/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/MEGHALAYA-ELECTION.jpg)
ডিজিটেল সংবাদ, কৃষ্ণাইঃ মেঘালয় তুৰা লোকসভা সমষ্টিত ৰাতিপুৱা ৭ বজাৰ পৰা ভোটাৰ ৰাইজে হিলদ'ল ভাঙি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল ভোটকেন্দ্ৰ সমূহলৈ৷ উত্তৰ গাৰো পাহাৰ জিলাৰ মানিকগঞ্জৰ এটা ভোটকেন্দ্ৰত ভিৰ কৰা পৰিলক্ষিত হৈছে বহু লোক।
প্ৰখৰ ৰ'দকো নেওচি ৰাইজে শান্তিপূৰ্ণভাৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে৷ তুৰা সমষ্টিত প্ৰায় ৬ লাখ ভোটাৰে ইভিএম মেচিনত ভাগ্য নিৰ্ণয় কৰিব কংগ্ৰেছৰ প্ৰাৰ্থী ড৹ মুকুল চাংমা আৰু এন পিপিৰ প্ৰাৰ্থী আগাথা চাংমাক৷ দুয়োগৰাকী শক্তিশালী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে তুৰা সমষ্টিত৷