অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ বড়াৰ মৃত্যু…

অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ বড়াৰ মৃত্যু…

ডিজিটেল সংবাদ, উত্তৰ লখিমপুৰঃ অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী তথা অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ আৰক্ষী অধীক্ষক প্ৰদীপ বড়াৰ সোমবাৰে পুৱতি নিশা প্ৰায় ৩.৪৫বজাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি হয়। উত্তৰ লখিমপুৰৰ চাৱতি পছুমনী গাঁৱৰ নিবাসী আছিল বড়া।

উল্লেখ্য যে, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা স্নাতক শিক্ষা সামৰি ছবছৰীয়া অসম আন্দোলনত জঁপিয়াই পৰিছিল তেওঁ। আৰু উক্ত দিনৰ গণ সংগ্ৰাম পৰিষদ আৰু আছুৰ দ্বাৰা ঘোষিত আন্দোলনৰ কাৰ্যসূচীসমূহৰ সফল ৰূপায়নত বড়াৰ আছিল উল্লেখযোগ্য ভূমিকা।

১৯৮৭চনত অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদত যোগদান কৰি ক্ৰমে দৰং, ধেমাজি, ডিব্ৰুগড় আদি জিলাত দক্ষতাৰে সেৱা আগবঢ়াইছিল প্ৰদীপ বড়াই। ইয়াৰ মাজতে কিছুদিন ডেৰগাঁৱৰ অসম আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰতো সেৱা আগবঢ়াইছিল তেওঁ।

যোৱা কিছুদিন ধৰি কোভিডত আক্ৰানত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল বড়া। আৰু অৱশেষত ৬২ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত বড়াই পুত্ৰ,  বন্ধু-বান্ধৱ সকলোকে ইহঃসংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in