লুণ্ঠন, ৰাজনীতি এৰি অসম সাহিত্য সভা পুনৰ হ’বনে অসমীয়াৰ স্বাভিমান…

লুণ্ঠন, ৰাজনীতি এৰি অসম সাহিত্য সভা পুনৰ হ’বনে অসমীয়াৰ স্বাভিমান…

সমাগত অসম সাহিত্য সভাৰ নিৰ্বাচন। পৰৱৰ্তী নিৰ্বাচনৰ সভাপতি পদৰ প্ৰাৰ্থীৰ বাবে নাম পোহৰলৈ আহিছে বিশিষ্ট সাহিত্যিক য়চে দৰচে থংচিৰ নাম। আনহাতে সভাপতি পদৰ আন এগৰাকী প্ৰাৰ্থী হৈছে বিত্তীয় কেলেংকাৰীত নাম সাঙোৰ খোৱা জগদীশ পাটগিৰিৰ নাম। অসমীয়াৰ আৱেগ জড়িত হৈ থকা অসম সাহিত্য সভালৈ ভাল দিন আহিবনে? এই সন্দৰ্ভত বৰষা শৰ্মাৰ এক বিশেষ প্ৰতিবেদন…

বিভিন্ন সময়ত বিতৰ্কৰ মাজত থকা অসম সাহিত্য সভাৰ বাবে যেন আজি আহিল ভাল খবৰ। পূৰ্বতে অসম সাহিত্য সভাৰ প্ৰতি অসমৰ ৰাইজৰ যি আৱেগ,হেঁপাহ, স্বাভিমান আছিল সেয়া এতিয়া নাই। অসমীয়া জাতীয় জীৱনৰ অভিভাৱক স্বৰূপ এই সাহিত্য সভাক লৈ বহুতে হেতালি খেলি এই অনুষ্ঠানটি প্ৰায় দুৰ্বল কৰি পেলালে।

২৮ জুলাই, ২০২২ ত শিৱসাগৰৰ যুৱদলত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহত সভা। এই সভাতেই সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি, প্ৰধান সম্পাদক তথা আন বিষয়া সকলক নিৰ্বাচিত কৰিবলৈ ড০ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন ৩ জনীয়া কমিটী গঠন কৰা হৈছিল ।

সাহিত্য সভাৰ সংবিধান অনুসৰি এজন ব্যক্তিয়ে দুটা কাৰ্যকালতকৈ অধিক কাল সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিব নোৱাৰে। কিন্তু এই কাৰ্যনিৰ্বাহকতে বৰ্তমানৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাক পৰৱৰ্তী সম্পাদক হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুমতি দিয়া হ'ল।অৰ্থাৎ তেওঁ নিৰ্বাচনত জয়ী হ'লে ৫ বছৰ কাৰ্যনিৰ্বাহ কৰিব কিয়নো তেওঁ ইতিমধ্যে ৩ বছৰ কাৰ্যনিৰ্বাহ কৰিছে।

বৰ্তমান অসম সাহিত্য সভাৰ কোনো সংবিধান নাই বুলি ক'বই পাৰি।শেহতীয়াকৈ  পাঠশালা অধিৱেশনত সংবিধান সংশোধন কৰি নতুন সংবিধান গ্ৰহণৰ অনুমোদন জনাইছিল প্ৰতিনিধি সভাই কিন্তু আজি পৰ্যন্ত ছপা নহ'ল সংবিধান।

অন্যহাতে অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হ'ব য়চে দৰচে থংচি। বিশিষ্ট সাহিত্যিক গৰাকীয়ে আজি এই ঘোষণা কৰাত যেন বহুতৰ মনলৈ অসম সাহিত্য সভাৰ বাবে এক আশাৰ সঞ্চাৰ হৈছে। মানুহৰ মাজৰ পৰা অসম সাহিত্য সভাৰ প্ৰতি আস্থা নোহোৱা হ'বৰ সময়তে এয়া এক শুভ সংকেত।

থংচিয়ে জনোৱা মতে ইয়াৰ পূৰ্বেও তেওঁ কেইবাবাৰো এই প্ৰস্তাৱ লাভ কৰিছিল যদিও নাকচ কৰি আহিছিল। অৱশেষত তেওঁ সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অন্যহাতে সভাপতি পদৰ প্ৰাৰ্থীৰ বাবে আগবাঢ়ি আহিছে জগদীশ পাটগিৰি।এই গৰাকী ব্যক্তিয়ে যেতিয়া অসম সাহিত্য সভাৰ সম্পাদক আছিল সেই সময়ত সভাপতিয়ে তেওঁৰ বিৰুদ্ধে গোচৰ দিব লগীয়া পৰিস্থিতি আহি পৰিছিল। বহু বিত্তীয় কেলেংকাৰীত নাম সাঙোৰ খাইছিল আৰু সেই জগদীশ পাটগিৰিয়েই সভাপতি পদৰ প্ৰাৰ্থীৰ বাবে আগবাঢ়ি আহিছে।

যদি সঁচা অৰ্থত অসম সাহিত্য ৰক্ষা কৰা প্ৰয়োজন তেন্তে যাদৱ শৰ্মা, জগদীশ পাটগিৰি আদিৰ দৰে মানুহক চিনি পোৱাটো প্ৰয়োজন। এই দায়িত্ব আছে সাহিত্য সভাৰ ৫০০ খন শাখা সমিতিৰ ওপৰত। এই শাখা সমিতি সমূহে যদি সাহিত্য সভা ৰক্ষা নকৰে তেন্তে ভৱিষ্যতে সাহিত্য সভাৰ কোনো স্থিতি নাথাকিব।

 উল্লেখ্য যে, কিছুদিন পূৰ্বে শিৱসাগৰত অনুষ্ঠিত কাৰ্যনিৰ্বাহকত তাত উপস্থিত থকা ২৮০ ৰো অধিক ব্যক্তি যাদৱ শৰ্মাৰ পক্ষত থিয় দিছিল। অন্যহাতে মূল কাৰ্যনিৰ্বাহকৰ ৯৯ গৰাকী সদস্যই অনুমতি দিব লাগে যদিও তাত উপস্থিত আছিল প্ৰায় ৭৫ গৰাকী কাৰ্যনিৰ্বাহক।

উক্ত দিনটোত সাহিত্য সভাৰ সভাপতি কুল শইকীয়াই গোপন বেলটৰক জৰিয়তে সিদ্ধান্ত ল'ব পৰাৰ ব্যৱস্থা আছিল যদিও সেয়া তেওঁ নকৰিলে। বৰ্তমান সাহিত্য সভা তেনেকৈ চলিছে।

 উল্লেখ্য যে, যাদৱ শৰ্মাৰ বিৰুদ্ধেও আছে বহু বিত্তীয় কেলেংকাৰীৰ অভিযোগ। সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই ভ্ৰমণৰ নামত জমা দিছিল ১৮ লাখ টকাৰ বিল। অভিযোগ মতে শৰ্মাৰ তেজপুৰৰ পৰা গুৱাহাটীলৈ আঁহোতে ৯৫০০ টকা আৰু যাঁওতে ৯৫০০ টকাকৈ খৰচ হৈছিল।

যোৱা ৪ মাহতো একেই বিত্তীয় কেলেংকাৰী পোহৰলৈ আহিছিল আৰু অভিযোগ উত্থাপন হৈছিল শৰ্মাৰ বিৰুদ্ধে। ভ্ৰমণৰ নামত কেইবালাখ টকাৰ বিল তেওঁ দিছিল যদিও এই সন্দৰ্ভত চোৱা-চিতা কৰিবলৈ গঠন হোৱা কমিটি খনে ৭০ হাজাৰ মান টকাহে তেওঁৰ প্ৰাপ্য বুলি কৈছিল।

সাহিত্য সভা বৰ্তমান এনেকৈয়ে চলি আছে। একাংশ ক্ষমতালোভী লোকৰ বাবে সাহিত্য সভা হৈ পৰিছে সোণৰ কণী পৰা হাঁহ। সেইবাবে একাংশই সাহিত্য সভাৰ পদ এৰি দিবই নিবিচাৰে। তেওঁলোকৰ বাবে সাহিত্য সভা টকা ঘটাৰ থল।

পুনৰ অসম সাহিত্য সভাত বৰ্তমান চলিছে নিৰ্বাচনৰ বতৰ। বিভিন্ন লুণ্ঠন, বিতৰ্কৰ মাজতেই অসম সাহিত্য সভাৰ বাবে এক শুভ লক্ষণ দেখা দিছে। য়চে দৰজে থংচিৰ দৰে এগৰাকী ব্যক্তি আগবাঢ়ি আহিছে সভাপতি পদৰ প্ৰাৰ্থীৰ বাবে।

এই সময় খিনিৰ সুযোগ ল'ব লাগে সাহিত্য সভাৰ  ৫০০ টা শাখাই। এই শাখ সমূহৰ দায়িত্ব এতিয়া অধিক। তেওঁলোকে দায়িত্ব ল'ব লাগিব অসম সাহিত্য সভাৰ। পূৰ্বে বিত্তীয় কেলেংকাৰীত নাম সাঙোৰ খোৱা জগদীশ পাটগিৰি যদি আকৌ সভাপতি হয় তেন্তে পুনৰ ধ্বংসৰ গৰাহলৈ গতি কৰিব অসম সাহিত্য সভা।

তদুপৰি থংচি এগৰাকী বহি ৰাজ্যৰ লোক। য়চে দৰচে থংচি সভাপতি হ'লে অসম-অৰুণাচলৰ বাবেও এক শুভ সংকট।এগৰাকী সাহিত্যিকে কেইবাটাও দশক ধৰি অসমীয়া সাহিত্যৰ অনুষ্ঠান বা বৌদ্ধিক জগত খনৰ সৈতে তেওঁ সম্পৰ্ক ৰক্ষা কৰি আহিছে।গতিকে তেওঁ ক একান্তই যোগ্য ব্যক্তি বুলি ক'ব পাৰি।

গতিকে পৰৱৰ্তী সময়ত দেখা যাব কোন পিনে গতিকে কৰে অসমীয়াৰ আৱেগ, স্বাভিমান জড়িত হৈ থকা অসম সাহিত্য সভা। এই অনুষ্ঠানটিৰ প্ৰতি পূৰ্বৰ আৱেগ অনুমতি ঘূৰাই আনিবলৈ হ'লে ইয়াৰ বাবে বাহিৰ কৰিব লাগিব লুণ্ঠন ৰাজ চলোৱা আৰু লবী কৰা সকলক। সাহিত্য সভাক ধ্বংস হ'বলৈ দিব নোৱাৰি। পূৰ্বে সাহিত্য চৰ্চাৰ যি পৰিৱেশ আছিল সেই পৰিৱেশ ঘূৰি অহাটো অত্যন্ত প্ৰয়োজন।

কিন্তু ৰাজনীতিয়ে লেতেৰা কৰে ভালতকৈ ভালৰ অনুষ্ঠান। বৰ্তমান সাহিত্য সভাতো চলে ৰাজনীতি। বহুতে ৰাতিৰ ভিতৰতে শাখা গঠন কৰি প্ৰাৰ্থী জয় কৰি থকাৰ ঘটনাও ঘটিছে। উল্লেখ্য যে,সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদকৰ নিৰ্বাচনৰ বাবে মুঠ ৬৮৬ টা ভোট পৰে। অৰ্থাত ৬৮৬ খন সাহিত্য সভাৰ শাখা আছে।

কিন্তু সাহিত্য সভাত আচলতে ইমান শাখা নাই। বহু শাখা সাহিত্য সভা নিষ্ক্ৰিয় হৈ গৈছে। বৰ্তমানৰ সভাপতি কুলধৰ শইকীয়াই সেই নিষ্ক্ৰিয় অৰ্থাত ভুৱা শাখা সমূহ চিনাক্ত কৰিবলৈ এক উদ্যোগ লোৱাত এইবাৰ সাহিত্য সভাৰ নিৰ্বাচনত মুঠ ৫০০ টা ভোট হে পৰিব। এখন শাখা সক্ৰিয় হৈ থাকিবলৈ অতি ক'মেও ২৫ জন আজীৱন সভ্য, ৩ টা অনুষ্ঠান বছৰত পাতিব লাগে। এই ৰহস্য ভেদ হ'ল।

এতিয়া আশা মাথোঁ এটাই। অসম সাহিত্য সভাৰ লগতি জড়িত হৈ থকা ব্যক্তি সকলে উচিত সিদ্ধান্ত ল'ব। সাহিত্য সভাক ব্যক্তিগত সম্পত্তি হিচাপে ব্যৱহাৰ কৰাৰ সুযোগ নিদি প্ৰকৃত অৰ্থত ইয়াক সাহিত্য চৰ্চা আৰু ৰাইজৰ অনুষ্ঠান কৰি গঢ়ি তোলাৰ প্ৰয়োজন।

বৰ্তমান অসমত চলি আছে অসম চৰকাৰে লোৱা এক সিদ্ধান্তৰ ওপৰত অধিক সমালোচনা। চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি চৰকাৰী বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান আৰু গণিত বিষয়টো ইংৰাজীত পঢ়োৱা হ'ব। এই সন্দৰ্ভত বিভিন্ন লোক, দল সংগঠনে মাত মাতিছে যদিও এতিয়ালৈকে সৰৱ স্থিতি গ্ৰহণ কৰা দেখা যোৱা নাই।

অসম সাহিত্য সভা বা সাহিত্য সভাৰ সভাপতি গৰাকীৰ দায়িত্ব অধিক। এইবোৰ বিষয়ত তেওঁৰ স্থিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে। কিন্তু বিগত কেইবাবছৰ ধৰি অসম সাহিত্য সভাত চলি থকা বিষয় সমূহৰ বাবে চৰকাৰেও এনে অনুষ্ঠান সমূহৰ কণ্ঠক অৱজ্ঞা কৰা দেখা যায়। এয়াই সময়, অসম সাহিত্য সভা পুনৰ জী উঠাৰ। অসমীয়া ৰাইজৰ, সাহিত্য জগতৰ উন্নতিৰ প্ৰতীক হোৱাৰ প্ৰয়োজন সাহিত্য সভাৰ। নহ'লে লুণ্ঠন, ৰাজনীতি, ব্যক্তি বিশেষৰ মাজতেই সীমাবদ্ধ হৈ ৰ'ব অসম সাহিত্য সভা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in