক্তিগৰাকী মাংকিপক্সত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পিছতে তেওঁ হাস্পতালত চিকিৎসাধীন হৈ আছিল। 

২)পতঞ্জলি বিশ্ববিদ্যায়লত পতঞ্জলি ৰিচাৰ্ছ ইনষ্টিটিউটৰ উদ্যোগত সোমবাৰৰ পৰা তিনিদিনিয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ভাৰতীয় আয়ুৰ্বেদৰ পৰম্পৰাগত ঔষধৰ ওপৰত এক আন্তৰাষ্ট্ৰীয় আলোচনাচক্ৰ ৷

৩)গোলাঘাটৰ মুৰফুলনী তিনিআলিত তীব্রবেগী উইংগাৰ দুৰ্ঘটনাগ্রস্ত।শিশু, মহিলা-পুৰুষকে ধৰি প্রায় ১৫গৰাকী লোক আঘাতপ্রাপ্ত।

৪)সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত দেশজোৰা প্ৰতিবাদী কাৰ্যসূচী সোমবাৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ নগাঁও জিলা সমিতিৰ আহ্বানত নগাঁও জিলাৰ দলংঘাট খণ্ড উন্নয়ন আৰু ৰহা চক্ৰ বিষয়া কাৰ্যালয়ত ৰূপায়ন কৰা হয়। 

৫) কামৰূপ জিলাৰ ছয়গাঁও আৰু বকো সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু অধ্যূষিত সামৰি লৈ গঠিত সাংবাদিকসকলৰ ঐক্যমঞ্চ গৰৈমাৰী-কালাতলী-সোণতলী চমুকৈ জি, কে, এছ প্ৰেছ ক্লাবৰ তৰফৰ পৰা অঞ্চলটোৰ অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ দাবীত সোমবাৰে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

৬)অসম চৰকাৰে ঘোষণা কৰিলে লোকসেৱা বঁটা।অসমৰ ১০ গৰাকী ৰাজ্যিক পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীলৈ এই বঁটা।জিলা পৰ্যায়ৰ ৮৯ জনলৈ কৰ্মদক্ষতাৰ ভিত্তিত এই বঁটা। ইয়াত তৃতীয়-চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীও আছে।

৭) অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে অসম সচিবালয় চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সন্থাই আয়োজন কৰা সন্থাৰ সদস্য পৰিয়ালৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

৮)কলিয়াবৰৰ অন্যতম সাহিত্যৰ অনুষ্ঠান কলিয়াবৰ সাহিত্য কাননৰ ৩৩ তম প্ৰতিষ্ঠা দিৱসটি সোমবাৰে হাটবৰস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।

৯) মাজবাটত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ প্ৰতিবাদ। অস্থায়ী কৰ্মচাৰীৰ চাকৰি স্থায়ীকৰণৰ দাবীত এই প্ৰতিবাদ। সোমবাৰে মাজবাট বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত বিদুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলে সাব্যস্ত কৰে এই প্ৰতিবাদ।

১০) বিশিষ্ট লেখক, গৱেষক ড০ প্ৰফুল্ল মহন্ত গুৰুতৰভাৱে অসুস্থ হৈ আছে। অসমীয়া সমাজ জীৱনৰ অন্যতম অভিভাৱক স্বৰূপ ড০ মহন্ত জটিল ৰোগত আক্ৰান্ত হৈ শয্যাশয়ী হৈ আছে ভেটাপাৰাত থকা বাসগৃহতেই।

১১) কমনৱেলথ গেমছত অসমৰ পৰা এটা পদক প্ৰায় নিশ্চিত হৈছে। সোমবাৰে অনুষ্ঠিত চেমি ফাইনেলত ভাৰতীয় মহিলা জাতীয় দলে লন বলত নিউজিলেণ্ডক পৰাস্ত কৰে।

১২) মধ্য প্ৰদেশত এখন চিকিৎসালয়ত হোৱা অগ্নিকাণ্ডত অতি কৰুণভাৱে ৮ জন লোকে প্ৰাণ হেৰুৱাইছে। জবলপুৰ নগৰৰ দমোহনাকা নামৰ ঠাইত থকা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় খনত এই অগ্নিকাণ্ড সংঘটিত হয়।

১৩) স্বাধীনতাৰ ৭৫ বছৰ জয়ন্তী,"আজাদী কা অমৃত মহোৎসব"উপলক্ষে দৰং জিলাৰ মঙলদৈ পৌৰসভাত ২৭ শ পতাকা বিক্ৰীৰ বাবে প্ৰস্তুতি কৰে ।১৩,১৪আৰু১৫ আগষ্টত দেশজুৰি স্বাধীনতা উৎসৱ উদযাপন কৰা ব্যৱস্থা কৰা হৈছে ।

১৪) সোমবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰত্যাহাৰ কৰিলে ৪ কংগ্ৰেছী সাংসদৰ নিলম্বন । সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে নিলম্বন প্ৰত্যাহাৰ সন্দৰ্ভত এক প্ৰস্তাৱ উত্থাপন কৰাৰ পিছতে অধ্যক্ষ ওম বিৰলাই ৪ কংগ্ৰেছী সাংসদ মণিকাম ঠাকুৰ, ৰাময়া হৰিদাস, এছ জথিমানী আৰু টি এন প্ৰথাপনৰ নিলম্বন প্ৰত্যাহাৰ কৰে ।

১৫)শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে মিছন ভূমিপুত্ৰ প'ৰ্টেলৰ। 

১৬) নৰ বাবে দক্ষিণ শালমাৰা মানকাচৰ জিলাত স্থগিত ৰখা হৈছিল গুণোৎসৱৰ কাৰ্যসূচী । স্থগিত ৰখোৱা উক্ত কাৰ্যসূচী অহা ৩ আগষ্টৰ পৰা ৬ আগষ্টলৈ পুনৰ অনুষ্ঠিত কৰিবৰ বাবে জিলা প্ৰশাসনে শিক্ষা বিভাগৰ জৰিয়তে এক কাৰ্যসূচী গ্ৰহণ কৰিছে।

১৭) প্ৰাণৰ ভয়ত দিন কটাইছে বলিউডৰ ছুপাৰষ্টাৰ ছলমান খানে। প্ৰাণ ৰক্ষাৰ বাবে ছলমানে বিচাৰিছে নিজৰ লগত অস্ত্ৰ ৰখাৰ অনুমতি। ইয়াৰ পিছতে ছলমানে লাভ কৰিছে অস্ত্ৰ ৰখাৰ অনুমতিও।

১৮) পেট অৰ্থাৎ 'আছাম পলিটেকনিক এডমিশ্যন টেষ্ট' ২০২২ৰ ফলাফল ঘোষণা কৰা হ'ব ২ আগষ্ট ২০২২, মঙ্গলবাৰে। এই কথা টুইটাৰযোগে ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৱে।

১৯) ১ আগষ্ট সোমবাৰৰ পৰা পূৰ্বৰ সকলো অভিলেষ ভংগ কৰি একে দিনাই ৪ টকাকৈ বৃদ্ধি কৰা হৈছে গাখীৰৰ মূল্য। এই সিদ্ধান্ত বৃহত্তৰ গো-পালক সন্থাৰ। উল্লেখ্য যে পূৰ্বে ১টকা ২টকাকৈ বাঢ়ি গাখীৰৰ মূল্য হৈছিলগৈ ৫৬ টকা।

২০)  সোমবাৰে পুৱা ২ বজাত মণিপুৰৰ পশ্মিম ইম্ফলৰ বাবুপাৰাস্থিত চিআইডিৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সুত্ৰপাত হৈছিল বুলি অনুমান কৰা হৈছে । পৰৱৰ্তী সময়ত ঘটনাস্থলিত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে ।

২১) অসমৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক তথা পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লক্ষ্মী প্ৰসাদ দেৱ গোস্বামীৰ আজি এক আগষ্টৰ পুৱা ৫ বজাৰত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুবৰণ কৰে। 

২২) অমিত শ্বাহ নহয়, নৰেন্দ্ৰ মোডীয়েই হ'ব ২০২৪ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ। এই কথা ঘোষণা কৰিলে অমিত শ্বাহে নিজেই। 

২৩)বটদ্ৰৱা বিধান সভা সমষ্টিৰ দলংঘাটত সোমবাৰে  "নতুন মডেল মহিলা মহাবিদ্যালয়"ৰ আধাৰশিলা স্থাপন কৰা হয়।

২৪)  শিৱসাগৰ জিলাৰ প্ৰাক্তন শিক্ষা বিষয়া হেমচন্দ্ৰ চেতিয়া দেওবাৰে দিনৰ প্ৰায় ১ বজাৰ পৰা সন্ধানহীন হৈ আছে। 

২৫)সংসদৰ বৰ্ষাকালীন অধিৱেশনত মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিৰোধী সাংসদ সকলৰ প্ৰতিবাদৰ মাজতে সোমবাৰে হ্ৰাস পালে ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য । দেশত সোমবাৰৰ পৰা ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৩৬ টকা হ্ৰাস পাইছে ।  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in