মহামাৰী কাল কৰোনাৰ সময়তে মাজবাট বন বিভাগে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ…

মহামাৰী কাল কৰোনাৰ সময়তে মাজবাট বন বিভাগে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ…

ডিজিটেল, সংবাদ,ওৰাং: "গছ থাকিলেহে মানুহ থাকিব" এই আপ্ত বাক্যশাৰীক সাৰোগত কৰি মাজবাট বনবিভাগে ৰোপণ কৰিছে গছ পুলি। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰা আৰু পৃথিৱী সেউজীয়া কৰি ৰখাৰ উদ্দেশ্যৰে বৃক্ষ ৰোপণ কাৰ্যসূচী হাতত লৈছে মাজবাট আঞ্চলিক বন বিভাগে। প্ৰকৃতিক সেউজীয়া কৰি ৰাখি মানুহৰ লগতে জীৱ জন্তু সমূহো প্ৰকৃত সুখ সমৃদ্ধি লৈ জীয়াই থকাৰ লগতে অক্সিজেন প্ৰদানৰ বাবে বৃক্ষৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে মাজবাট আঞ্চলিক বন বিভাগে।

ইতিমধ্যে ওৰাঙৰ পৰা অৰুণাচল সীমান্তৰ চিকাৰীদাঙা লৈ অৰুণাচল সংযোগী পথৰ দুয়োকাষে থকা খালি ঠাই সমূহত মাবজাট আঞ্চলিক বন বিভাগে ৰোপণ কৰিছে বহু মূল্যবান গছৰ পুলি। অসম অৰুণাচল সংযোগী ৰূপা পথৰ দুয়োকাষে থকা খালী ঠাই সমূহত বন বিভাগে গছ পুলি ৰোপণ কৰি সেউজীয়া আৰু মনোমোহা কৰিব। তাৰ বাবে পথৰ দুয়োকাষে কেইবাটাও ভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপণ কৰিছে মাজবাট আঞ্চলিক বন বিভাগে।

ওৰাঙৰ পৰা অৰুণাচল সীমান্তৰ চিকাৰীদাঙা অঞ্চলৈ বন বিভাগে পথৰ দুয়ো কাষে থকা খালী ঠাই সমূহত ৰোপণ কৰিব গছ পুলি। এসপ্তাহ ধৰি মাজবাট বন বিভাগে অব্যাহত ৰাখিছে গছ পুলি ৰোপণৰ কাৰ্যসূচী। ইতিমধ্যে বন বিভাগে ওৰাঙৰ পৰা মাজবাটৰ লামাবাৰী অঞ্চললৈ পথৰ দুয়োকাষে থকা খালী ঠাই সমূহত গছ পুলি ৰোপণ কৰি সম্পূৰ্ণ কৰিছে। চেগুন, তিতা চপা, অৰ্জুন, জামু, কৃষ্ণচূড়া,ৰাধাচূড়া, আমলখি, শিলিখা, আম, তেতেলী আদিকে ধৰি বহু মূল্যবান গছৰ লগতে ফলমুলৰ পুলিও ৰোপণ কৰিছে মাজবাট আঞ্চলিক বন বিভাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in