/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ade67b59-3b08-4b04-ae93-eb17fd346530/manipur_26.jpg)
ইণ্টাৰনেট পুনৰুদ্ধাৰৰ পাছতে ভাইৰেল মণিপুৰৰ সন্ধানহীন দুই শিক্ষাৰ্থীৰ মৃতদেহৰ ফটো...
ডিজিটেল ডেস্কঃ সুদীৰ্ঘ চাৰি মাহৰ পাছত মণিপুৰত ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰ হোৱাৰ পাছতে পোহৰলৈ আহিছে দুই শিক্ষাৰ্থীৰ মৃতদেহৰ ছবি। বিগত জুলাই মাহতে নিখোঁজ হৈছিল এই দুই শিক্ষাৰ্থী।
দীৰ্ঘদিন ধৰি দুই শিক্ষাৰ্থী সন্ধানহীন হৈ থকাৰ পাছত ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰ হোৱাৰ পাছতে তেওঁলোক দুয়োৰে মৃতদেহৰ ছবি পোহৰলৈ আহিছে। এই সন্দৰ্ভত মণিপুৰ চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে যে, দুই শিক্ষাৰ্থীৰ এই মৃত্যুৰ ঘটনাৰ তদন্ত কৰিব ৰাজ্যৰ আৰক্ষী আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই।
কিন্তু ইয়াৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে, ইমান দিনে কিয় মণিপুৰ আৰক্ষীয়ে এই দুই শিক্ষাৰ্থীৰ সন্ধান দিব নোৱাৰিলে? উল্লেখ্য, যে পোহৰলৈ অহা দুখন ফটোৰ ভিতৰত দেখা গৈছে ১৭ আৰু ২০ বছৰীয়া দুই শিক্ষাৰ্থীক।
ইয়াৰে এখন ফটোত দুয়ো বহি থকাৰ বিপৰীতে আনখন ফটোত দুয়োৰে মৃতদেহ দেখা পোৱা গৈছে। মৃতদেহৰ পাছফালে অস্ত্ৰ হাতত লৈ ৰৈ আছে দুজন ব্যক্তি। এই দুখন ফটো ভাইৰেল হৈ পৰাৰ পাছতে পুনৰ মণিপুৰক লৈ দেশজুৰি চৰ্চা আৰম্ভ হোৱাৰ সমান্তৰালকৈ ঘটনাক সকলোৱে নিন্দা কৰিছে।
জানিব পৰা মতে জুলাই মাহতেই নিখোঁজ হৈছিল এই দুই শিক্ষাৰ্থী। দুয়োৰে সন্ধান বিচাৰি অভিযান চলোৱাৰ সময়ত স্থানীয় চিচি টিভি কেমেৰাত তেওঁলোক দুয়োকে দেখা পোৱা গৈছিল যদিও কোনো সন্ধান উলিয়াব পৰা নগৈছিল।
মেইটেই সম্প্ৰদায়ৰ এই দুই ছাত্ৰক বিদ্ৰোহীয়ে হত্যা কৰিছে বুলি অনুমান কৰা হৈছে।অৱশ্যে এই পৰ্যন্ত তেওঁলোকৰ হত্যাকাৰীক চিনাক্ত কৰিব পৰা নাই। মণিপুৰ প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি ভাইৰেল হোৱা ফটোৰ পাছফালে অস্ত্ৰলৈ ৰৈ থকা দুই দুৰ্বৃত্তক বিশেষ চাইবাৰ ফৰেনিছিক পৰীক্ষাৰ দ্বাৰা চিনাক্ত কৰাৰ ব্যৱস্থা কৰা হ’ব।
দুয়োখন ফটো সন্দৰ্ভত এক বিবৃতি জাৰি কৰিছে মণিপুৰ চৰকাৰে। বিবৃতিত তেওঁলোকে কৈছে, দুই শিক্ষীৰ্থীৰ মৃতদেহৰ ছবি পোহৰলৈ অহাৰ বিষয়টি ৰাজ্য চৰকাৰৰ দৃষ্টিলৈ আহিছে।
ৰাজ্যবাসীৰ ইচ্ছা অনুসৰি এই ঘটনাৰ তদন্ত চি বি আইৰ হাতত তুলি দিয়া হৈছে। ইয়াৰোপৰি ৰাজ্যৰ আৰক্ষীয়েও তদন্ত চলাই আছে। দুই দুৰ্বৃত্তৰ পৰিচয় উদ্ধাৰ কৰিবলৈ তদন্তকাৰীসকলে চেষ্টা অব্যাহত ৰাখিছে। সেয়েহে সৰ্বসাধাৰণক শান্ত হৈ থাকিবলৈ আহ্বান জনাইছে ৰাজ্য প্ৰশাসনে।
Also Read: অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ড০ চন্দন মহন্তই...