আত্মপ্ৰকাশ কৰিয়েই তিপ্ৰা মথাৰ চমকঃ মিত্ৰতা নহ'লে হ'ব প্ৰধান বিৰোধী...

আত্মপ্ৰকাশ কৰিয়েই তিপ্ৰা মথাৰ চমকঃ মিত্ৰতা নহ'লে হ'ব প্ৰধান বিৰোধী...
আত্মপ্ৰকাশ কৰিয়েই তিপ্ৰা মথাৰ চমকঃ মিত্ৰতা নহ'লে হ'ব প্ৰধান বিৰোধী...

ডিজিটেল ডেস্কঃ আত্মপ্ৰকাশ কৰিয়েই বৃহৎ শক্তি হিচাপে পৰিগণিত হৈছে তিপ্ৰা মথা পাৰ্টী। মুঠ ৪২ খন আসনত প্ৰতিদ্বন্দিতা আগঢ়াই এই পৰ্যন্ত ১২ খন আসনত বিজয় সাব্যস্ত কৰাৰ লগতে আন এখন আসনত আগবাঢ়ি আহিছে।

তিপ্ৰা মথাই পূৰ্বে ত্ৰিপুৰাক ধাৰাবাহিক ভাৱে শাসন কৰা বাওঁ দলকো অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। চি পি আই (এম) এ এই পৰ্যন্ত ৯ খন আসন লাভ কৰিছে। অন্য ২ খন আসনত আগবাঢ়ি আছে।

আগাবঢ়ি থকা ২ খন আসনত যদি বিজয় সাব্যস্ত কৰে তেনে দলটোৱে বিজয় সাব্যস্ত কৰা মুঠ আসনৰ সংখ্যা হ'বগৈ ১১ খন। আনহাতে কংগ্ৰেছে দখল কৰিছে ২ খন আসন। দলটো আন এখন আসনত আগবাঢ়ি আছে।

বিজেপিয়ে এই পৰ্যন্ত লাভ কৰিছে ৩০ খন আসন। ক্ষমতা দখলৰ বাবে দলটোক প্ৰয়োজন আন ১ খন আসনৰ। দলটো এতিয়াও আগবাঢ়ি আছে ২ খন আসনত।

আত্মপ্ৰকাশ কৰিয়েই তিপ্ৰা মথাৰ চমকঃ মিত্ৰতা নহ'লে হ'ব প্ৰধান বিৰোধী...
৫১ বাৰ উত্তৰ পূব ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in