
ডিজিটেল ডেস্ক : আজি ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । ২৫ বছৰীয়া বামপন্থী শাসনৰ অন্ত পেলাই ২০১৮ চনত আৰম্ভ হৈছিল বিজেপিৰ শাসন । ত্ৰিপুৰাৰ ৬০ টা সমষ্টিৰ ৩৬.৭৪ লাখ লোকে এক পৰিৱৰ্তনৰ আশাত বিজেপিক জয়ী কৰাইছিল যদিও এতিয়াও সেই আশাতেই বন্দী ত্ৰিপুৰাৰ লোক ।
জনজাতিকৰণৰ সমস্যা, বহি: ৰাজ্যৰ লোকৰ আগ্ৰাসনে ধ্বংস কৰি পেলোৱা থলুৱা সকলৰ নায্যতা আদি বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত ত্ৰিপুৰা । ত্ৰিপুৰাৰ খিলঞ্জীয়া কক'-বৰক লোকসকলৰ জনসংখ্যা বৰ্তমান কেৱল ৩৫ শতাংশ । কিন্তু একে সময়তেই এই সকল লোকে বহি ৰাজ্যৰ লোকসকলৰ বিৰোধিতৰা কৰা বুলিও উলিওৱা এক প্ৰচাৰে সময়ে সময়ে সৃষ্টি কৰি আহিছিল বিভিন্ন বিক্ষিপ্ত ঘটনা ।
এইবাৰৰ নিৰ্বাচনৰ ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ একমাত্ৰ ভৰষা তিপ্ৰা মথাৰ সভাপতি প্ৰদ্যোত দেৱবাৰ্মা । আনহাতে, ত্ৰিপুৰাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মানিক সাহা আছে বিজেপিৰ নেতৃত্বত । মুখ্যমন্ত্ৰী গৰাকী সম্পূৰ্ণৰূপে বিশ্বাসী ত্ৰিপুৰাত বিৰোধীবিহীন চৰকাৰ গঠন কৰিবলৈ ।
মুঠ ৬০ খন আসনৰ ৫৫ খনতেই প্ৰতিদ্বন্দিতা আগবঢ়াব শাসনাধিষ্ঠ বিজেপি চৰকাৰে । আনহাতে বামপন্থী মিত্ৰজোটে আগবঢ়াব ৪৭ খন আসনত প্ৰতিদ্বন্দিতা আৰু ত্ৰিপা মথাই ৪২ খন আসনত । ইয়াৰ ওপৰিও কংগ্ৰেছে প্ৰতিদ্বন্দিতা আগবঢ়াব ১৩ খন আসনত ।
আজি ভোটাৰৰ হাতত ন্যস্ত ভৱিষ্যত । আজিৰ দিনটোৰ ওপৰত ভিত্তি কৰিয়েই আগন্তুক মাৰ্চ মাহৰ ২ তাৰিখে অন্ত পৰিব সকলো কল্পনা জল্পনাৰ । এতিয়া প্ৰশ্ন কাৰ হাতলৈ যাব ত্ৰিপুৰাৰ শাসনৰ বাঘজৰী ?