কেএলঅ’ৰ নামত ধনদাবী! অশান্তি কৰিছে কোনে ?

কেএলঅ’ৰ নামত ধনদাবী! অশান্তি কৰিছে কোনে ?

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ জিলা আৰু ইয়াৰ সীমান্তৱৰ্তী অঞ্চলসমুহত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ধন দাবীৰ ঘটনা । কেএলঅ'ৰ নামত ইতিমধ্যে বিভিন্ন ঠিকাদাৰ , ব্যৱসায়ী, অনুষ্ঠান -প্ৰতিষ্ঠান আদিক ব্যাপক হাৰত ধনদাবী কৰা হৈছে । কেএলঅ' ৰ নামত ধনদাবী পত্ৰ প্ৰেৰণ কৰাৰ উপৰিও ফোন যোগেও ধন আদায় নিয়াৰ নিৰ্দেশ হৈছে ।

বছা বছা কিছুমান ব্যৱসায়ীক ফোন যোগে কোৱা হৈছে যে আপুনি কমতাপুৰত থাকিবলৈ হ'লে কেএলঅ'ক মাটিৰ ভাড়া দিব লাগিব । মাটিটো আপোনাৰ নামত থাকিব পাৰে কিন্তু সেই মাটি ঐতিহাসিকভাৱে কমতাপুৰৰ আৰু ধন আদায় অবিহনে বিষম পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুুলিও সকীয়নি প্ৰদান কৰিছে কেএলঅ'ই । আনহাতে ফোন যোগে দিয়া ভাবুকিৰ পিছতে বিভিন্ন ঠিকাদাৰ , ব্যৱসায়ী ত্ৰস্তমান হৈ পৰিছে ।

ইপিনে কেএলঅ'ৰ হঠাৎ উত্থানত লৈ ৰহস্যৰ সৃষ্টি হৈছে । বছৰ বছৰ ধৰি নিস্ক্ৰিয় হৈ থকা কেএলঅ'ই শেহতীয়াভাৱে যথেষ্ট সক্ৰিয় হৈ পৰাৰ উপৰিও নিত্য নতুন ল'ৰাই কেএলঅ'ত যোগদান কৰি মাতৃভূমি উদ্ধাৰৰ বাবে কোচ-ৰাজবংশী জনতাক আহ্বান জনাইছে আৰু উক্ত ভিডিঅ'সমুহ ছছিয়েল মিডিয়াত আপলোড কৰিছে ।

যি সময়ত বিজেপি চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শুন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে তেনে সময়তে কিন্তু কেএলঅ'ই কুটাঘাতমুলক কাৰ্য , ধনদাবী , ভাবুকিত লিপ্ত হোৱা ঘটনাই বিশেষ তাৎপৰ্যৰ সৃষ্টি কৰিছে ।

কুটাঘাতৰ আৰত কোন ?

যোৱা ৪ জুনৰ সন্ধিয়া কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰী থানাৰ অন্তৰ্গত নাৰাবাৰীত সন্দেহযুক্ত কেএলঅ' সদস্যই গুলীচালনাৰে সুনীল মণ্ডল নামৰ এগৰাকী ব্যৱসায়ীক আহত কৰে । আৰক্ষীয়ে উক্ত ঘটনাৰ সতে জড়িত মূল অভিযুক্তক চিনাক্তকৰণ কৰিবলৈ সক্ষম হৈছে যদিও অদ্যপি কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই । অৱশ্যে আৰক্ষীয়ে উক্ত ঘটনাৰ আলম লৈ এগৰাকী মডেল সহিতে পাঁচজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰা পাঁচ অভিযুক্তক নিৰ্দোষী বুলি দাবী কৰি আজি কেএলঅ'ই সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰিছে । কেএলঅ'ৰ সহকাৰী তথ্য আৰু প্ৰচাৰ সচিব ডি এল কোচে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত আৰক্ষীয়ে আটক কৰা পাঁচ নিৰ্দোষীক ৪৮ ঘণ্টাৰ ভিতৰতে মুকলি কৰি নিদিলে অনিদিষ্টকালিন অসম বন্ধ ঘোষণা কৰা হব বুলি সদৰি কৰিছে ।

বিবৃতিত কেএলঅ'ৰ সহকাৰী তথ্য আৰু প্ৰচাৰ সচিব ডি এল কোচে কয় যে অসম আৰক্ষীয়ে মুল অভিযুক্ত কৰায়ত্ব কৰাত ব্যৰ্থ হৈছে আৰু ইয়াৰ পৰিবৰ্তে নিৰীহক গ্ৰেপ্তাৰ কৰিছে ।অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মডেল নৱনীতা বৰ্মনসহ সকলোকে মুক্তিৰ দাবী জনাই কেএলঅ'ই বিবৃতিত উল্লেখ কৰে যে অহা ৪৮ ঘণ্টাৰ ভিতৰত মুক্তি নিদিলে কেএলঅ'ই অনিদিষ্টকালিন অসম বন্ধ ঘোষণা কৰিব আৰু ইয়াৰ ফলত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হলে অসম আৰক্ষীয়ে দায়ী হব ।

আৰক্ষীৰ এক উচ্চপদস্থ সূত্ৰই সদৰি কৰা মতে কেএলঅ'ৰ অধ্যক্ষ জীৱন কোচৰ অজ্ঞাতে কেএলঅ'ৰ এটা গোটে কূটাঘাতমুলক কাম , ধনদাবী , ভাবুকি দি আছে । উক্ত বিপথগামী যুবকৰ দলটোৰ নেৰ্তৃত্ব দিছে পাৰ্থ প্ৰতিম বৰ্মন ওৰফে পাভেল ওৰফে বাপ্পাই । একাংশ ধনদাবী পত্ৰতো পাভেলৰ চহী প্ৰত্যক্ষ কৰা হৈছে । বিশেষ সূত্ৰটোৱে এইবুলিও উল্লেখ কৰে যিসময়ত কেএলঅ'ৰ অধ্যক্ষ জীৱন কোচৰ গোটটোৱে মূলসূঁতিলৈ ঘূৰি আহিবলৈ কুচকাৱাজ আৰম্ভ কৰিছিল তেনেসময়তে কেএলঅ'ৰ বৈদেশিক সচিব পাৰ্থ প্ৰতিম বৰ্মন ওৰফে পাভেল ওৰফে বাপ্পাই বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে । কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূবৰ সন্ত্ৰাসবাদী সংগঠনসমুহক মূলসূঁতিলৈ ঘূৰাই অনাৰ যি পদক্ষেপ আৰু প্ৰচেষ্ঠা হাতত লৈছে আৰু ইতিমধ্যে এনডিএফবিৰ কেউটা গোটেই মূলসূঁতিলৈ ঘূৰি আহিছে তেনেক্ষেত্ৰত কেএলঅ'ৰ ক্ষেত্ৰত সফল নোহোৱাত ৰহস্যৰ সৃষ্টি হৈছে ।

কেএলঅ'ৰ মধ্যস্থতাকাৰীৰ প্ৰচেষ্ঠা তথা বৰ্তমানৰ স্থিতি সন্দৰ্ভত বিশেষ জানিব পৰা হোৱা নাই যদিও বিশেষ সূত্ৰই সদৰি কৰা মতে পাৰ্থ প্ৰতিম বৰ্মন ওৰফে পাভেল মূলসূঁতিলৈ ঘূৰি আহিবলৈ মুঠেও ইচ্ছুক নহয় । কেএলঅ'ক মূলসূঁতিলৈ ঘূৰি আহিবলৈ কাষৰীয়া ৰাজ্যৰ বিজেপি বিৰোধী এখন চৰকাৰেও বিধিপথালি দিয়া বুলি বিশেষ সূত্ৰই সদৰি কৰিছে ।

ইফালে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা এক সংবাদমেলত জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই যোৱা ৪ জুনত সংঘটিত হোৱা গুলীচালনাৰ সমস্ত তথ্য আৰক্ষীৰ হাতত মজুত আছে বুলি সদৰি কৰিছে । কেএলঅ'ক তথ্য যোগান দিয়া সকলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু শান্তিময় পৰিৱেশ বিঘ্নিত কৰিব খুজিলে প্ৰশাসনে কাকো ৰেহাই নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে । আজিৰ সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰমে সুৰজিৎ সিং পানেছাৰ (সদৰ), এল ডংগেল (নিৰাপত্তা) , উপ আৰক্ষী অধীক্ষক পুনম পেগু উপস্থিত আছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in