Advertisment

মণিপুৰত পুনৰ AFSPA: এন বীৰেন সিঙৰ পদত্যাগ দাবী ক্ষোভিত মহিলা সংগঠনৰ

মানৱতাৰ বধ্যভূমিলৈ ৰূপান্তৰ হোৱা মণিপুৰলৈ শান্তি কেতিয়া ঘূৰিব সেয়া আজিৰ তাৰিখৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। দুই জনগোষ্ঠী কুকি আৰু মেইটেইৰ মাজত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষত ক্ষুদ্ৰ ৰাজ্যখনত পদে পদে এতিয়া মৃত্যুৰ কিৰিলী। 

author-image
Asomiya Pratidin
New Update
AFSPA ই মণিপুৰত চলি থকা সমস্যাৰ সমাধান নকৰে

ডিজিটেল ডেস্কঃ মানৱতাৰ বধ্যভূমিলৈ ৰূপান্তৰ হোৱা মণিপুৰলৈ শান্তি কেতিয়া ঘূৰিব সেয়া আজিৰ তাৰিখৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। দুই জনগোষ্ঠী কুকি আৰু মেইটেইৰ মাজত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষত ক্ষুদ্ৰ ৰাজ্যখনত পদে পদে এতিয়া মৃত্যুৰ কিৰিলী। 

যোৱা সোমাবাৰে কুকি বিদ্ৰোহী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত ১০ জনকৈ কুকি বিদ্ৰোহী নিহত হোৱাৰ পাছত একেদিনাই অপহৃত ৬ মহিলা, শিশুৰ মৃতদেহ শুকুৰবাৰে উদ্ধাৰ হৈছে। কেৱল সেয়াই নহয় পুনৰ মণিপুৰৰ বিষ্ণুপুৰ অঞ্চলত গুলীচালনাৰ আন এক ঘটনাৰো খবৰ আহিছে।

এনে পৰিস্থিতিৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পুনৰ পদত্যাগৰ দাবী উত্থাপন হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে মণিপুৰৰ ছয়খনকৈ আৰক্ষী থানাৰ অধীনস্থ এলেকাত AFSPA প্ৰয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে ৰাজ্যখনৰ বিভিন্ন মহিলা সংগঠনসমূহ ক্ষোভিত হৈ পৰিছে।

ৰাজ্যখনৰ AMKIL ৰ সভানেত্ৰী লৌৰেমবাম নগানবিয়ে নুপি সমাজৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি এই সন্দৰ্ভত কয়, ১৯৮০ চনৰ পৰা মণিপুৰত জাৰি কৰা AFSPA, ২০০৪ চনত সাতটা বিধানসভা খণ্ডক সামৰি গ্ৰেটাৰ ইম্ফল অঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল।কিন্তু এন বীৰেন সিঙৰ বাবেই ৰাজ্যখনলৈ পুনৰ এই কঠোৰ আইনখন ঘূৰি আহিল।

মণিপুৰৰ AMKIL ৰ উপৰিও  ECHAL, মাচা লেইমা, নুপি সমাজ, বিষ্ণুপুৰ অপুনবা নুপি লুপ, থৌবাল ইমা লুপ আৰু নংপোক লেইগাক নামৰ মহিলা সংগঠনসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰা এই সংবাদমেলত লৌৰেমবাম এনগানবিয়ে পুনৰ কয় যে, AFSPA পুনৰ ঘূৰি অহা বিষয়টোৱে ৰাজ্য চৰকাৰখনৰ দুৰ্বলতাক স্পষ্টকৈ তুলি ধৰিছে।

তেওঁ কয়, AFSPA ই মণিপুৰত চলি থকা বৰ্তমানৰ সমস্যাৰ সমাধান নকৰে। AFSPA ৰ সহায়ত মণিপুৰৰ লোকসকলক গ্ৰেপ্তাৰ কৰি বা হত্যা কৰিলেই সমস্যাৰ সমাধান নহয়।

মণিপুৰত বৰ্তমানৰ পৰিস্থিতিত AFSPA ৰ দৰে আইন প্ৰয়োগ কৰি জ্বলন্ত স্ফুলিংগত ইন্ধন যোগুৱাৰ দৰে কাৰ্য নকৰিবলৈয়ো সতৰ্ক কৰি দিয়ে।

এনগানবিয়ে মুখ্যমন্ত্ৰী এন বীৰেন সিঙক মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা শীঘ্ৰেই পদত্যাগ দাবী কৰি কয়, বীৰেণ সিঙে মণিপুৰৰ লোকসকলক সপৰক্ষা দিয়াত চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে। মণিপুৰত কি সংঘটিত হৈছে সেয়া সমগ্ৰ বিশ্বই দেখিছে।

Advertisment

 

মেইটেই কুকি মণিপুৰ এন বীৰেন সিং