ৰহস্যজনক দেৱাল লিখন কাণ্ডৰ অভিযুক্ত নুৰুল হক ইছলামক আটক

"ধুবুৰীৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে। দেৱালত লিখা ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছে নুৰুল হক ইছলাম নামৰ ব্যক্তিজনক। "

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ধুবুৰীৰ দেৱালত লিখা ব্যক্তিক গ্ৰেপ্তাৰ আৰক্ষীৰ

ধুবুৰীৰ দেৱালত লিখা ব্যক্তিক গ্ৰেপ্তাৰ আৰক্ষীৰ

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ তদাৰক কৰাৰ উদ্দেশ্যেৰে উপস্থিত হয় আইজিপি অখিলেশ কুমাৰ সিং। সাংবাদিকৰ আগত আইজিপি গৰাকীয়ে সদৰি কৰে যে, "ধুবুৰীৰ পৰিস্থিতি যথেষ্ট নিয়ন্ত্ৰণত। দেৱালত লিখা ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছে নুৰুল হক ইছলাম নামৰ ব্যক্তিজনক। ব্যক্তিজন মানসিক ভাৱে অস্থিৰ বুলি ধাৰনা কৰা হৈছে। মেডিকেল কৰিলেই সকলো ওলাই পৰিব" বুলিও মন্তব্য কৰে অখিলেশ কুমাৰ সিঙে।

Advertisment

শনিবাৰে নিশা দেৱালত লিখা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে  "লিখনিটো ৫ জুন তাৰিখেই লিখিছিল বুলি তথ্য লাভ কৰা হৈছে। ধুবুৰীৰ হনুমান মন্দিৰত নিষিদ্ধ মাংস উদ্ধাৰ কাণ্ডৰ লগত জড়িত এতিয়ালৈকে ৫০ জনক গ্ৰেপ্তাৰ ধুবুৰী আৰক্ষীৰ। অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে" বুলি মন্তব্য আইজিপি অখিলেশ সিঙৰ। ইফালে মূখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে গৰুৰ চোৰাং বেহা তথা গো বেপাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিব আৰক্ষীয়ে। নবীন বাংলা গোট সন্দৰ্ভত আইজিপি গৰাকীয়ে কয় যে - "সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।"  ধুবুৰীৰ নৱ নিযুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেৰ সৈতে এক দীঘলীয়া বাৰ্তালাপত অন্তত এনেদৰেই মন্তব্য কৰে আইজিপি অখিলেশ কুমাৰ সিঙে।

ইফালে উৰা বাতৰিত কাণ নিদিবলৈ আহ্বান ধুবুৰীৰ নৱনিযুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেৰ। ধুবুৰীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিয়েই ধুবুৰীবাসীক সুৰক্ষা দিয়াৰ আশ্বাস প্ৰদান কৰে নৱ নিযুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেই। কোনো সাধাৰণ লোকৰ যাতে হাৰাশাস্তি নহয় তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিব আৰক্ষীয়ে। বৰ্তমানে ধুবুৰীৰ আইন শৃংখলা পৰিস্থিতি ঠিকেই নিয়ন্ত্ৰণত আছে বুলি মন্তব্য কৰে লীনা দলেয়ে। তেওঁ যোগদান কৰাৰ পিছত এতিয়ালৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ অভিযোগ লাভ কৰা নাই। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা, পৰিঘটনাৰ খবৰ পালে আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীৰ। 
 

ধুবুৰী